“MAC TODAY” অনুষ্ঠান টি আজিৰ পৰা Website টো উপলব্ধ হব।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২ নং মূৰ্কংচেলেক পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কেমী আৰু জেলেম গাৱৰ ৰাইজে চিলে নদীৰ পাৰাপাৰৰ যাতায়তৰ ক্ষেত্ৰত আজি দীৰ্ঘদিনে ৰ্দুভোগ ভুগি আহিছে।
এই সন্দৰ্ভত মিচিং স্বায়ত্তশাসিত পৰিষদক দুখন নাৱৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছিল।
ৰাইজ তথা ছাত্ৰ ছাত্ৰী সকলৰ স্কুল, কলেজ, অফিছ, কমাৰ আদি যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পৰিষদৰ পুজিৰে নিৰ্মাণ কৰা দুখন নাওঁ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু পৰিষদৰ কাৰ্যবাহী সদস্য তথা ২ং মূৰ্কংচেলেক পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য নৰেশ্চ কুম্বাঙে কেমী ৰাইজক ৰাজহুৱা সভাৰ জৰিয়তে আনুষ্ঠানিক ভাৱে অৰ্পন কৰে।
আৰু সমষ্টিখনৰ স্থানীয় মাকৈ খেতিয়কসকলৰ বাবে পৰিষদে প্ৰদান কৰা অত্যাধুনিক প্ৰযুক্তিৰ মাকৈ কোৰোকা বিশেষ যন্ত্ৰ তথা (মেচিন) খন পৰিদৰ্শন কৰাৰ লগতে স্থানীয় উদ্যমী মাকৈ খেতিয়ক আৰু অন্যান্য কৃষিকৰ্মৰ লগত জড়িত খেতিয়ক সকলৰ সৈতে এক বিশেষ কৃষি বিষয়ক মত বিনিময় অনুষ্টানত অংশগ্ৰহন কৰি কৃষক ৰাইজৰ অভাৱ অভিযোগ সমূহ বুজ লয়।
মূৰ্কংচেলেক কৃষক ৰাইজে দীৰ্ঘদীনে সন্মূখীন হৈ অহা বনৰীয়া হাতীৰ উপদ্ৰপৰ লগতে বিভিন্ন চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈ থকা সমস্যাবোৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াক অৱগত কৰাই।
কৃষক ৰাইজৰ বিভিন্ন সমস্যা সমূহ পৰিষদৰ তৰফৰ পৰা সাধ্য অনুসৰি সমাধানৰ ব্যৱস্থা কৰা হব বুলি আশ্বাস প্ৰদান কৰে মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
দিনযোৰা কাৰ্যসূচীৰে ২নং মূৰ্কংচেলেক পৰিষদীয় সমষ্টি পৰিদৰ্শন কালত ২২ ২৩ বৰ্ষৰ বিত্তীয় পুজিৰে নিৰ্মাণ হব লগা এখন মুৰং ঘৰৰৰো নিৰ্মাণ কাৰ্য শুভ উদ্ধোধন কৰে।
উক্ত কাৰ্যসূচী সমূহত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদক আৰু সাধাৰণ সদস্য পদুম ৰায় ৰ লগতে স্থানীয় গনশক্তি, মিচিং জাতীয় সংগঠন ৰ কৰ্মকৰ্তা সকলে সহযোগীতা আগবঢ়াই।
R News India 24