বিশিষ্ট সংগীত শিল্পী বিহু সম্ৰাট খগেন মহন্তৰ জীৱন যাত্ৰা ।
অসমৰ বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ, বিহু সম্ৰাট খগেন মহন্তৰ দেৱৰ আজি উপজা দিন।
তেখেতে বহুতো কালজয়ী গীত ৰছনা কৰি অসমীয়া সাংস্কৃতিক জগতৰ ভঁৰাল চহকী কৰি থৈ গৈছে।
তেখেতৰ কৰ্মৰাজী আৰু অৱদানৰ বাবে সকলোৰে মাজত চিৰস্মৰণীয় হৈ থাকিব।
জানো আহক খগেন মহন্তৰ জীৱন যাত্ৰাৰ বিষয়েঃ
তেখেত জন্ম হৈছিল ১৯৪২ চনৰ ১৭ আগষ্ট নগাঁও জিলাত।
পিতৃ নাম হৰেন্দ্ৰনাথ মহন্ত আৰু মাতৃ নাম লক্ষ্মীপ্ৰিয়া দেৱী।
তেওঁ শৈশৱতে পিতৃৰ পৰাই নাম-কীৰ্তন, প্ৰসংগ, গায়ন-বায়ন আৰু সত্ৰীয়া নৃত্যকলা আয়ত্ত কৰিছিল।
সত্ৰীয়া নৃত্যৰ লগতে খোলবাদ্যতো তেওঁ বিশেষ পাৰদৰ্শিতা আছিল।
১৯৬৫ চনত পৰা আকাশবাণীৰ নিয়মীয়া শিল্পী গীত গাবলৈ লয়।
১৯৭২ চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ পৰা স্বীকৃতি লাভ কৰে।
১৯৭৬ চনৰ পিছত তেখেতে আকাশবাণীত কম্প’জাৰৰ চাকৰীত যোগদান কৰিছিল আৰু বিভিন্ন শিল্পীক গীত-মাত শিকাইছিল।
তাৰ পিছত তেওঁ আকাশবাণীত সংগীত প্ৰযোজক হৈ শেষত আকাশবাণীৰ উত্তৰ-পূব সঞ্চালকালয়ৰ উপ-সঞ্চালক হিচাপে ২০০১ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে।
গুৱাহাটী আকাশবাণী কেন্দ্ৰত থকাৰ সময়তে তেওঁ অসমীয়া লোকসংগীতৰ শিল্পীসকলক বিচাৰি উলিয়াবৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা হাতত লৈছিল।
ইয়াৰোপৰি আকাশবাণীত শিশু অনুষ্ঠান পৰিচালনা, সংগীতালেখ্য প্ৰস্তুত, সাক্ষাৎকাৰ গ্ৰহণ আদিৰ দৰে অনেক নতুন অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল।
১৯৬০ চনৰ অসমৰ ভাষা আন্দোলনৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভা, হেমাঙ্গ বিশ্বাস আৰু যুগল দাস ৰ দ্বাৰা নিৰ্মাণ কৰা হাৰ্মনি দলৰ এজন সক্ৰিয় সদস্য হৈ তেওঁ গোটেই অসমত শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল।
অসমৰ অন্যতম লোকসংগীত বিহুৰ পৰিৱেশনৰ ক্ষেত্ৰত দক্ষতাৰ বাবে তেওঁক “বিহু সম্ৰাট” বুলি কোৱা হয়।
অসমীয়া সংগীত জগতৰ চিৰসেউজ গীতসমূহৰ ভিতৰত কাউৰী পৰে কলৰে পাততে কাউৰী পৰে, মা আমি শদিয়ালৈ যামেই, পাৰৰ পাখিত গুঁজি দিলোঁ ফুলাম চিঠিখনি, পাহাৰৰ জুৰিটি পিৰীতি সাৱটি, আদি গীতত খগেন মহন্তই কণ্ঠদান কৰিছিল।
তেওঁ অসমৰ গাঁৱে-ভূঞে গৈ সহজ-সৰল মানুহখিনিৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে ভিতৰুৱা অঞ্চলৰ পৰা লোকগীতৰ লেছেৰি বুটলি আৰু সেইসমূহৰ সংৰক্ষণৰ দিহা কৰি নতুন প্ৰজন্মৰ মাজত মেলি ধৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ অন্তিম সময়ত ৰচনা কৰা “এয়ে মোৰ শেষ গান” গীতটোক খগেন মহন্তই সুৰ আৰু কণ্ঠৰে সজাই তুলিছিল।
১৯৬১ চনত গুৱাহাটী আকাশবাণীৰ জৰিয়তে প্ৰথম গ্ৰামোফোন ৰেকৰ্ড কৰিছিল।
১৯৬৫ চনত সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত নেপাল যাত্ৰা আৰু সংগীত পৰিৱেশন কৰিছিল।
১৯৯৬ চনত বিট্ৰেইনত সংগীত পৰিৱেশন কৰিছিল।
১৯৫৯ চনত মহীশূৰত অনুষ্ঠিত সদৌ ভাৰত আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত খোলবাদন প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগী হৈছিল।
১৯৬১ চনত শকুন্তলা চিনেমাত অভিনয় কৰিছিল।
তেখেতে ২৩খন অসমীয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰিছিল।
মেঘমুক্তি, মইনাজান, যুঁজ আৰু নিশি উজাগৰ (টেলিফিল্ম) আদিত সংগীত পৰিচালনা কৰিছিল।
তেখেতে লাভ কৰা বঁটা আৰু সন্মান সমূহ হৈছে :-
১৯৯৯ চনত সংগীতাচাৰ্য বঁটা।
১৯৯৪ চনত শ্ৰীক্ষয় বঁটা।
১৯৯২ চনত সংগীত নাটক একাডেমী বঁটা।
১৯৭২ চনত প্ৰথম শ্ৰেনীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবানীৰ পৰা স্বীকৃতি প্ৰাপ্ত।
১৯৮৮ চনত ফিল্ম ক্ৰাফ্ট বঁটা।
১৯৯০ চনত টেলিফিল্ম নিশি উজাগৰ আৰু যুঁজ সংগীত নিৰ্দেশনাৰ বাবে ৰজত কমল বঁটা।
১৯৬৫ চনত নেপালত ৰয়েল থিয়েটাৰত মুৰেলী বাজো বনমা/ ল কৃষ্ণা চমজানা মনমা’ নামৰ নেপালী চহা জীৱনৰ গীতটি তেখেতে গাইছিল।
তেতিয়াখগেন মহন্ত সৰু আছিল।
তেওঁৰ কণ্ঠত নেপালৰ ভিতৰুৱা অঞ্চলৰ অখ্যাত গীত শুনি সকলো তেওঁৰ প্ৰশংসাত বিভোৰ হৈ গৈছিল।
মহেন্দ্ৰ ৰজাই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছিল।
আনহাতে গীত শুনি আনন্দিত হৈ নেপালৰ লোকগীতৰ সম্ৰাট ধৰমৰাজ থাপাই মৰমৰ চিনস্বৰূপে খগেন মহন্তৰ শিৰত এটি “টুপী” পিন্ধাই দিছিল।
নেপালৰ পৰা লাভ কৰা সেই টুপীটো শিৰত সন্মান সহকাৰে পিন্ধি থাকিছিল।
১৯৬৫ চনত তেওঁ সংগীত শিল্পী ‘অৰ্চনা মহন্ত‘ৰ লগত বিবাহপাশত আৱদ্ধ হয়।
তেখেতৰ পুত্ৰ বৰ্তমান অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী অংগৰাগ মহন্ত।
২০১৪ চনৰ ১২ জুন তাৰিখে তেখেত মৃত্যু হয়।
এনে মহান ব্যক্তিসকলৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24