সত্ৰৰত্ন উপাধি, শংকৰ মাধৱ বঁটা, সাহিত্য অকাডেমিৰ ভাষা সন্মান বঁটা প্ৰাপ্ত নাৰায়ণ চন্দ্ৰ গোস্বামীৰ জীৱন যাত্ৰাঃ
নাৰায়ণ চন্দ্ৰ গোস্বামীঃ অসমৰ এগৰাকী বিশিষ্ট লেখক, নতুন কমলাবাৰী আৰু মাজুলীৰ সত্ৰাধিকাৰ, বৈষ্ণৱ সাহিত্যিক, সত্ৰৰত্ন উপাধি প্ৰাপ্ত, সংস্কৃত টোলৰ অধ্যক্ষ, জীৱন জোৰা সাধনা বঁটা, অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা, সাহিত্য অকাডেমিৰ ভাষা সন্মান বঁটা,গুৰু শংকৰ মাধৱ বঁটা প্ৰাপ্ত, শাস্ত্ৰী উপাধি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডি.লিট. উপাধি প্ৰাপ্ত আছিল।
তেখেত জন্ম হৈছিল ১৯৪০ চনৰ ২৪ চেপ্তেম্বৰ তাৰিখে মাজুলীৰ চামগুৰি সত্ৰত।
তেওঁৰ পিতৃৰ নাম ৰোসেশ্বৰ দেৱ্গোস্বামী আৰু মাতৃৰ নাম বসুন্ধৰা।
পিতৃ-মাতৃয়ে পুত্ৰস্নেহ ত্যাগ কৰি নাৰায়ণ চন্দ্ৰ গোস্বামীক প্ৰয়াত সত্ৰাধিকাৰ ঘনকান্ত দেৱ গোস্বামীৰ হাতত অৰ্পণ কৰিছিল।
১৯৫০ চনৰ ১৩ মে’ৰ দিনা সত্ৰীয়া পৰম্পৰাৰে শৰন, ভজন গ্ৰহণ কৰি ভকত, নাম, গুৰু, দেৱ চাৰি বস্তু দীক্ষা লৈ কেৱল সত্ৰৰ কঠোৰ নীতি-নিয়মৰ লক্ষ্মণৰেখাৰ মাজত সোমাই পৰিছিল তেওঁ।
এনেকৈয়ে তেওঁ সত্ৰৰ নীতি-নিয়ম তথা সত্ৰীয়া সংস্কৃতি নিজৰ আয়ত্তলৈ আনিছিল।
১৯৭২ চনত তেওঁ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ৰূপে নিৰ্মালী গ্ৰহণ কৰে।
গোস্বামীয়ে সত্ৰৰ চাৰিবেৰৰ মাজত সত্ৰীয়া নৃত্য- টোটয় চপয় ভটিমা বৰগীত- খোল বাদ্য, নামলগোৱা পাঠক আদিৰ সত্ৰীয়া শিক্ষা গ্ৰহণ কৰে।
একেলগে সংস্কৃত তথা আনুষ্ঠানিক শিক্ষাও সত্ৰতে গ্ৰহণ কৰে।
১৯৫৪ চনৰ মাঘ মাহত মাত্ৰ ১২ বছৰ বয়সতে তেওঁ ‘ডেকা সত্ৰাধিকাৰ’ৰ নিৰ্মালি গ্ৰহণ কৰিছিল।
আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি তেওঁ ১৯৭৯ চনত ব্যাকৰণ ‘শাস্ত্ৰী’ উপাধি লাভ কৰে।
১৯৭৪ চনৰ জানুৱাৰী মাহত কমলাবাৰী সত্ৰৰ সংস্কৃত টোলৰ অধ্যক্ষ ৰূপে কৰ্মত যোগদান কৰে।
১৯৭৫ চনত তেওঁৰ নেতৃত্বত ইন্দোনেছিয়াত ৰাম বিজয় অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হৈছিল।
তেওঁ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক পদত অলংকৃত কৰিছিল।
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সংস্কৃতি গৱেষণা পৰিষদৰ গৱেষক হিচাপেও কাম কৰিছিল তেওঁ।
নাৰায়ণ চন্দ্ৰ গোস্বামী দেৱে সত্ৰীয়া সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰত নিজকে আত্মনিয়োগ কৰিছিল।
অসম তথা ভাৰতৰ বিভিন্ন প্ৰদেশ যেনে – দিল্লী, উত্তৰ প্ৰদেশ, উৰিষ্যা, তামিলনাড়ু, কেৰালা, মধ্যপ্ৰদেশ, পঞ্জাব, মেঘালয় আদিত অংকীয়া নাট, সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।
গুৱাহাটী, ডিব্ৰুগড়, উৰিষ্যাৰ আকাশবাণী কেন্দ্ৰত নাটক, নাম-প্ৰসঙ্গ বাণীবদ্ধকৰণত তেওঁ নিজকে নিমজ্জিত কৰিছিল।
তেওঁ গুৰুজনাৰ অন্যতম সৃষ্টি অংকীয়া ভাওনাক সৰ্বস্তৰৰ মাজলৈ প্ৰবাহিত কৰিছিল।
১৯৭৫ চনত ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰয়াত ফখৰুদ্দিন আলি আহমেদ দেৱৰ বদন্যতাত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণবৰ সহিতে ‘ৰামবিজয়’ অংকীয়া ভাওনা প্ৰদৰ্শন কৰিছিল।
মাজুলী সত্ৰীয়া সংগীত মহাবিদ্যালয়, শংকৰী কলা কৃষ্টি বিকাশৰ বিভিন্ন অনুষ্ঠানসমূহৰ দায়িত্বৰ উপৰিও অসম সংস্কৃত বোৰ্ডৰ সদস্য আৰু অসম সাংস্কৃতিক বিভাগৰ উপদেষ্টা হিচাপে মনোনীত হৈছিল।
১৯৯১-৯৬ চনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ নিৰ্মাণ সমিতিৰ সদস্য আছিল আৰু উত্তৰ পূব ক্ষেত্ৰত সাংস্কৃতিক কেন্দ্ৰৰ দুবছৰীয়া কাৰ্য্যকালৰ বাবে সদস্য মনোনীত হৈছিল।
তদুপৰি তেওঁ অসম গণনাট্য সংঘৰ উপ সভাপতি, ২০০০-২০০৪ চনৰ বাবে অসম সত্ৰ মহাসভাৰ সভাপতি, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ ‘শংকৰদেৱ অধ্যয়ন আৰু সত্ৰীয়া সংস্কৃতি প্ৰতিষ্ঠান সমিতি’ ৰ সদস্য আছিল।
নাৰায়ণ চন্দ্ৰ গোস্বামী এগৰাকী সত্ৰাধিকাৰ হোৱাৰ উপৰিও সমাজকৰ্মী হিচাপে তেখেতৰ বিশেষ নাম আছিল।
সমাজৰ বাবে কৰা যিখিনি জনকল্যাণমূলক কাম কৰি গৈছে সদায় চিৰস্মৰণীয় হৈ ৰব।
১৯৮১ চনত মাজুলী সত্ৰীয়া সংগীত মহাবিদ্যালয় স্থাপন কৰে।
১৯৭৩ চনত ‘শংকৰী কলা-কৃষ্টি বিকাশ সমিতি’ নামৰ অনুষ্ঠান গঠন কৰে।
১৯৭৭ চনত যোৰহাটত চাহ
বাগিচা স্থাপন আৰু চাহ বাগিচা কৰ্মীৰ কল্যাণাৰ্থে ‘শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰ’ গঠন কৰে।
১৯৯৩-৯৪ চনত শংকৰী নাট্য-নৃত্য কলা মন্দিৰ নামেৰে প্ৰেক্ষাগৃহ প্ৰতিষ্ঠা কৰে।
২০০২ চনত সত্ৰৰ দুটি দুমহলীয়া অতিথিশালা নিৰ্মাণ
শংকৰ জ্যোতি পুথিভঁৰাল নিৰ্মাণ কৰে।
তেখেতে বহুতো গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।
তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান গ্ৰন্থ হ’ল :- অসমত ভাওনাৰ পৰম্পৰা, গুৰু কোন, কীৰ্তনঘোষা আৰু নামঘোষাৰ তত্ত্বাৰ্থ সমীক্ষা,
মহাপুৰুষ শংকৰদেৱ আৰু হৰিদেৱ, শ্ৰীমদভাগৱত গীতা সদ্যানুবাদ, শংকৰ গোসাই চৰিত, হৰিচন্দ উপ্যাখ্যান,
সপ্তকাণ্ড ৰামায়ণৰ অনুবাদ।
NE HYGIENE SOLUTIONS
SERVICES :- > Pest control Services
>House keeping Services
>Facility management
>Deep cleaning Services
>Supplying of Hygiene chemicals & Tools
>Marble polishing
>Sofa shampooing
>Glass cleaning
Phone No – 8861255323/ 9980130059
Email: Md@nehygienesolutions.com/Support@nehygienesolutions.com
Website : Nehygienesolitions.com
কবিতা পুথি :- নামঘৰৰ দুৰ্দশা আৰু ভকতৰ ভণ্ডামি।
সম্পাদিত গ্ৰন্থ :- মাধৱদেৱৰ ৰচনাৱলী, সচিত্ৰ অংকাৱলী
ফৌজীয়া নাট, বাল্মীকি ৰামায়ণৰ পদ্যানুবাদ, শ্ৰী মদভাগৱত গীতা ।
নাটক :- প্ৰহ্লাদৰ বৈকুণ্ঠ অভিযান, অন্ধকাসুৰ বধ, দ্বাপৰৰ দৰ্প চূৰ্ণ, ৰাম-হনুমানৰ যুদ্ধ, উষা অনিৰুদ্ধ, নৰকাসুৰ বধ, গয়াসুৰৰ হৰি, পাদপদ্ম লাভ, অৱন্তী উদ্ধাৰ, ৰাসলীলা।
তেখেতে বহুতো সন্মান আৰু বঁটা লাভ কৰিবলৈ সক্ষম হৈছে :-
1.জীৱন জোৰা সাধনা বঁটা।
2.গুৰু শংকৰ মাধৱ বঁটা।
3.কৃষ্ণ নন্দন দুৱৰা বঁটা।
4.২০০৫ চনত সত্ৰৰত্ন উপাধি।
5.সংস্কৃতি ভূষন।
6.২০০০ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন।
7.২০১০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি.লিট. উপাধি।
8.শ্ৰীমন্ত শংকৰদেৱ শিল্প সাধনা বঁটা।
9.২০০২ চনত চন্দ্ৰ কান্ত হীৰা প্ৰভা ন্যাস বঁটা।
10.২০০৪ চনত মাখন প্ৰসাদ দুৱৰা স্মাৰক বঁটা।
11.২০০৪ চনত অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা।
12.সাহিত্য অকাডেমিৰ ভাষা সন্মান বঁটা।
13.২০১৮ চনত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই প্ৰদান কৰা শশীচন্দ্ৰ বৰবৰুৱা বঁটা লাভ কৰে।
২০২০ চনৰ ১১ আগষ্ট তাৰিখে তেখেত মৃত্যু হয়।
অসমৰ সমাজ-জীৱনৰ হকে আগবঢ়াই যোৱা অতুলনীয় অৱদানৰ বাবে তেখেত চিৰস্মৰণীয় হৈ থাকিব।
এনে মহান ব্যক্তি সকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24