আপোনাৰ প্ৰিয় “চাহ” কাপে কি কি মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰে জানে নে?

Spread the love

চাহকাপঃ
পুৱাৰ চাহকাপৰ পৰাই দিনটোৰ আৰম্ভণি হয়।

আমাৰ প্ৰায় সকলোৰে চাহকাপ প্রিয়।
মোৰ আকৌ পুৱাই চাহকাপ নহলেই নহয়।

যেতিয়া আমি ভাগৰুৱা হৈ পৰো, তেতিয়া প্ৰথমে মনলৈ আহে একাপ চাহৰ কথা

মূৰৰ কামোৰণি, পানীলগা, ডিঙিৰ চেৰচেৰনি, বিষ আদিত চাহ কাপেই ভাল কৰে নহয় নে?

বিয়া-বাৰু, সকলো ধৰণৰ উৎসৱ-পাৰ্বণত, সকাম-নিকাম, অনুষ্ঠান-প্ৰতিষ্ঠান আদিত, মেল-মিটিঙত চাহকাপ নহলে ভালেই নালাগে।

গাঁৱলীয়া মানুহৰ আকৌ কামত ব্যস্ত হৈ থাকিলে সঘনাই চাহ খোৱাটো এটা অভ্যাস।

ঘৰলৈ আলহী আহিলেও চাহকাপ দিবই লাগে, নিদিলে ভালেই নালাগে।

মনত পৰিছে, কলেজৰ কেণ্টিনত লগৰবোৰ লগত আড্ডা মাৰি মাৰি চাহ খোৱা, ক্লাছ কৰিবলৈ পাহৰি যোৱা, কেণ্টিনৰ আঙ্কুলজনৰ গালি খোৱা।

সেউজীয়াৰে আৱৰি ৰখা এডোখৰ ঠাই অথবা ৰেষ্টুৰেণ্ট অথবা চিনাকী খুৰাৰ দোকানত বহি আপোনজনৰ সৈতে চাহকাপ খোৱা, চাহকাপৰ ফুৰফুৰিয়া গোন্ধটো লৈ দুই এটা মনৰ কথা পতা।

উফ্ঃ ভাৱি য়ে ভাল লাগে।

বাকী যিয়ে নহওঁক, পঢ়াৰ টেবুলত মায়ে আদা দিয়া চাহকাপত এক সুকীয়া আমেজ আছে।

চাহৰ ইংৰাজী প্ৰতিশব্দ Tea চীনা ভাষাৰ শব্দ
চীনৰ ফুকিয়ান প্ৰদেশত চাহক Te বুলিছিল, বেংগলত চা, উত্তৰ ভাৰতত চাই আদিকে ধৰি বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনাজাত।

পৃথিৱীৰ সৰ্ববৃহৎ চাহ উৎপাদনকাৰী দেশকেইখন হৈছে :- চীন গণৰাজ্য, ভাৰত, কেনিয়া, শ্ৰীলঙ্কা, আৰু তুৰস্ক।বৰ্তমান অসমক “কেঁচা সোনৰ দেশ” বুলি এক সুকীয়া স্থান দিছে চাহ – জনগোষ্ঠী সকলে।

গৱেষণা অনুসৰি, গ্ৰীণ টী আৰু ব্লেক টী একেই।

য’ত শক্তিশালী এণ্টিঅক্সিডেণ্টৰ গুণাগুণ থাকে যিয়ে কৰ্কট ৰোগ, কাৰ্ডিওভাস্কুলাৰ ৰোগ আৰু অন্যান্য ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে ।

জানো আহক গ্ৰীণ টী আৰু ব্লেক টীৰ বিষয়েঃ –

ব্লেক টীয়ে একাগ্ৰতা আৰু মনোযোগ বৃদ্ধিত সহায় কৰে
ব্লেক টীত অধিক এচিডিটি থাকে

সেয়েহে, পাতল ব্লেক টীত এচিডিটি হ্ৰাস কৰিবলৈ নেমুৰ প্ৰয়োজন ।

যেতিয়া মানুহে পশ্চিমীয়া সংস্কৃতিত চাহৰ বিষয়ে কয়, তেওঁলোকে বাৰে বাৰে ব্লেক টীৰ কথা সূচায় ।

চান টী, চুইট টী, আইচড টী আৰু আবেলিৰ চাহ সকলোবোৰ ব্লেক টীৰ পৰা তৈয়াৰ কৰা জনপ্ৰিয় চাহ

গ্ৰীণ টী আবেলিৰ বিশ্ৰাম আৰু সন্ধিয়াৰ ধ্যানৰ বাবে ভাল

ই কম এচিডযুক্ত, সেয়েহে ই এচিডিক আৱৰ্জনা আঁতৰ কৰে।

বিষমুক্ত বিশুদ্ধ জৈৱিক গ্ৰীণ টী সেৱনে আপোনাক এক উজ্জ্বল ছাল, দ্ৰুত বিপাকীয় কাৰ্য আৰু উচ্চ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে।

আপুনি জানি আচৰিত হ’ব যে একাপ গৰম গ্ৰীণ টীয়ে ঠাণ্ডা পানীয়তকৈ অধিক সতেজতা দিয়ে ৷

ঘাম ওলোৱাৰ সময়ত আপোনাক ভিতৰৰ পৰা ঠাণ্ডা কৰি ৰাখিবলৈ একাপ গ্ৰীণ টীৰ সমান আন একো হ’ব।

ই আপোনাৰ শৰীৰকো শান্ত কৰে কিয়নো ইয়াত থিনাইন থাকে, এক প্ৰাকৃতিক পদাৰ্থ যি সুৰাপান কাৰীৰ ওপৰত শান্ত আৰু আৰামদায়ক প্ৰভাৱ পেলায়।

ই শৰীৰক আৰ্দ্ৰতা প্ৰদান কৰে আৰু মগজুলৈ তেজৰ প্ৰবাহ বৃদ্ধি কৰে আৰু লগতে বেক্টেৰিয়াৰ সৈতে যুঁজ দিয়া এণ্টিঅক্সিডেণ্টৰ দ্বাৰা ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে ।

জানো আহক আমি খোৱা চাহকাপত কি কি গুন আছে :-
1. চাহত থকা এলথিয়েনাইন এমিনো এচিডে মস্তিস্কক অধিক সচেতন কিন্তু শান্ত কৰি ৰাখে।

2. চাহে কেন্সাৰ, হাই কলেষ্ট্ৰোৰেল, লিভাৰ আৰু হাৰ্টৰ বেমাৰৰ পৰা বাচিবলৈ সহায় কৰে।

3.দিনত দুকাপ চাহ খালে অভেৰিয়ন কেন্সাৰৰ পৰা হাত সাৰিব পাৰিব।

4.দিনত ৩/৪ কাপ চাহ খালে ছালৰ কেন্সাৰৰ পৰা বাচিব পাৰি।

5. চাহে হাপানী ৰোগ উপশম কৰাতো সহায় কৰে।

দুই তিনিখিলা তুলসী পাত দি বনোৱা ৰঙা চাহকাপে হাপানী ৰোগীৰ বাবে ঔষধি কাম কৰে।

6. নিয়মীয়াকৈ চাহ সেৱন কৰিলে ই ষ্ট্ৰেছৰ সমস্যা কম কৰাত সহায় কৰে।

কাৰণ ইয়াত থকা বিভিন্ন এন্টিঅক্সিডেণ্টে ষ্ট্ৰেছ হৰমন কৰ্টিজল নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

7. ডাঠকৈ চাহ বনাই ঠাণ্ডা কৰি লৈ শ্বেম্পু কৰাৰ পাছত চুলিত কণ্ডিচনাৰ হিচাবে ব্যৱহাৰ কৰিলে চুলিৰ উজ্জ্বলতা বৃদ্ধি হয়, চুলি ফটা সমস্যা দূৰ কৰে।

NE HYGIENE SOLUTIONS

SERVICES :- > Pest control Services
>House keeping Services
>Facility management
>Deep cleaning Services
>Supplying of Hygiene chemicals & Tools
>Marble polishing
>Sofa shampooing
>Glass cleaning

Phone No – 8861255323 / 9980130059
Email: Md@nehygienesolutions.com/Support@nehygienesolutions.com
Website : Nehygienesolitions.com

মিচিং স্বায়ত্তশাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

চাহকাপ আমাৰ সকলোৰে সুখ দুখৰ লগৰী।

মুঠতে চাহ আমাক লাগিবই।
দিনটোত দুকাপ চাহ খাওঁক আৰু মাৰাত্মক বেমাৰ কেঞ্চাৰৰ পৰা বাচি থাকক।

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *