সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বাধীন CAA আন্দোলনক লৈ আপুনি একমত নে।
উত্তৰ-পূব ছাত্ৰ সংগঠন এ আজিৰ পৰা সমগ্ৰ উত্তৰ-পূবত অঞ্চলত নাগৰিকত্ব সংশোধনি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব।
উত্তৰ-পূব ছাত্ৰ সংগঠনে বুধবাৰে সমগ্ৰ উত্তৰ-পূবত থকা মুখ্য কাৰ্যালয়ত নাগৰিকত্ব সংশোধনী আইন ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব।
প্ৰতিবেদন অনুসৰি, উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিভিন্ন অঞ্চলত বিদ্যমান পৰিস্থিতিৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে এই প্ৰতিবাদ অনুষ্ঠিত কৰা হ’ব।
সংবাদ মাধ্যমৰ সৈতে এই সন্দৰ্ভত বক্তব্য ৰাখি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই কয় যে চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰী সমস্যাসমূহৰ স্থায়ী সমাধান উলিয়াব লাগিব।
তেওঁ লগতে কয় – “উত্তৰ-পূবৰ ৰাজ্যসমূহত এতিয়াও বিদ্যমান বিভিন্ন সামাজিক-ৰাজনৈতিক সমস্যা সমাধানৰ দ্বাৰা তেওঁলোকৰ দাবী পূৰণ কৰাৰ লক্ষ্যৰে NESO য়ে ইয়াৰ সকলো ৰাজ্যিক মুখ্য কাৰ্যালয়ত শান্তিপূৰ্ণ আন্দোলন অনুষ্ঠিত কৰিব,” আৰু যদি কোনো সমাধান নাথাকে অসমে অকল্পনিয় পৰিস্হিতিৰ সন্মুখীন হ’ব লাগিব য’ত প্ৰাথমিক বা ৰাজ্যিক ভাষা নােহােৱা হৈ পৰিব যিটো “ত্ৰিপুৰাত দেখা গৈছিল”।
NESO য়ে নাগৰিকত্ব সংশোধনী আইন, সশস্ত্ৰ বাহিনী আইন আদিৰ দৰে কিছুমান বিষয়ৰ বিৰুদ্ধে ধৰ্না প্ৰদৰ্শন কৰিব।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ কিছুদিন পুৰ্বে covid-19 মহামাৰী কিছু কম হােৱাৰ পিছতে CAA কাৰ্যকৰী কৰিব বুলি মন্তব্য কৰিছিল।
তাৰ পিছতে এই বছৰৰে মে’ মাহত NESO আৰু AASU উভয়ে ইতেমধ্যে কয় যে তেওঁলোকে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যত কেতিয়াও CAA গ্ৰহণ নকৰে।
এক যুটীয়া বিবৃতিত NESO ৰ অধ্যক্ষ চেমুৱেল বি জিওৰা, মহাসচিব ছিনম প্ৰকাশ সিং আৰু উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই কয় যে NESO য়ে কেতিয়াও CAA গ্ৰহণ নকৰে।
তেওঁলোকে লগতে কয় যে “কেন্দ্ৰই আইনখন বাতিল কৰা উচিত।
যদি কাৰ্যকৰী কৰা হয় ই উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যক প্ৰভাৱিত কৰিব।
ই অঞ্চলটোৰ খিলঞ্জীয়া লোকসকলক তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ হ্ৰাস কৰিব।
ইতিমধ্যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বহুতো থলুৱা সম্প্ৰদায় ভাবুকিৰ সন্মুখীন হৈছে।
উত্তৰ-পূবৰ অধিক স্বাৰ্থৰ বাবে আমি CAA গ্ৰহণ নকৰোঁ” ।
তদুপৰি AASU ৰ সভাপতি দীপংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে, অসমত বিদেশী চিনাক্তকৰণ আৰু বিতাড়নৰ আধাৰ হ’ব লাগে অসম চুক্তি।
তেওঁলোকে লগতে কয় যে, ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত অনুপ্ৰৱেশ কৰা সকলোলোক বিদেশী আছিল সেইয়া হিন্দু বা মুছলমানেই হওঁক।
দীপাংক কুমাৰ নাথে লগতে কয় “কিছুমান ৰাজনৈতিক দলক বাংলাদেশী হিন্দু ভোটৰ প্ৰয়োজন আৰু কিছুমান দলক বাংলাদেশী মুছলমান ভোটৰ প্ৰয়োজন।
যদি কেন্দ্ৰই আমাৰ ওপৰত CAA আৰোপ কৰে 31 ডিচেম্বৰ, 2014 লৈকে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী হিন্দু সকল ভাৰতীয় হ’ব।
সেইকাৰণে আমি CAA গ্ৰহণ কৰিব নোৱাৰো।
ই আমাক আমাৰ ৰাজ্যৰ সংখ্যালঘুলৈ হ্ৰাস কৰিব”।
বিশ্বজিৎ দত্তৰ প্ৰতিবেদন Rnewsindia24