এই ৰোগৰ ৰোগীয়ে দৈ গাখীৰ খাব নালাগে আৰু দৈ কিয় কেনেকৈ খালে কি কি ৰোগৰ পৰা বাছিব পাৰি?
দৈ গাখীৰঃ
আমাৰ অসমীয়া জলপান যেনে – বৰা চাউল, কোমল চাউল, চিৰা মুড়ি, ভজা চাউল, পিঠাগুৰি আদিৰ লগত দৈ অকন নহলে ভাল নালাগে নহয় নে?
তাতে আকৌ যদি ম’হৰ গাখীৰৰ দৈ কন পাই যাওঁ, উফ! সোৱাদেই বেলেগ।
আমাৰ সমাজত এতিয়াও সকামে-নিকামে, বিয়াই- সবাহে দৈ গাখীৰৰ জলপান এভাগ নলগালেই নহয়।
আমাৰ আকৌ আইতাক ৰাতিপুৱা আহাৰ হিচাপে দৈ গাখীৰৰ জলপান এবাতি লাগিবই জানে নে ?
মই আইতাক প্ৰায়ে সুধো কিয় নো পুৱাই পুৱাই দৈ গাখীৰৰ জলপান খোৱা।
তেতিয়া আইতাই কয়, আজিকালি প্ৰায় মানুহে জলপান খাই বেয়া পাই অৱশ্যে মইয়ো বেয়া পাওঁ।
আমাৰ দিনত ৰাতিপুৱা আহাৰ হিচাপে ঘৰৰ সকলোৱে দৈ গাখীৰৰ জলপান খোৱাৰ পৰম্পৰা আছিল।
তেতিয়া দিনত মানুহবোৰৰ বেছি বেমাৰ আজাৰ নাছিল, কিন্তু আজিকালি মানুহবোৰৰ কিমান বেমাৰ হয় দেখিছা নে বাৰু?
সঁচাকৈ, এৱা গাখীৰতকৈ দৈ গাখীৰ আমাৰ স্বাস্থৰ বাবে অধিক উপকাৰী।
দৈত প্রটিন আৰু কেলচিয়াম বেছি থাকে, যি ওজন নিয়ন্ত্রণত সহায়ক।
দৈত কেলৰিৰ পৰিমাণো কম।
দৈ ছালৰ বাবেও উপকাৰী।
দৈয়ে মুখৰ উজ্জ্বলতা বৃদ্ধি কৰে, মুখৰ পৰা টেনিং আৰু ময়লা দূৰ হয়।
ই শালমইনা, দাগসমূহ অতি সোনকালে নাইকীয়া কৰে।
আহকচোন জানো দৈৰ কি কি উপকাৰিতা আছেঃ
১/ গাখীৰতকৈ দৈত কেলছিয়াম আৰু ফছফৰাছৰ মাত্ৰা অতি বেছি বাবে শিশুৰ বাবে দৈ অতি উপকাৰী।
২/ দৈ সৰল, কোমল আৰু সহজেই হজমযোগ্য খাদ্য হোৱাৰ বাবে দুৰ্বল হজম শক্তি থকা ৰোগী আৰু শিশুৰ বাবে উত্তম আহাৰ বুলি কব পাৰি।
৩/ দৈয়ে গাৰ ছালৰ মসৃণতা বৃদ্ধিৰ লগতে আয়ুস বৃদ্ধিতো ইতিবাচক প্ৰভাৱ পেলায়। বৃদ্ধাৱস্থাত প্ৰতিদিনে কমেও ১৫০ মিলিগ্ৰামকৈ দৈ সেৱন কৰিলে দেহৰ ‘এণ্টিবডী’ অৰ্থাৎ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বৃদ্ধি ঘটে।
৩/ দৈৰ সৈতে নিমৰ পাত মিহিকৈ পিহি ছালৰ ৰোগ, খৰ আদিত লগালে সোনকালে খৰ নাশ হয়।
৪/ কলৰে সৈতে দৈ খালে মুখৰ ছালত সুফল পোৱা যায় আৰু সোনকালে মুখৰ ছাল এৰাই যোৱা ৰোগ নিৰাময় হয়।
৫/ টেঙা দৈৰে মূৰ (চুলি) ধুলে মূৰৰ উফি নাশ হয়।
দৈত কেলছিয়াম আৰু লেষ্ট্ৰিক এচিড প্ৰচুৰ মাত্ৰাত পোৱা যায়।
নিয়মিত ৰূপত ইয়াক সেৱন কৰিলে গাৰ ছালৰ কোমলতা বৃদ্ধি পায়।
৬/ দৈৰ লগত জালুক (মিহিকৈ পিহি) মিহলাই চুলি ধুলে চুলি ঘন, কোমল আৰু অধিক ক’লা হয়।
এতিয়া জানো আহক দৈ কেতিয়া খাব নালাগেঃ
১/ জ্বৰ হোৱা অৱস্থাত দৈ খাব নালাগে।
২/ মূৰৰ বিষ, ৰক্তপিত্ত, এলাৰ্জীক চাইনাচাইটিছ আদি ৰোগত ভোগা ব্যক্তিয়ে দৈ খাব নালাগে।
৩/ চেনিৰে সৈতে দৈ খাব নালাগে।
চেনিৰে সৈতে দৈ সেৱন কৰিলে উপকাৰিতাৰ মাত্ৰা হ্ৰাস পায়।
সেয়ে দৈ সদায় নিমখৰ সৈতে সেৱন কৰা উচিত।
৪/ ৰক্ত সম্পৰ্কীয় ৰোগত ভোগা ব্যক্তিয়ে সাধাৰণতে ৰাতিৰ ভাগত দৈ খাব নালাগে।
গতিকে দৈ খাওক আৰু সুস্থ থাকক।
News Editor Sangita Dutta ৰ প্ৰতিবেদন R News India 24