ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ জীৱন যাত্ৰা ।

Spread the love

অটল বিহাৰী বাজপেয়ীঃ

জীৱনৰ অধিকাংশ সময় সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাই থৈ গৈছে।
তেখেত ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী আছিল

ভাৰত বৰ্ষৰ উন্নয়নৰ হকে নিস্বাৰ্থ ভাৱে ত্যাগ আৰু সেৱা আগবঢ়াই থৈ যোৱা মহান ব্যক্তি সকলৰ ভিতৰত অন্যতম হৈছে অটল বিহাৰী বাজপেয়ী দেৱ।

জানোঁ আহকঃ

অটল বিহাৰী বাজপেয়ীৰ দীঘলীয়া জীৱন যাত্ৰাত দেশৰ বাবে, সমাজৰ বাবে কি কি কৰিলে।

তেখেত জন্ম হৈছিল ১৯২৪ চনৰ ২৫ ডিচেম্বৰত

তেখেতৰ পিতৃৰ নাম কৃষ্ণ বিহাৰী বাজপেয়ী আৰু
মাতৃৰ নাম কৃষ্ণা বাজপেয়ী

তেওঁ গোৱালিয়ৰ লক্ষ্মীবাই কলেজৰ পৰা বি এ পাছ আৰু কানপুৰ ডি এ বি কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত এম এ পাছ কৰে।

বাজপেয়ী আছিল ভাৰতীয় জনসংঘৰ অন্যতম প্ৰতিষ্ঠাতা।

স্বাধীন ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী আছিল।

১৯৬৮ চনৰ পৰা তেওঁ জনসংঘক নেতৃত্ব দিছিল।

১৯৫৫ চনত প্ৰথমবাৰ লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হয়।

১৯৫৭ চনত উত্তৰপ্ৰদেশৰ বলৰামপুৰৰ পৰা লোকসভাৰ বাবে বিজয়ী হয়।

১৯৬৮-১৯৭৩ চনলৈকে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাষ্ট্ৰীয় অধ্যক্ষ

১৯৮০ চনৰ ৬ এপিলত ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ

১৯৭৭-১৯৭৯ চনলৈকে মোৰাৰজী দেশাই চৰকাৰৰ বিদেশ মন্ত্ৰী হয়।

১৯৮০ চনত জনতা পাৰ্টী আৰু ভাৰতীয় জনতা পাৰ্টীৰ গঠনত সহযোগ কৰে।

১৯৯৪ চনত তেওঁ ভাৰতৰ ‘শ্ৰেষ্ঠ সাংসদ’ হিচাপে স্বীকৃতি লাভ কৰে।

ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্ম বিভূষণেৰে’ সন্মানীত কৰা হয়।

তেওঁৰ কবিতাসমূহ হৈছে :- তাজমহল, একবিংশ কবিতা, শ্ৰেষ্ট, নয় দিশা, সমবেদনা

 

তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহ :- ৰাষ্ট্ৰীয় সংহতি, বৰ্গক্ষেত্ৰ উভতি যাওঁক, নিৰ্নায়ক দিন, অমৰ আগ কি, কুচ লেখ কুচ ভাষন, চেকুলাৰ বাদ, বিন্দু বিন্দু বিচাৰ, অমৰ বলিদান, সাংসদ কি তিন দশক

জীৱনীমূলক গ্ৰন্থঃ অটল বিহাৰী বাজ মেম তিনা দসকা, ভাৰতৰ বৈদেশিক নীতিঃ নতুন যাত্ৰা, অসম সমস্যাঃ দমন সমাধান নাই

 

বাজপেয়ীৰ পুৰষ্কাৰ সমূহ হৈছে :- ১৯৯৪ চনত লোকমান্য তিলক বঁটা
১৯৯৪ চনত শ্ৰেষ্ঠ সাংসদৰ বঁটা
১৯৯৩ চনত কানপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডি. লিট্ উপাধি লাভ কৰে
১৯৯৪ চনত ভাৰত ৰত্ন পণ্ডিত গোৱিন্দ বল্লভ পন্ত বঁটা

২০১৫ চনত ভাৰত ৰত্ন উপাধি লাভ কৰে।

২০১৮ চনত ১৬ আগষ্ট তেখেত মৃত্যু হয়

মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *