কেতিয়াবা ফল মূলৰ বজাৰখনলৈ উলাই গলে প্ৰথমে বাৰু আপোনাৰ কি ফল চকুত পৰে ?
মোৰ প্ৰথমে চকু যায় ৰঙা ৰঙা আপেল কেইটালৈ।
আমি সকলোৱে জানো আপেল এবিধ সুস্বাদু ফল।
বোধকৰোঁ আপেল খাই সকলোৱে ভাল পাই নহয় নে ?
আপেল এবিধ উপকাৰী ফল যদিও বৰ্তমান ইয়াক খাবলৈ ভয় লগা অৱস্থা হল।
কিয়নো আপেলবোৰ বেয়া নহবৰ বাবে দৰব দি ৰখা হয় যি অতি ক্ষতিকাৰক️ আমাৰ শৰীৰৰ বাবে।
ইয়াক অত্যাধিক সেৱন কৰিলে বহুতো বেমাৰ হব পাৰে।
গতিকে নিয়মিত মাত্ৰাত ইয়াক গ্ৰহণ কৰিব লাগে।
জানো আহক আপেল আমাৰ শৰীৰ বাবে কিমান উপকাৰীঃ-
1. আপেলত থকা এন্টি অক্সিডেন্ট কুয়েৰচেটিলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে আৰু আমাৰ শৰীৰ ভালে ৰখাত সহায় কৰে।
2. মধুমেহ ৰোগীৰ বাবে আপেল অতি উপকাৰী।
3. ওজন বৃদ্ধিৰ বাবেই আমাৰ শৰীৰত ডায়েবেটিছ, হাড়ৰ বিষ হয়, এই আটাইবোৰ ৰোগৰ পৰা যদি উপশম বিচাৰে, তেন্তে দৈনিক আপেল খোৱাৰ অভ্যাস গঢ়ি তোলক।
4. আপেলে ডায়েৰিয়া অথবা কোষ্ঠ-কাঠিন্য দূৰ কৰাত সহায় কৰে।
5. আপেলত থকা ফাইবাৰে তেজত শৰ্কৰাৰ পৰিমাণ সঠিক ৰখাত সহায় কৰে।
6. আপুনি যদি সদায় এটাকৈ আপেল খাই তেন্তে অগ্নাশয় কেন্সাৰৰ পৰা বাচি থাকিব পাৰি।
কাৰণ আপেলত প্ৰচুৰ পৰিমাণে ফ্লেভনেল থাকে।
7. কম কেলৰিযুক্ত তথা ফাইবাৰ সমৃদ্ধ আপেলে পেট ভৰাই ৰখাত সহায় কৰে। ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণত সহায়ক হয়।
8. মুঠতে আপেলে আমাৰ শৰীৰক বহুতো ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
9. গৰ্ভধাৰনৰ সময়ছোৱাত নিয়মীয়াকৈ এটা আপেল সেৱন কৰিলে তেজ কমি যোৱা সমস্যা নোহোৱা হয়।
10. আপেলৰ সেৱনে শৰীৰত হোৱা দুৰ্বলতা নোহোৱা কৰে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
গতিকে দৈনিক আপেল খাওঁক আৰু সুফল লাভ কৰক।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24