প্ৰথম অসমীয়া ভাষাৰ ৰঙীন কথাছবিৰ নিৰ্মাতা কমল নাৰায়ণ চৌধুৰী।
কমল নাৰায়ণ চৌধুৰীঃ
অসমৰ এগৰাকী চলচ্চিত্ৰ তথা সংগীত পৰিচালক, প্ৰথমখন অসমীয়া ভাষাৰ ৰঙীন কথাছবিৰ নিৰ্মাতা আছিল।
তেখেতৰ জন্ম হৈছিল ১৯১৬ চনৰ ২০ চেপ্তেম্বৰত গুৱাহাটীত।
তেখেতৰ পিতৃ নাম প্ৰসন্ননাৰায়ণ চৌধুৰী আৰু মাতৃ নাম হৰবালা।
১৯৩৬ চনত কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়।
তেখেতে পোনপ্ৰথমে কথাছবি জগতত ভৰি দিয়ে ১৯৪১ চনত ‘মনোমতী’ কথাছবিত সংগীত পৰিচালক হিচাবে।
তেখেতৰ পৰিচালিত প্ৰথম কথাছবিখন আছিল ১৯৪৬ চনত ‘বদন বৰফুকন’ ।
বহু বছৰ বিৰতিৰ মুৰত তেখেতে পুনৰ চলচ্চিত্ৰ জগতলৈ উভতি আহে।
১৯৭২ চনত ‘ভাইটি’ কথাছবি নিৰ্মান কৰে।
এইখনেই অসমীয়া ভাষাৰ প্ৰথমখন ৰঙীন কথাছবি।
তেখেতে অভিনয় কৰা কথাছবি সমূহত হ’ল :-
প্ৰতিধ্বনি, নিমিলা অংক, মুকুতা, মৰম, মন প্ৰজাপতি।
১৯৮৫ চনৰ ৩ আগষ্ট তাৰিখে তেখেতৰ মৃত্যু হয়।
অসমৰ চলচ্চিত্ৰ জগতত প্ৰথমখন অসমীয়া ৰঙীন কথাছবি ‘ভাইটি’ৰ নিৰ্মাতা হিচাবে তেখেত চিৰস্মৰণীয় ।
NE HYGIENE SOLUTIONS
SERVICES :- > Pest control Services
>House keeping Services
>Facility management
>Deep cleaning Services
>Supplying of Hygiene chemicals & Tools
>Marble polishing
>Sofa shampooing
>Glass cleaning
Phone No – 8861255323 / 9980130059
Email: Md@nehygienesolutions.com/Support@nehygienesolutions.com
Website : Nehygienesolitions.com
তেখেতৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলী জনাইছোঁ।
News Editor Sangita Dutta ৰ প্ৰতিবেদন R News India 24