পদিনাৰ এইকেইটা গুনৰ বিষয়ে আপুনি জানে নে? নিজেও জানক আৰু আনকো জনাওঁক।

Spread the love

আমাৰ সকলোৰে পৰিচিত এবিধ বনশাক পদিনা
আপোনালোকে ভাতৰ লগত বাৰু পদিনাৰ চাটনি অকন থাকিলে কেনে পাই ?

বিশেষকৈ, কেঁচা আমৰ লগত।
উফ! সোৱাদেই বেলেগ।

ই অকল সোৱাদবিশিষ্ট নহয়, পদিনাৰ বহুতো ঔষধি গুণ আছে।

ঠাই বিশেষে পদুনা বুলিও কয়।
পদিনাৰ পাতত কটু আৰু তিক্ত ৰস থাকে।

আমি সকলোৱে পদিনা খাওঁ বা খাই ভাল পাওঁ, কিন্তু ইয়াৰ উপকাৰিতা বিষয়ে হয়তো আমি বহুতে নাজানো।

গতিকে আজি আমি জানো আহক আমাৰ দেহৰ বাবে পদিনা কিমান উপকাৰী –

(১) পদিনাৰ ৰসৰ সৈতে মৌজোল মিহলাই সেৱন কৰিলে চৰ্দি,পানীলগা,জ্বৰ আদি ৰোগৰ পৰা উপশম পোৱা যায়।

(২) পদিনাৰ পাতত থকা সজীৱ ৰসে ক্ষয়ৰোগ,অষ্টমা আৰু শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগৰ বাবে উপকাৰী।

(৩) আপোনাৰ যদি কাহ হয়, তেন্তে চাহৰ লগত অকণমান নিমখ দি পদিনাৰ ৰস মিহলাই খালে আৰাম পোৱা যায়।

(৪) পদিনাৰ পাত পিহি মুখত লগালে শালমইনা, বিভিন্ন দাগ, মুখত পৰা বৰ্ধিত বয়সৰ চাপ আদি নোহোৱা হয়।

(৫) ৪-৫ টা পদিনাৰ পাত লৈ পানীত উতলাৱক আৰু পানীখিনি ঠাণ্ডা হোৱাৰ পাছত সেই পানী মুখত লৈ কুলকুলি কৰিলে মুখৰ দূৰ্গন্ধ আঁতৰ হয়।

(৬) চাহৰ লগত পদিনা পাত দি খালে ছালৰ বিকাৰ আৰু পেটৰ সকলো সমস্যা নাশ হয়।

মিচিং স্বায়ত্তশাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

(৭) পদিনাই বিষনাশক আৰু বীজাণু নাশক হিচাপেও কাম কৰে।
সন্তানক স্তনপান কৰোৱা মহিলাৰ কেতিয়াবা স্তন উখহি বিষাবলৈ ধৰে তেতিয়া পদিনা পাত পিহি পাতৰ ৰস খিনি সানিলে উখহা আৰু বিষ নোহোৱা হয়।

(৮) পদিনা খালে স্মৃতি শক্তি বাঢ়ে আৰু যিকোনো কাম কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে।

(৯) পদিনাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াত কেলচিয়াম, ফচফৰাচ আৰু ভিটামিন-B, C, D আৰু E যথেষ্ট পৰিমাণে পোৱা যায়৷

(১০)প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, কমকৈ প্ৰস্ৰাৱ হোৱা, মূত্ৰনলীৰ সংক্ৰমণ দূৰ কৰাত পদিনাৰ চৰবত উপযোগী৷ কৃমি হ’লে ৰাতিপুৱা খালী পেটত পদিনাৰ ৰস গৰম পানীৰ লগত মিহলাই খাব লাগে৷

NE HYGIENE SOLUTIONS

SERVICES :- > Pest control Services
>House keeping Services
>Facility management
>Deep cleaning Services
>Supplying of Hygiene chemicals & Tools
>Marble polishing
>Sofa shampooing
>Glass cleaning

Phone No – 8861255323/ 9980130059
Email: Md@nehygienesolutions.com/Support@nehygienesolutions.com
Website : Nehygienesolitions.com

আজিৰ পৰা আমাৰ এনেয়ে পৰি থকা মাটিকনত দুই এজোপা পদিনা ৰুই থওঁ আহক।

তাৰ পিছত সকলোৱে পদিনা লগাওক আৰু পদিনাৰ চাটনি খাই নিজক নিৰোগী কৰি ৰাখক।

 

News Editor Sangita Dutta ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *