সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত পদ্মশ্ৰী ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ জীৱন যাত্ৰা।

Spread the love

ড॰ ভবেন্দ্ৰ নাথ শইকীয়াঃ

অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, বোলছবি পৰিচালক,পদ্মশ্ৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডি লিট উপাধি প্ৰাপ্ত, অসম প্ৰকাশন পৰিষদ বঁটা প্ৰাপ্ত, সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত, অসম উপত্যকা সাহিত্য বঁটা প্ৰাপ্ত,ৰজত কমল বঁটা প্ৰাপ্ত, শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপ্ত, কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত, শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা, প্ৰান্তিক আৰু সঁফুৰা আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।

 

তেখেত জন্ম হৈছিল ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁওত।

তেখেতৰ পিতৃৰ নাম আছিল বিদূৰ শইকীয়া আৰু মাকৰ নাম চম্পাৱালা শইকীয়া
তেখেতৰ ঘৰুৱা নাম আছিল পুতুল

নুৰুদ্দিন মোক্তাবৰ পৰা ভবেন্দ্ৰ নাথ শইকীয়াই তিনিটকীয়া বৃত্তিৰে সৈতে ছাত্ৰবৃত্তি উত্তীৰ্ণ হয়।

১৯৪৮ চনত তেখেতে তিনিটা বিষয়ত লেটাৰ মাৰ্ক ৰ্ষ্টাৰ-সহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত ভৰ্তি হয়।

১৯৫০ চনত কটনৰ পৰা ইণ্টাৰমিডিয়েট আৰু তাৰপৰাই ১৯৫২ চনত পদাৰ্থ বিজ্ঞানত সন্মান সহ বি.এচ. চি. পাছ কৰে।

তাৰ পাছত ১৯৫৫-১৯৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত তেখেতে এম.এচ.চি ডিগ্ৰী লাভ কৰে আৰু উচ্চ শিক্ষাৰ বাবে বিদেশ যাত্ৰা কৰে।

১৯৬১ চনত তেখেতে লণ্ডন বিশ্ববিদ্যালয় ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে।

তদুপৰি তেখেতে লণ্ডনৰে ‘ইম্পেৰিয়েল কলেজ অৱ চাইন্স এণ্ড টেকন’লজী’-ৰ পৰা ডিপ্লমাও লাভ কৰে।

ড° ভবেন্দ্ৰ নাথ শইকীয়াই কৰ্মজীৱন আৰম্ভ কৰে শিৱসাগৰ মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ প্ৰৱক্তা হিচাপে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগত অধ্যাপক হিচাপে যোগদান কৰে।

অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।

তেখেতে ১৯৭৬ চনত সাহিত্য অকাডেমি বঁ‌টা আৰু ১৯৯০ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰাৰ উপৰিও পদ্মশ্ৰী সন্মান লাভ কৰে।

২০০০ চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা

২০০১ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ডি লিট উপাধি প্ৰদান কৰে।

তেখেতে শ্ৰীমন্ত শংকৰদেৱ বঁটা, অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল।

তেওঁ বোলছবি জগতত আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে।

তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ৰজত কমল বঁটা প্ৰদান কৰে।

অসমীয়া নাট্য জগতলৈ ড° ভবেন্দ্ৰ নাথ শইকীয়াই বিশেষ অৱদান আগবঢ়াই গৈছে।

কেইবাখনো ৰেডিঅ’ নাট, একাঙ্কিকা নাটক ৰচনা কৰাৰ উপৰিও ভ্ৰাম্যমাণ মঞ্চৰ বাবেই তেখেতে একাধিক নাটক ৰচনা কৰে।

তেখেতৰ ভ্ৰাম্যমাণ নাটকসমূহৰ ভিতৰত :- পৰমানন্দ, শুভ-সংবাদ, বিষকুম্ভ, অন্ধকূপ, শতাব্দী, ৰম্যভূমি, নীলকণ্ঠ, মহাৰণ্য, দীনবন্ধু

একাংকিকা নাটকঃ তীৰ্থ, অৱৰোধ, বাওনা, এজাক জোনাকীৰ জিলমিল, পুতলা নাচ, অলংকাৰ, তৃতীয় বন্ধু

উপন্যাসঃ ৰম্যভূমি, আতংকৰ শেষত, অন্তৰীপ

চুটি গল্পঃ শৃংখল, প্ৰহৰী, গল্প আৰু শিল্প, বৃন্দাবন, সেন্দূৰ

আত্মজীৱনীঃ জীৱন বৃত্ত, জীৱন ৰেখা, মোৰ শৈশৱ, মোৰ কৈশোৰ

অনাতাঁৰ নাটকঃ দেউতা, বাওনা, দুৰ্ভিক্ষ, আবেলি, জোনাকী বোৱাৰী হ’ল

শিশুসাহিত্যঃ তোমালোক ভালে থাকা, মৰমৰ দেউতা, শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট, মৰম, মহাদুষ্টৰ দুষ্টবুদ্ধি

কথাছবিঃ কালসন্ধ্যা, সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, ইতিহাস, আৱৰ্তন

অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত ড॰ শইকীয়া নাট্যকাৰ আৰু পৰিচালক হিচাপে ওতপ্ৰোতভাৱে জড়িত হৈ আছিল।

ভ্ৰাম্যমাণৰ বাবে তেখেতে সৰ্বমুঠ ২৭খন নাটক ৰচনা কৰি গৈছে।

বিশেষকৈ আৱাহন থিয়েটাৰ গোষ্ঠীৰ বাবে তেখেতে অধিক নাটক ৰচনা কৰিছিল।

২খন নাটক তেওঁ কহিনুৰ থিয়েটাৰ গোষ্ঠীৰ বাবে ৰচনা কৰিছে।

তেখেতে অসমীয়া চলচ্চিত্ৰৰ পাতনি ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালা ৰ ‘জয়মতী‘ কথাছবিৰে হৈছিল।

ভবেন্দ্ৰনাথ শইকীয়াই প্ৰথম বাৰৰ বাবে অসমীয়া অৰ্থবহ চলচ্চিত্ৰৰ শুভাৰম্ভ কৰে।

সন্ধ্যাৰাগ, কথাছবিৰে শইকীয়াই চলচ্চিত্ৰ পৰিচালকৰূপে আত্মপ্ৰকাশ কৰে।

তেখেতৰ সৰ্বাধিক ব্যৱহৃত ছদ্মনামটি আছিল সত্যপ্ৰিয় পাঠক

মিচিং স্বায়ত্তশাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।

এই ছদ্মনামেৰে বহুতো গ্ৰন্থ লিখি উলিয়াইছে।

তেওঁৰ আন দুটি ছদ্মনাম আছিল পৰ্যবেক্ষক আৰু সুদৰ্শন

ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই প্ৰীতি শইকীয়াৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল।

তেওঁলোকৰ দুগৰাকী কণ্যা সন্তান আছিল – ড॰ সংগীতা শইকীয়া আৰু ৰশ্মি শইকীয়া
তেখেত ২০০৩ চনৰ ১৩ আগষ্টত তেখেত মৃত্যু হয়।

অসমীয়া সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সদায় চিৰস্মৰণীয় হৈ থাকিব।

 

এনে মহান ব্যক্তিসকলৰ জীৱন যাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *