বিশিষ্ট সমাজকৰ্মী, সাহিত্যিক ড° অনিমা গুহঃ

Spread the love

Assam July 29 :

ড° অনিমা গুহঃ

অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক, সাহিত্যিক পেঞ্চনাৰ, কাউন্সিল অৱ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছৰ পুল-অফিছাৰ আছিল।

তেওঁৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৬ মাৰ্চ তাৰিখে ধুবুৰী জিলাত

পিতৃৰ নাম গিৰিন্দ্ৰ মোহন দাস আৰু মাতৃৰ নাম নিহাৰীকা দাস

কোকৰাঝাৰ এল পি স্কুলতে তেওঁৰ স্কুলীয়া শিক্ষা আৰম্ভ কৰে।

তেখেতক দেউতাকে গীতাৰ শ্লোকবোৰ ঘৰতে মুখস্থ কৰাইছিল আৰু অৰ্থ ভাঙি দিছিল।

মাক আৰু মামাকে ৰবীন্দ্ৰ সংগীত শিকাইছিল।

১৯৪৭ চনত যোৰহাট চৰকাৰী ছোৱালী হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কটন কলেজত নাম ভৰ্তি কৰে।

১৯৪৯ চনত তেওঁ কটন কলেজৰ পৰা প্ৰথম বিভাগত আই এছচি আৰু ১৯৫২ চনত উদ্ভিদ বিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰে।

১৯৮০ চনৰ পৰা ১৯৮৪ চনলৈকে অনিমা গুহ “কাউন্সিল অৱ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছৰ” পুল-অফিছাৰ আছিল।

১৯৬০ চনত ড॰ অমলেন্দু গুহৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

বিয়াৰ পাছত ১৯৬২ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ নৃতত্ত্ব বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

বিশ্ববিদ্যালয়ে আগবঢ়োৱা Science Exhibition পুৰস্কাৰ লাভ কৰে।

১৯৭৫ চনত পুণা বিশ্ববিদ্যালয়ৰ পৰা বংশগতি বিষয়ত ডক্টৰেট পায়।

১৯৭৫ ৰ পৰা ১৯৭৮ চনলৈ কলকাতাৰ Anthropological Survey of India ত পষ্ট ডক্টৰেল ফেল’ হিচাপে কাম কৰে।

তাৰ পিছত Anthropological Survey of India আৰু কলকাতা বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগত চি অছ আই আৰ ৰ পোল অফিচাৰ আৰু ইউ জি চি ৰ ৰিচাৰ্ছ এছচিয়েট হিচাপে নিযুক্তি লাভ কৰে।

অনিমা গুহই তেওঁৰ কৰ্ম-জীৱন আৰম্ভ কৰিছিল শিক্ষকতাৰে।

 ১৯৫২ চনৰপৰা ১৯৬০ চনলৈ তেওঁ অভয়াপুৰী বালিকা হাইস্কুল আৰু ধুবুৰী বালিকা হাইস্কুলত শিক্ষকতা কৰিছিল।

অসমৰ নাৰীৰ অধিকাৰ প্ৰতিষ্ঠাৰ আন্দোলনৰ তেওঁ এগৰাকী গুৰিধৰোঁতা

গুৱাহাটীত ৫৫ গৰাকী নাৰী আৰু সামাজিক-সাংস্কৃতিক সংগঠন লগ-লাগি “নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ” নামৰ এটি অৰাজনৈতিক অনুষ্ঠান গঠন কৰে।

অনিমা গুহ এই সংঘৰ সভাপতি আছিল।

তেওঁৰ কাৰ্যকালত সংঘৰ কাম-কাজ যথেষ্ট চৰ্চালৈ আহিছিল।

গুহই নাৰীৰ হকে সদায় মাত মাতি আৰু কাম কৰি আহিছে।

অনিমা গুহ অসমীয়া খবৰ কাকতৰ নিয়মীয়া স্তম্ভলেখক আছিল।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

অসমীয়া সাহিত্যলৈ তেওঁ বহুতো অৱদান আগবঢ়াই থৈ গৈছে।

নাৰীকেন্দ্ৰিক লেখাৰ উপৰিও তেওঁ লিখা অন্যান্য কিতাপ সমূহ হ’ল :-
এমুঠি অভিজ্ঞতা, মানুহ চিত্ৰশালাত, সোঁতৰ বিপৰীতে
নীল আকাশৰ তলত, বিপন্ন প্ৰজাতি, তৃতীয় বিশ্ববাসিনীৰ আমেৰিকা দৰ্শন, জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি,
বাকীছোৱা জীৱন, তৃতীয় বিশ্ববাসিনীৰ দৃষ্টিত নাৰী আৰু সমাজ

তেওঁৰ অন্যান্য অনুবাদ গ্ৰন্থ সমূহ হৈছে :-
বঙালীৰ ইতিহাস (বঙালীৰপৰা অসমীয়ালৈ), পূৰ্বাঞ্চল চফৰ,নিৰ্বাচিত কলম, পৰিণীতা
তেওঁৰ স্বামী অমলেন্দু গুহৰ সৈতে যুটীয়াভাৱে তেওঁ চৈয়দ আব্দুল মালিকৰ উপন্যাস “সূৰুজমুখীৰ স্বপ্ন” বঙালী ভাষালৈ অনুবাদ কৰিছিল।

২০২১ চনৰ ২৯ জুলাই তাৰিখে গুৱাহাটীৰ আৰ্য হস্পিটেলত মৃত্যু হয়

তেখেতৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলী জনাইছোঁ।

 

 

R News India 24 ৰ বাতৰি নিয়মীয়াকৈ পঢ়ক আৰু নিয়মীয়াকৈ উপহাৰ লাভ কৰক। সবিশেষ জানিবলৈ R News India 24ত যোগাযোগ কৰক ধন্যবাদ।

 

News Editor সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *