ভাৰতীয় জাতীয় পতাকাৰ জন্মদাতা পিঙ্গলি ভেংকয়া ।

Spread the love

পিঙ্গলি ভেংকয়াঃ

ভাৰতীয় স্বাধীনতা সংগ্ৰামী, ভূতত্ত্ববিদ, আধুনিক ভাৰতীয় জাতীয় পতাকাৰ জন্মদাতা।

তেখেতৰ জন্ম হৈছিল ১৮৭৬ চনৰ ২ আগষ্টত অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ মছলিপত্নম নামৰ ঠাইত।

তেওঁৰ পিতৃৰ নাম হনুমন্থাৰায়ুডু আৰু মাতৃৰ নাম ভেংকটানম্মা

স্কুলীয়া শিক্ষা গ্ৰহণ কৰি তেওঁ উচ্ছ শিক্ষাৰ বাবে কলম্বোলৈ গৈছিল।

দক্ষিণ আফ্ৰিকাত তেখেতে প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক লগ পাইছিল।

ভেংকয়াই স্বাধীনতা সংগ্ৰামৰ সৈতে অবিৰতভাৱে ভাৱে জড়িত আছিল।

তেখেতক হীৰক ভেংকয়া তথা কপাহী ভেংকয়া আদি নামেৰেও সম্বোধন কৰা হয়।

১৯০৬ চনৰ পৰা ১৯১১ চনলৈকে তেখেতে বিভিন্ন শস্যৰ ওপৰত গৱেষণা কৰে আৰু কম্বোডিয়া কটন নামৰ এবিধ কপাহৰ বিষয়ে পূৰ্ণ গৱেষণা প্ৰস্তুত কৰি উলিয়াই।

তেখেত এগৰাকী ভূতত্ত্ববিদ আছিল আৰু এই বিষয়ত ডক্টৰেট লাভ কৰিছিল।

তেওঁ অন্ধ্ৰপ্ৰদেশৰ হীৰাৰ খনি খনন কৰ্তৃপক্ষৰ সৈতেও জড়িত আছিল।

তেখেতে ১৯১৬ চনৰ পৰা ১৯২১ চনলৈকে ৫ বছৰকাল ৩০খন দেশৰ জাতীয় পতাকাৰ বিষয়ে গৱেষণা কৰাৰ অন্তত বৰ্তমানৰ ত্ৰিৰংগা পতাকাৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াই

এইগৰাকী গান্ধীবাদী নেতা ১৯৬৩ চনত অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত মৃত্যু হয়।

২০০৯ চনত তেখেতৰ সোঁৱৰণত ভাৰত চৰকাৰে এটি ডাক টিকট উন্মোচন কৰে।

তেখেতৰ জন্ম বাৰ্ষিকীত Rnewsindia24 পৰিয়ালে সশ্ৰদ্ধ প্ৰনাম জনাইছোঁ।

 

News Editor Sangita Dutta ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *