সাহিত্যিক, গীতিকাৰ, কবি, নাট্যকাৰ, “গীতিকবি” পাৰ্ৱতি প্ৰসাদ বৰুৱা।
“আপুনি যদি আপোনাৰ নিজস্বটো প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে তেনেহ’লে আপোনাৰ আইগৰাকী দুখীয়া নিছলা হ’লেও আই বুলি মাতিবলৈ লাজ পালে নচলিব। আপুনি আমাৰ সকলো বিষয়তে এই নিজৰ ভেটি বিচৰাটোৱেই হৈছে প্ৰথম প্ৰয়োজনৰ কথা- আমাৰ জাতীয়তা ৰক্ষা কৰিবলৈ হ’লে”। – পাৰ্ৱতি প্ৰসাদ বৰুৱা
অসমীয়া গীতি-সাহিত্যৰ ভঁৰাল চহকী কৰোঁতা পাৰ্ৱতি প্ৰসাদ বৰুৱা দেৱৰ আজি উপজা দিন।
তেখেত একাধাৰে সাহিত্যিক, গীতিকাৰ, কবি, নাট্যকাৰ আৰু চলচ্চিত্ৰ-নিৰ্মাতা।
তেখেত “গীতিকবি” ৰূপে পৰিচিত।
পাৰ্ৱতি প্ৰসাদ বৰুৱা দেৱৰ জীৱনযাত্ৰাঃ
তেখেত জন্ম হৈছিল ১৯০৪ চনৰ ১৯ আগষ্টত শিৱসাগৰ জিলাত।
তেওঁ শিৱসাগৰ ফুলেশ্বৰী ল’ৰা উচ্চ বিদ্যালয় ত অধ্যয়ন কৰিছিল।
১৯২১ চনত তেখেতে কটন কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰি কলেজীয়া জীৱনৰ পাতনি মেলে।
তাৰ পিছত আই এছ চি পৰীক্ষা পাছ কৰে।
১৯২৫ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় আৰু তাতে স্কটিছ চাৰ্চ কলেজত বি.এ শ্ৰেণীত নাম লগায়।
পাৰ্ৱতি প্ৰসাদ এগৰাকী চাহ খেতিয়কো আছিল।
১৯২৯ চনত মোমায়েকৰ চাহ বাগান ‘সৰু-চৰাই‘ত কাম শিকি পাৰ্ৱতি বৰুৱাই বাগিচাত কৰ্মজীৱনৰ পাতনি মেলে।
জীৱনৰ শেহৰ দিনকেইটা তেখেতে সোণাৰিৰ সোণালী পামত কটাইছিল।
পাৰ্ৱতি প্ৰসাদ কিছু দিনৰ বাবে লোকেল বৰ্ডৰো সদস্য হৈ আছিল।
কলেজত পঢ়ি থকা সময়তে পাৰ্ৱতি প্ৰসাদে অসম ছাত্ৰ সন্মিলন ত যোগ দিছিল।
তেতিয়া অসম ছাত্ৰ সন্মিলনৰ সম্পাদক আছিল ডিম্বেশ্বৰ নেওগ।
১৯২৯ চনত শৰত কালৰ এটি পূৰ্ণিমা ৰাতিত সৰু চৰাই চাহ-বাগিচাৰ বৰ বঙলাৰ আগফালে এজোপা খাজুৰী গছৰ তলত পাৰ্ৱতি প্ৰসাদে জোনাকী মেলৰ পাতনি মেলে।
পিছলৈ এই মেলে অসম সাহিত্য সভা ৰ এটা শাখা হৈ অসমীয়া ভাষা-সাহিত্যৰ উন্নতি আৰু বিকাশত সহায় কৰে।
জোনাকী মেলৰ উদ্দেশ্য আছিল সাহিত্য চৰ্চা।
জোনাকী মেলেৰে অসম সাহিত্য সভাৰ লগত জড়িত হৈ পাৰ্ৱতি প্ৰসাদে মহেশ্বৰ নেওগৰ সভাপতিত্বৰ কালত অসম সাহিত্য সভাৰ এটি ভৱন নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে।
অসমত সংগীতৰ প্ৰসাৰ আৰু বিকাশৰ অৰ্থে অসম সংগীত নাটক একাডেমীয়ে বিশেষ ভূমিকা লোৱাত পাৰ্ৱতি প্ৰসাদে গুৰুত্ব দিছিল।
তেখেতৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছেঃ লুইতী, শুকুলা ডাৱৰ ঐ কহুৱা, ময়াপী, সুৰ চানেকি
মৌ টোকাৰী, লখিমী, খেল ভঙা খেল, সোণৰ সোলেঙ
গুণগুণনি, ভঙা টোকাৰীৰ সুৰ।
গদ্য ৰচনাসমূহ হলঃ শিল্প সম্পৰ্কে একাষাৰ,
শিক্ষকসকললৈ বিদায়, সম্বৰ্ধনাৰ প্ৰত্যুত্তৰ, জোনাকী মেল, কলা-সংস্কৃতি
সমিধান, ৰূপকোঁৱৰৰ কথা।
গীতসমূহক “পাৰ্ৱতি সংগীত” বুলি কোৱা হয়।
তেখেত পৰিচিত আছিল গীতিকবি ৰূপে।
তেখেতে ১৯৪০ চনত ৰূপহী নিৰ্মাণ কৰি উলিয়াইছিল।
ৰূপহী আছিল চতুৰ্থখন অসমীয়া ছবি।
কেৱল ছবি নিৰ্মাণেই নহয়, তেখেতে ছবিত অভিনয়ো কৰিছিল।
ছাত্ৰাৱস্থাতেই তেখেতে ‘থুপিতৰা‘ নাম দি এখন হাতেলিখা আলোচনী উলিয়াইছিল।
‘থুপিতৰা‘ বন্ধ হ’লত সৰু ভায়েক মোক্ষদা প্ৰসাদৰ সম্পাদনাত ‘ঘৰ-জেউতি‘ লিখি উলিয়াইছিল।
পাৰ্ৱতি প্ৰসাদ বৰুৱাই ১৯৬১ চনত গোৱালপাৰা ত বহা অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতি ৰ পদ অলংকৃত কৰিছিল।
১৯১৩ চনত ৯ বছৰ বয়সতে পাৰ্ৱতি প্ৰসাদে নাট্য প্ৰতিভাৰ পৰিচয় দিয়ে।
তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শোণিত কুঁৱৰী নাটকত চিত্ৰলেখা, বেজবৰুৱাৰ চক্ৰধ্বজ সিংহ নাটত লাচিত, বিসৰ্জন নাটত ৰাম, ৰাজনটীত পালক আদিত অভিনয় কৰি অভিনেতা ৰূপে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।
১৯৬৪ চনৰ ৭ জুনত তেওঁ মৃত্যু হয়।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24