অভিনেতা, গল্পকাৰ, স্বাধীনতা সংগ্ৰামী ৰাজনীতিবিদ লক্ষ্যধৰ চৌধুৰীৰ জীৱন যাত্ৰা ।
লক্ষ্যধৰ চৌধুৰীঃ অসমৰ নাট তথা বোলছবি জগতৰ পিতামহ স্বৰূপ।
তেখেতে ভাৰত ত্যাগ আন্দোলন ৰ সময়ত সক্ৰিয়ভাৱে আন্দোলনত অংশগ্ৰহণ কৰি বহুবাৰ আত্মগোপন কৰিছিল।
তেখেত একাধাৰে অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ।
তেখেত জন্ম হৈছিল ১৯১৪ চনৰ ১৪ অক্টোবৰত।
পিতৃৰ নাম ভূধৰ চৌধুৰী আৰু মাতৃৰ নাম উমা চৌধুৰী।
তেখেতে ৰংমহলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল।
পাছত তেওঁ ১৯২৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰে।
১৯৩৩ চনত চৌধুৰীদেৱে কটন কলেজৰ পৰা সুখ্যাতিৰে বিজ্ঞান শাখাত স্নাতক উপাধি লাভ কৰে।
১৯৩৯ চনত উত্তৰ গুৱাহাটীৰ আউনিআটী মাধ্যমিক বিদ্যালয় ত এজন শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।
১৯৪২ চনত তেওঁ শিক্ষকতা বৃত্তি ত্যাগ কৰি স্বাধীনতা আন্দোলনত পূৰ্ণোদ্যমে জঁপিয়াই পৰে।
আন্দোলনৰ সময়চোৱাত লক্ষ্যধৰ চৌধুৰীয়ে জয় প্ৰকাশ নাৰায়ন, অৰুণা আছফ আলী, অচ্যুত পটৱৰ্দ্ধন, ৰাম মনোহৰ লোহিয়া আদিৰ দৰে বিখ্যাত ব্যক্তিৰ সান্নিধ্যলৈ আহে আৰু সমাজবাদৰ প্ৰতি গভীৰভাবে আকৃষ্ট হয়।
স্বাধীনতা লাভৰ পাছত অনুষ্ঠিত ১৯৫২ চনৰ প্ৰথম নিৰ্বাচনত লক্ষ্যধৰ চৌধুৰীয়ে সমাজবাদী দলৰ প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দ্বিতা কৰি ৰোহিনী কুমাৰ চৌধুৰীৰ হাতত পৰাজিত হয়।
১৯৫৭ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত কমলপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ পুনৰ বিফলতাৰ মুখ দেখিব লগা হয়।
১৯৬৭ চনত লক্ষ্যধৰ চৌধুৰীয়ে প্ৰথম বাৰৰ বাবে অসম বিধান সভাৰ বাবে নিৰ্বাচিত হয়।
সেই কালছোৱাত তেওঁ ভূপেন হাজৰিকা, বিষ্ণু প্ৰসাদ ৰাভা আদিৰ সতে লগলাগি অসমত এক সাংস্কৃতিক গনজাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।
১৯৭২ চনত তেওঁ পুনৰবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হয়।
১৯৭৮ চনৰ গোলাপ বৰবৰাৰ নেতৃত্বাধীন অসম মন্ত্ৰীসভাত জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচিত হৈ লক্ষ্যধৰ চৌধুৰীয়ে শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰিত্ব লাভ কৰে।
লক্ষ্যধৰ চৌধুৰীয়ে ১৯৭৫ চনত প্ৰয়াত ৰাধাগোবিন্দ বৰুৱাৰ পাছত গুৱাহাটী পৌৰ নিগমৰ দ্বিতীয় গৰাকী মেয়ৰ হিচাপে নিৰ্বাচিত হয়।
চৌধুৰীদেৱে ১৯৪৯ চনত ডিব্ৰুগড়ৰ ঊষা চৌধুৰীৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।
কম বয়সতে অভিনেতা হিচাপে সুখ্যাতি অৰ্জন কৰা লক্ষ্যধৰ চৌধুৰীয়ে ছাত্ৰাৱস্থাতেই কামাখ্যানাথ ঠাকুৰ, জলতিৰাম লহকৰ আদিৰ দৰে নাট্যকাৰৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল।
নৱম শ্ৰেনীত পঢ়ি থাকোঁতেই তেওঁ ‘একলব্য‘ নামৰ এখনি নাট ৰচনা কৰি নিজৰ প্ৰতিভাৰ ইংগিত দিছিল।
তেওঁৰ ৰচিত উল্লেখযোগ্য নাটকবোৰ হ’ল :- ৰক্ষা কুমাৰ, আলিবাবা, ওমলা ঘৰ, নিমিলা অংক, যৱনিকাৰ আঁৰে আঁৰে ইত্যাদি।
তেওঁৰ গদ্য সাহিত্যই অসমীয়া সাহিত্য জগতত এক সুকীয়া ধাৰাৰ সৃষ্টি কৰিছিল।
তেওঁৰ গল্পসমূহ চন্দ্ৰপ্ৰসাদ শইকীয়া সম্পাদিত মাহেকীয়া অসমীয়া আলোচনী ‘প্ৰকাশ’ত নিয়মিয়াকৈ প্ৰকাশিত হৈছিল।
লক্ষ্যধৰ চৌধুৰীৰ প্ৰথম প্ৰকাশিত গল্পটি হৈছে ‘চণ্ডিকাই‘।
তেওঁৰ দুখন উল্লেখযোগ্য গল্প সংকলন হ’ল ‘মানুহ বিছাৰি‘ আৰু ‘মইনামতি‘।
তেওঁৰ প্ৰকাশিত অন্যান্য পুথিসমূহ হ’ল :- ৰাজনীতিৰ অ আ ক খ, মোৰ অভিনেতা জীৱনৰ কাহিনী ইত্যাদি।
তেখেতে অভিনয় কৰা দুখন উল্লেখযোগ্য অসমীয়া চলচ্চিত্ৰ হৈছে ‘নিমিলা অংক‘ আৰু ‘বদন বৰফুকন‘।
‘নিমিলা অংক‘ ছবিখনৰ পৰিচালকো আছিল লক্ষ্যধৰ চৌধুৰী।
১৯৬১ চনত মুক্তিপ্ৰাপ্ত ‘লাচিত বৰফুকন‘ কথাছবিখন লক্ষ্যধৰ চৌধুৰীয়ে প্ৰবীণ ফুকন ৰ সতে যুটীয়াভাৱে পৰিচালনা কৰিছিল।
অসমীয়া সাহিত্য জগতত তেখেতে আগবঢ়াই থৈ যোৱা অৱদানসমূহৰ বাবে তেখেতৰ জন্মদিনটোক তেখেতৰ অনুৰাগীসকলে “কিতাপৰ দিন” হিচাপে উদ্যাপন কৰে।
ৰংমহলৰ অস্থায়ী মঞ্চসজ্জাৰ পৰা আৰম্ভ কৰি কুমাৰ ভাস্কৰ নাট্য মন্দিৰলৈ এক সূদীৰ্ঘ বাট অতিক্ৰম কৰা লক্ষ্যধৰ চৌধুৰীয়ে নাট্য জগতৰ উপৰিও অসমীয়া বোলছবি জগততো নিজৰ বলিষ্ঠ অভিনয়ৰে অভিনয় প্ৰতিভাৰ নিদৰ্শন দেখুৱাই থৈ যাবলৈ সক্ষম হৈছিল।
তেখেতৰ কৰ্মৰাজী আৰু অৱদান সমূহ সদায় চিৰস্মৰণীয় হৈ থাকিব।
২০০০ চনৰ ১৮ আগষ্টত তেখেত মৃত্যু হয়।
এনে মহান ব্যক্তিসকলৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24