চিত্ৰশিল্পী, প্ৰকৃতি কোঁৱৰ ৰবীন বেনাৰ্জীৰ জীৱন যাত্ৰা।
ৰবীন বেনাৰ্জীঃ অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা, পদ্মশ্ৰী উপাধি প্ৰাপ্ত, অসম কৃষি বিশ্ববিদ্যালয়ৰ ডক্টৰেট উপাধি প্ৰাপ্ত, প্ৰকৃতি কোঁৱৰ উপাধি প্ৰাপ্ত, ৰবীন খুড়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰেট উপাধি প্ৰাপ্ত আছিল।
তেখেত জন্ম হৈছিল ১৯০৮ চনৰ ১২ আগষ্ট তাৰিখে পশ্চিম বংগৰ বহৰমপুৰত।
তেওঁ শান্তিনিকেতনত প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল।
ইয়াৰ পিছত তেওঁ কলকাতা মেডিকেল কলেজত চিকিৎসাবিদ্যা অধ্যয়ন কৰে।
১৯৩৪ চনত লিভাৰপুল আৰু ১৯৩৬ চনত এডিনবাৰ্গত উচ্চ শিক্ষা গ্ৰহণ কৰে।
১৯৩৭ চনত তেওঁ লিভাৰপুলত ‘ৰয়েল নেভি‘ত যোগদান কৰে আৰু অতি ওচৰৰ পৰা দ্বিতীয় বিশ্বযুদ্ধ প্ৰত্যক্ষ কৰে।
এই যুদ্ধৰ পিছতে তেওঁ ভাৰতলৈ উভতি অহাৰ সিদ্ধান্ত লয়।
১৯৫২ চনত তেওঁ অসমলৈ আহি চাবুৱা চাহ বাগানত মুখ্য চিকিৎসা বিষয়া ৰূপে কৰ্মজীৱন আৰম্ভ কৰে।
এইসময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ কালত তেওঁ অসমৰ জৈববৈচিত্ৰ্যৰ প্ৰতি আকৃষ্ট হৈ পৰে আৰু গোলাঘাটতে ৰৈ যোৱাৰ সিদ্ধান্ত লয়।
বেনাৰ্জীৰ প্ৰথমখন তথ্যচিত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পটভূমিত নিৰ্মিত হৈছিল আৰু ১৯৬১ চনত এই তথ্যচিত্ৰ বাৰ্লিন টিভিত প্ৰদৰ্শন হয়।
এই তথ্যচিত্ৰখনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত বেনাৰ্জীয়ে তথ্যচিত্ৰ নিৰ্মাতা ৰূপে সুখ্যাতি লাভ কৰে।
তেওঁ ৩২খন তথ্যচিত্ৰ নিৰ্মাণ কৰে আৰু ইয়াৰ বাবে প্ৰায় ১৪টা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়।
বেনাৰ্জী আজীৱন চিৰকুমাৰ হৈ ৰয়।
স্থানীয়ভাৱে অত্যন্ত জনপ্ৰিয় বেনাৰ্জী সকলোৰে বাবে ‘ৰবীন খুড়া‘ আছিল।
তেওঁ স্থানীয় বিদ্যালয় আৰু চিকিৎসালয় স্থাপনৰ বাবে বহু মাটি দান কৰি গৈছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ আগভাগ লৈছিল।
এই উদেশ্যেৰে তেওঁ ‘Kaziranga Wildlife Society‘ নামৰ এটা বেচৰকাৰী সংগঠনো স্থাপন কৰিছিল।
বৰ্তমান গোলাঘাটস্থিত তেওঁৰ বাসগৃহটো প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক উল্লেখযোগ্য স্থান ৰূপে পৰিগণিত হৈছে।
ৰবীন বেনাৰ্জীয়ে অঁকা বিভিন্ন চিত্ৰ আৰু অন্যান্য মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ এই বাসগৃহটো সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছে।
ৰবীন বেনাৰ্জীয়ে নিৰ্মাণ কৰা ৩২খন তথ্যচিত্ৰৰ ভিতৰত উল্লেখযোগ্য তথ্যচিত্ৰ কেইখন হৈছে :- My Nature, Birds of India, 26 January, Flying Reptiles of Indonesia, Through These Doors, Rhino Capture, A Day at Zoo, Elephant Capture, Monsoon, Nagaland.
১৯৯১ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট উপাধি লাভ কৰে।
১৯৯৪ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট উপাধি লাভ কৰে।
২০০১ চনত যোৰহাটৰ ‘প্ৰকৃতি‘ নামৰ সংস্থাৰ পৰা ‘প্ৰকৃতি কোঁৱৰ উপাধি লাভ কৰে।
১৯৭১ চনত পদ্মশ্ৰী উপাধি লাভ কৰে।
২০০১ চনত Service to Society through individual excellence NECCL, Guwahati, Assam .
ৰবীন বেনাৰ্জীৰ এটা বিখ্যাত উক্তি হ’ল, “Think twice before kill an animal, think twice before you catch a butterfly, think you before you cut a tree, because it may be the last species of the world” .
NE HYGIENE SOLUTIONS
SERVICES :- > Pest control Services
>House keeping Services
>Facility management
>Deep cleaning Services
>Supplying of Hygiene chemicals & Tools
>Marble polishing
>Sofa shampooing
>Glass cleaning
Phone No – 8861255323/ 9980130059
Email: Md@nehygienesolutions.com/Support@nehygienesolutions.com
Website : Nehygienesolitions.com
২০০৩ চনৰ ৬ আগষ্ট তাৰিখে তেখেত মৃত্যু হয়।
বিশ্ববাসীক কাজিৰঙাক চিনাকী কৰাই দিয়া এজন অন্যতম মানুহ।
অসমৰ চহকী প্ৰকৃতিক বিশ্বৰ আগত চিনাকী কৰি দিয়া এই মহান ব্যক্তিজন প্ৰতিজন অসমীয়াৰ মনত চিৰস্মৰণীয় হৈ থাকিব ৷
এনে মহান ব্যক্তিসমূহৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
News Editor Sangita Dutta Reports R News India 24