জ্ঞানপীঠ বঁটা প্ৰাপ্ত প্ৰথমগৰাকী অসমীয়া, সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত, ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ।

Spread the love

ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যঃ

অসমৰ এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ, সাংবাদিক, জ্ঞানপীঠ বঁটা প্ৰাপ্ত প্ৰথমগৰাকী অসমীয়া লেখক, সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী প্ৰাপ্ত, জব্বলপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডি লিট উপাধি প্ৰাপ্ত,
বঙাইগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ সোণালী জয়ন্তী অধিবেশনৰ সভাপতি আছিল।

তেখেত জন্ম হৈছিল ১৯২৪ চনৰ ১৪ অক্টোবৰত চফ্ৰাই চাহ বাগিচাত

দেউতাকৰ নাম শশীধৰ ভট্টাচাৰ্য আৰু মাকৰ নাম আছিল আইদেউ ভট্টাচাৰ্য

তেওঁ চফ্ৰাই প্ৰাইমাৰী স্কুলত শিক্ষা আৰম্ভ কৰে।

তাৰ পিছত বীৰেন্দ্ৰকুমাৰ কাকজান এম.ই স্কুলত ভৰ্তি কৰে আৰু যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা ১৯৪১ চনত মেট্ৰিকুলেচন পাছ কৰে।

ভট্টাচাৰ্যই প্ৰৱেশিকা পৰীক্ষাত অসমীয়া, ভূগোল, বুৰঞ্জী আৰু সংস্কৃত বিষয়ত ‘লেটাৰ’ সহ প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল।

তাৰপিছত তেওঁ কটন মহাবিদ্যালয় ৰ পৰা বিজ্ঞান শাখাত ১৯৪৩ চনত উচ্চতৰ মাধ্যমিক আৰু ১৯৪৫ চনত স্নাতক ডিগ্ৰী লাভ কৰে।

বি এছ চি ডিগ্ৰী লাভ কৰি তেওঁ সাংবাদিকতা পঢ়িবলৈ কলিকতালৈ যায়।

১৯৫১ চনত বি এ আৰু ১৯৫৩ চনত প্ৰাইভেটকৈ গুৱাহাটী বিশ্ববিদ্যালয় ৰ পৰা অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

১৯৭৭ চনত, Humar and Satire in Assamese Literature গৱেষণা পত্ৰৰ বাবে ভট্টাচাৰ্যই “ডক্টৰেট ডিগ্ৰী” লাভ কৰে।

১৯৫৮ চনৰ ৬ জুন তাৰিখে বিনীতা ভট্টাচাৰ্যৰ সৈতে তেওঁ বিবাহ পাশত আৱদ্ধ হয়।

ভট্টাচাৰ্যই ১৯৪২ চনৰ স্বাধীনতা আন্দোলনত যোগদান কৰে।

তেখেতে ১৯৪৫-৪৬ চনত কলিকতাৰ পৰা প্ৰ্কাশিত অসমীয়া মাহেকীয়া কাকত বাঁহী আৰু ইংৰাজীAdvance’ কাকতৰ সহ সম্পাদক হয়।

১৯৪৭-৪৯ চনলৈকে গুৱাহাটীৰ পৰা ওলোৱা ‘দৈনিক অসমীয়া’ৰ সংবাদ-সম্পাদনা কৰে।

১৯৪৯-৫০ চনলৈকে সাপ্তাহিক ‘জনতা’ কাকতৰ সম্পাদকৰ দায়িত্ব গ্ৰহন কৰে।

১৯৫০-৫২ চনলৈকে মণিপুৰৰ উখ্ৰল হাইস্কুলত শিক্ষকতা কৰে।
১৯৫৩-৬৩ চনলৈকে মাহেকীয়া আলোচনী “ৰামধেনুৰ” সম্পাদক হয়।

১৯৬৩-৬৭ চনলৈকে সাদিনীয়া ‘নৱযুগ’ৰ সম্পাদক হয়।

১৯৬৭-১৯৮৩ চনলৈকে দৈনিক অসম, Assam Tribune, ধৰ্মযুগ, দিনমান, Indian Literature, Man and Developement আদি কাকতৰ সৈতে লেখক ৰূপে বিশেষভাৱে জড়িত হয়।

১৯৬৮ চনত প্ৰথম বাৰ ৰুছ দেশ ভ্ৰমণ কৰে।
১৯৬৮-৭৩ চনলৈকে Economic and Political Weeklyৰ সংবাদ-দাতা।

১৯৭০-১৯৮৩ চনলৈকে Assam Arts and Craft Society-ৰ সভাপতি হয়।

১৯৮২ চনত ভাৰতীয় লেখক সংস্থাৰ সভাপতি হয় আৰু জব্বলপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডি লিট উপাধি লাভ কৰে।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

১৯৮৩ চনত সাহিত্য অকাডেমিৰ উপ-সভাপতি হয়।

১৯৬১ চনত তেওঁৰ ‘ঈয়াৰুইঙ্গম‘ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।

১৯৭৯ চনত “মৃত্যুঞ্জয়” উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰে।

১৯৮৩ চনত অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনৰ সভাপতি হয়

তেখেতে অসমীয়া সাহিত্যলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে।

ভট্টাচাৰ্য সামাজিক বাস্তৱবাদী লেখকসকলৰ ভিতৰত অন্যতম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ লেখকসকলৰ ভিতৰত অন্যতম লেখক আছিল।

তেওঁৰ উপন্যাস সমূহ হৈছে :-
ৰাজপথে ৰিঙিয়ায়, নষ্টচন্দ্ৰ,
চিনাকি সুঁতি, মৃত্যুঞ্জয়, ঈয়াৰুইঙ্গম, প্ৰতিপদ, আই,
শতঘ্নী, পাৰিব্ৰাজক, চিনাকি সুঁতি, ডাইনী, ফুল কোঁৱৰৰ পক্ষী ঘোঁৰা, বুঢ়ী আইতাৰ পুৰাণ, বল্লৰী, এটি নিশা, ৰঙা মেঘ আদি।

গল্প-পুথি :-
খিৰিকী কাষৰ আসন, সাতসৰী, কলং আজিও বয়

কবিতাপুথি :- সান্ধ্যস্বৰ

ভ্ৰমণ কাহিনী :- সীমাই আমনি কৰে।

অনূদিত গ্ৰন্থ :
শৰৎ চন্দ্ৰৰ উপন্যাস পৰিণীতা, ডি ডি কোসাম্বীৰ ‘ভাৰতৰ ইতিহাস’

 

সাহিত্য-সংস্কৃতি বিষয়ক গ্ৰন্থ :
ডেৰশ বছৰৰ অসমীয়া সংস্কৃতিত এভূমুকি, সংবাদ সাহিত্য, মপিন উছৱ,
Humar and Satire in Assamese Literature.

নাটক (ৰেডিঅ’ নাট)শকুন্তলা, যজ্ঞ, মুক্তি, শতঘ্নী, মুখা, বিবেক, জোনালী, ভাৰতী, সোণৰ ভোগজৰা, খহনীয়া, টুৰটুফি, অহল্যা, বলিয়া বৰাগী

মঞ্চনাট – ব্ৰহ্মচাৰী
অন্যান্য গ্ৰন্থ :চীনত কি দেখিলোঁ, অসমীয়া সাহিত্যত হাস্যৰস, বাহিয়া যাত্ৰা

২০০৫ চনত Love in the Time of Insurgency নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ প্ৰকাশ পাইছিল।

NE HYGIENE SOLUTIONS

SERVICES :- > Pest control Services
>House keeping Services
>Facility management
>Deep cleaning Services
>Supplying of Hygiene chemicals & Tools
>Marble polishing
>Sofa shampooing
>Glass cleaning

Phone No – 8861255323/ 9980130059
Email: Md@nehygienesolutions.com/Support@nehygienesolutions.com
Website : Nehygienesolitions.com

১৯৯৭ চনৰ ৬ আগষ্টত ৭৩ বছৰ বয়সত তেখেতৰ মৃত্যু হয়

এনে মহান ব্যক্তি সকলৰ জীৱন যাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.Rnewsindia24.com

 

 সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *