হস্তী দিৱসৰ উদ্দেশ্য কি? কত কেতিয়া আৰম্ভ হৈছিল? বৰ্তমান হাতী কিমান সুৰক্ষিত ?
বিশ্ব হস্তী দিৱস।
প্ৰতি বছৰে ১২ আগষ্টত তাৰিখে সজাগতা বৃদ্ধি, আৰু হাতীৰ দুৰ্দশাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাৰ বাবে এই দিৱস পালন কৰা হয়।
২০১২ চনৰ ১২ আগষ্টৰ দিনটোত প্ৰথম বিশ্ব হস্তী দিৱস পালন কৰা হৈছিল।
সেই সময়ত বিশেষ ভাৱে এছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন প্ৰজাতিৰ হাতীৰ অৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।
কানাডাৰ ছবি নিৰ্মাতা পেট্ৰিচিয়া চিমছ আৰু থাইলেণ্ডৰ “Elephant Reintroduction Foundation”ৰ যুগ্ম প্ৰচেষ্টাত এই দিনটোৰ আৰম্ভণি কৰা হৈছিল।
World Elephant Society ৰ মতে হাতীক সন্মান জনোৱা, হাতীয়ে সন্মুখীন হোৱা ভাবুকিৰ বিষয়ে সমাজত সজাগতা বিয়পোৱা, হাতী মানুহৰ সংঘাত দূৰ কৰা আৰু হাতীক জীয়াই ৰখাটো সমাজৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে গ্ৰহণ কৰাটোৱে এই দিৱসৰ মূল উদেশ্য।
Elephant Reintroduction Foundation আৰু বিশ্ব হাতী সমাজৰ প্ৰতিষ্ঠাপক সভাপতি পেট্ৰিচিয়া চিমছ।
আজিৰ দিনটোত তেওঁলোকে সমগ্ৰ বিশ্বৰ ব্যক্তি আৰু সংগঠনবোৰক হাতী সংৰক্ষণৰ দিশত কাম কৰিবলৈ উৎসাহিত কৰে।
ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বাধিক হাতীৰ জনসংখ্যাৰ বাসস্থান হৈছে অসম।
২০২০ চনত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ তথা উপাধ্যক্ষ ভেনকায়াহ নাইডুয়ে এই ক্ষেত্ৰত বিশেষভাৱে সমৰ্থন আগবঢ়াইছিল।
“World Elephant Day” ৰ সেই সময়ত মুখ্য বিষয় আছিল “হাথী হামাৰা ছাথী”।
World Elephant Day ত আমি সকলোৱে ইয়াৰ সুৰক্ষা আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া উচিত।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24