আজি দেশে লাভ কৰিব এগৰাকী নতুন উপ-ৰাষ্ট্ৰপতি।

Spread the love

কেনেদৰে অনুষ্ঠিত হব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন ?

সবিশেষ এই প্ৰতিবেদনত ।

সংসদৰ দুয়োখন সদনৰ সদস্যই শনিবাৰে দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব।

এই পদৰ বাবে এন ডি এ ৰ প্ৰাৰ্থী জগদীপ ধনখাৰ আৰু বিৰোধী প্ৰাৰ্থী মাৰ্গাৰেট আলভাই ইতিমধ্যে মনােনয়ন দাখিল কৰিছে।

দুয়োখন সদনতে এন ডি এৰ শক্তিশালী স্থিতিৰ বাবে ধনখৰৰ বিজয় ইনিমধ্যে নিশ্চিত বুলি কব পাৰি ।

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন ত কোনে কােনে ভোট দিয়ে?

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যসভাৰ ২৩৩ জন নিৰ্বাচিত সাংসদ, ৰাজ্যসভালৈ মনোনীত ১২ জন সাংসদ আৰু লোকসভাৰ ৫৪৩ জন সাংসদে ভোটদান কৰিব পাৰে।

সৰ্বমুঠ ৭৮৮ জন লোকে এই নিৰ্বাচনত ভোট দিব পাৰে।
জম্মু-কাশ্মীৰ বিধানসভা ভংগ হোৱাৰ ফলত জম্মু আৰু কাশ্মীৰৰ চাৰিখন আসন বৰ্তমান ৰাজ্যসভাত খালী হৈ আছে।
একে সময়তে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ বাবে তাতাে এখন আসন খালী হৈ আছে।

বৰ্তমান নিৰ্বাচিত সদস্য সংখ্যা মাত্ৰ ২২৮ জন।
মনোনীত সাংসদসকলৰ তিনিখন আসন খালী হৈ আছে।

সেইবাবে এইবাৰ নিৰ্বাচনত মুঠ সদস্যৰ সংখ্যা হবগৈ 780 জন।
আজি পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ অব্যাহত থাকিব।

তাৰ পিছত ভোটগণনা কৰা হ’ব।
ফলাফল সন্ধিয়াৰ ভাগলৈ ওলাব।

নতুন উপ ৰাষ্ট্ৰপতিগৰাকী য়ে ১১ আগষ্টত শপত গ্ৰহণ কৰিব।

 

এতিয়ালৈকে পোৱা পৰিসংখ্যা অনুসৰি মাৰ্গাৰেট আলভাক কংগ্ৰেছৰ ৮৪ জন, ডিএমকেৰ ৩৪ জন, এনচিপিৰ ৯ জন, আৰজেডিৰ ৬ জন, সমাজবাদী পাৰ্টিৰ ৬ জন, টিআৰএছৰ ১৬ জন, আম আদমী পাৰ্টিৰ ১০ জন, জেএমএমৰ ৩ জন সদস্যই ভোট দিয়াৰ সম্ভাৱনা আছে।

দুয়োজন প্ৰাৰ্থীৰ বিষয়ে ক’বলৈ গ’লে 71 বছৰীয়া ধনখৰ এগৰাকী বিজেপি নেতা আছিল আৰু তেও ৰাজস্থানৰ জাট সম্প্ৰদায়ৰ এজন ব্যক্তি ।

উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱালৈকে তেওঁ পশ্চিম বংগৰ ৰাজ্যপাল আছিল।

একে সময়তে বিৰোধী প্ৰাৰ্থী কৰ্ণাটকৰ ৮০ বছৰীয়া মাৰ্গাৰেট আলভা এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী।

বৰ্তমানৰ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ কাৰ্যকাল ১০ আগষ্টত শেষ হ’ব।

 

বিশ্বজিৎ দত্তৰ প্ৰতিবেদন R News India 24

One thought on “আজি দেশে লাভ কৰিব এগৰাকী নতুন উপ-ৰাষ্ট্ৰপতি।

Leave a Reply

Your email address will not be published. Required fields are marked *