বনগীতৰ স্ৰষ্টা, ‘বন কোঁৱৰ’ আনন্দিৰাম দাসৰ বিষয়ে আপুনি জানে নে ?
আনন্দিৰাম দাসঃ
অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, বনগীতৰ স্ৰষ্টা, বন গীতৰ ওজা উপাধি প্ৰাপ্ত আছিল।
তেওঁৰ জন্ম হৈছিল ১৯০৯ চনৰ ২ অক্টোবৰ তাৰিখে গুৱাহাটীৰ খাৰঘূলিত।
পিতৃৰ নাম খেলাইৰাম।
সৰুতেই পিতৃ মৃত্যু হোৱাত পেটৰ তাড়নাত তেওঁ কম্পোজিটৰ কামত সোমায়।
তেখেতে বনগীত গাই প্ৰসিদ্ধি লভিছিল।
নিজে গীত গোৱাৰ উপৰিও তেওঁ বহু সংখ্যক গীত লিখিছিল।
আনন্দিৰাম দেৱক “বনগীতৰ স্ৰষ্টা” বুলি কোৱা হয় ।
ত্ৰিশৰ দশকত অসমীয়া গীতি সাহিত্যক চহকী কৰাত তেওঁৰ যথেষ্ট অৱদান আছিল।
সেইসময়ৰ অসমীয়া সমাজক বঙালী গীত আৰু সংগীতৰ প্ৰভাৱৰ পৰা মুক্ত কৰি থলুৱা অসমীয়া গীতৰ প্ৰতি আকৰ্ষণ সৃষ্টি কৰাত আনন্দিৰাম দাসৰ গীতসমূহে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
বিভিন্ন ঠাইত গ্ৰামোফ’নত সহজে গান বজোৱা দেখি, তেখেতে গ্ৰামোফ’নৰ জৰিয়তে গীতৰ জনপ্ৰিয়তা সৃষ্টি কৰিবলৈ তেওঁৰ চাৰিটা গান ৰেকৰ্ড কৰিবলৈ গৈছিল।
যদিও নতুন প্ৰযুক্তিটো কেৱল কলিকতাত কাৰ্যকৰী আছিল, চাহিদা অনুসৰি সুলভ শ্বেলাক ৰেকৰ্ডৰ প্ৰতিলিপিবোৰ দ্ৰুততাৰে বিতৰণ কৰা হৈছিল।
১৯৪৬ চনৰ পৰা তেওঁৰ শিক্ষাৰ্থীসকলক ‘অল ইণ্ডিয়া ৰেডিঅ’, কলিকতা আৰু ১৯৪৮ চনৰ পৰা এ আই আৰৰ শ্বিলং-গুৱাহাটী ষ্টেচনত গান গোৱাবলৈ আৰম্ভ কৰিছিল আৰু অসমীয়া গীতৰ ক্ষেত্ৰত এক জাগৰণৰ সৃষ্টি কৰিছিল।
তেওঁ অসমীয়া চলচ্চিত্ৰ ‘বদন বৰফুকন’, ‘পাৰঘাট’, ‘লাচিত বৰফুকন’, ‘ভক্ত প্ৰহ্লাদ’ আদিৰ বাবে গীত লিখিছিল।
তেখেতে কেৱল বনগীতেই ৰচনা কৰা নাছিল।
তেওঁ আধুনিক গীত, দেশপ্ৰেমমূলক গীত, ভক্তিমূলক গীতৰ উপৰিও ৰচিছিল দুই-এক ধেমেলীয়া গীত আৰু শিশুৰ গীত আদি ৰচনা কৰিছিল।
আনন্দিৰাম দাসে এহেজাৰৰো অধিক গীত ৰচিছিল৷
অসমীয়া আধুনিক গীতৰ নিজস্ব ধাৰাৰে অসমীয়া সাহিত্য-সংস্কৃতিলৈ অৱদান আগবঢ়াই থৈ গৈছে।
তেওঁৰ কবিতা পুথি দুখন হ’ল- অগ্নি আৰু দাবানল।
তেওঁ ৰচনা কৰা ছখন নৃত্য-নাটিকা সমূহ হ’ল :- বৰদৈচিলা, সেউজীয়া পাতে পাতে, কেঁচাসোণ ভৈয়ামত পায়, শৰত যেতিয়া আহে, কেতেকীৰ বিয়া আৰু কিৰীলি যেতিয়া মাৰে।
তেওঁ ৰচনা কৰা গীতি – আলেখ্য কেইখন আছিল – আমাৰ ভোগালী বিহু, ৰুণ-জুন, অকণিৰ জয় যাত্ৰা, তেজীমলা, গছে কথা কয় পাতে কথা কয় আৰু ৰংপুৰে ৰিঙিয়ায়৷
তেওঁ ৰচনা কৰা নাটকখন হ’ল :- ‘মোহন-মালতী’ ১৯৪৬ চনত কলিকতা অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰ হৈছিল৷
তেওঁৰ সামাজিক নাটক :- জীয়া জুই আৰু বিজুলী।
এখন শিশু নাটিকা হৈছে :- আদৰ্শ ঘৰ।
প্ৰকাশিত গীতৰ সংকলন হৈছে :- বিৰহী’ আৰু ‘সুৰ নিজৰা’ ।
তেওঁ ‘নন্দন’ আৰু ‘ৰক্তাঞ্জলি’ নামৰ আন দুখন গীতৰ পুথি লিখিছিল যদিও এই দুখন ছপা কৰা নহ’ল।
তেখেতক ১৯৩৭ চনত বহা অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনত শ্ৰেষ্ঠ গায়কৰূপে নিৰ্বাচন কৰা হৈছিল।
১৯৫৪ চনত গুৱাহাটীত অনুষ্ঠিত ‘ভাৰতীয় গণনাট্য সন্মিলন’ৰ বাৰ্ষিক অধিৱেশনত তেওঁ সাংস্কৃতিক বিভাগৰ সভাপতিত্ব কৰিছিল।
তেওঁ কিছুকাল গণনাট্য সংঘৰ অসম শাখাৰ উপ-সভাপতি ও আছিল।
গুৱাহাটীৰ ‘প্ৰগতি শিল্পী সংঘ’ই তেওঁক ১৯৫৯ ‘বন কোঁৱৰ’ আৰু ‘নিউ আৰ্ট প্লেয়াৰ্চে’ “বন গীতৰ ওজা” উপাধি প্ৰদান কৰিছিল।
NE HYGIENE SOLUTIONS
SERVICES :- > Pest control Services
>House keeping Services
>Facility management
>Deep cleaning Services
>Supplying of Hygiene chemicals & Tools
>Marble polishing
>Sofa shampooing
>Glass cleaning
Phone No – 8861255323/ 9980130059
Email: Md@nehygienesolutions.com/Support@nehygienesolutions.com
Website : Nehygienesolitions.com
১৯৬৯ চনৰ ৪ আগষ্টত আনন্দিৰাম দাসৰ মৃত্যু হয়।
এনে মহান ব্যক্তি সকলৰ জীৱন যাত্ৰা বা বিভিন্ন কাৰ্য্য সমূহৰ বিষয়ে জানি থাকিবৰ বাবে চাই নিয়মিয়াকৈ থাকিব www.Rnewsindia24.com
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24