লখিমপুৰত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন ধৰ্ষণৰ অভিযুক্ত দুধৰ্ষ ৰাজু বৰুৱা।
ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত এজন বিচাৰাধীন বন্দীয়ে মঙলবাৰে লখিমপুৰ জিলা আদালত চৌহদৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে, য’ত তেওঁক শুনানিৰ বাবে লৈ যোৱা হৈছিল।
৪০ বছৰীয়া অভিযুক্ত ৰাজু বৰুৱা লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ বাসিন্দা।
যোৱা ২২ জানুৱাৰীটো জিলাখনৰ এটা কোভিড-কেয়াৰ চেণ্টাৰত চিকিৎসাধীন অভিযুক্তজনে জিম্মাৰ পৰা পলায়ন কৰিছিল।
কিন্তু কেইদিনমানৰ পিছত আৰক্ষীয়ে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰে।
অভিযুক্তজনক তেওঁৰ বিৰুদ্ধে থকা গোচৰৰ সন্দৰ্ভত ঢকুৱাখনাৰ উপ-বিভাগীয় দণ্ডাধীশৰ আদালতত হাজিৰ কৰিবলৈ লৈ যোৱা হৈছিল।
হঠাতে তেওঁ শৌচাগাৰলৈ দৌৰি যায় আৰু খিৰিকী ভাঙি পলায়ন কৰে।
অসম আৰক্ষিয়ে ইতিমধ্যে অনুসন্ধান অভিযান আৰম্ভ কৰিছে।
সকলো আৰক্ষী থানাক সতৰ্ক কৰি দিয়া হৈছে বুলি জানিব দিয়ে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক বি.এম ৰাজখোৱাই।
যোৱা বছৰ ছেপ্টেম্বৰত ৰাজু বৰুৱাক এগৰাকী মহিলাক ধৰ্ষণ আৰু হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।
তেওঁ ২৪ ছেপ্টেম্বৰত আৰক্ষীৰ গুলীচালনাত আঘাতপ্ৰাপ্ত হৈছিল আৰু জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছিল।
তেওঁক চিকিৎসা সহায়ৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল।
ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হোৱাৰ আগতে তেওঁ আঠ বছৰৰ কাৰাবাস খাটিছিল আৰু ২০২০ চনত কাৰাগাৰৰ পৰা ওলাই আহিছিল।
তেওঁ বিভিন্ন অবৈধ কাৰ্যকলাপত জড়িত আছিল।
যাৰ ভিতৰত আছে ড্ৰাগস সৰবৰাহ আৰু ধন দাবী।
আনহাতে যোৱা ২ আগষ্টত কোভিড-১৯ ৰ পৰীক্ষা কৰাৰ সময়ত আৰু তিনিজন বিচাৰাধীন বন্দীয়ে ধাৰাসাৰ বৰষুণৰ সুযোগ লৈ কাৰ্বি আংলঙৰ ডিফুত অৱস্থিত জিলা কাৰাগাৰ ৰ পৰা পলাই যায়।
বিশ্বজিত দত্তৰ প্ৰতিবেদন Rnewsindia24