মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কেৰিয়াৰ কাউন্সেলিং অভিযানৰ চতুৰ্থখন কাৰ্যসূচী মাজুলীত সম্পন্ন।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত অসম ডাওন ইউনিভাৰৰ্ছিটীৰ সহযোগত আৰু TMPK ব্যৱস্থাপনাৰে মাজুলি গড়মুৰ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানটি উদ্বোধন কৰে মাজুলী জিলাৰ টিএমপিকে ৰ সভাপতি টুটু পাংগীঙে, সভাখন আতধৰে মাজুলী টিএমপিকে ৰ সম্পাদক হেমন্ত মিলিয়ে ৷
উক্ত অনুষ্ঠানত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকে motivational speaker, Corporate trainer অঞ্জন চৌধুৰী আৰু ইফটিকাৰ আহমেদ Assistant Project manager Assam Downtown University, মানস প্ৰতিম চেতিয়া Project coordinator Assam Downtown University .
মিচিং স্বায়ত্তশাসিত পৰিষদৰ কেৰিয়াৰ কাউন্সেলিং অভিযান ।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে থাকি মিচিং স্বায়ত্ত্বশাসিত পৰিষদ কাৰ্যবাহী সদস্য উমা পাঠৰি আৰু মিচিং স্বায়ত্ত্বশাসিত পৰিষদ সাধাৰণ সদস্য নিলকান্ত দলে, এম এম কেন্দ্ৰীয় সমিতিৰ সদস্য ৰাজীৱ পেগু এ ছাত্ৰছাত্ৰী সকলক উদ্দেশ্যি ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে বক্তব্য আগবঢ়াই।
Career Counseling অনুষ্ঠানত মাজুলীৰ ৩১ খন বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰায় ৮০০ ৰো অধিক ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে শিক্ষক শিক্ষয়ত্ৰী অভিভাৱক উপস্থিত থাকে ৷
মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ এনে পদক্ষেপক শিক্ষক অভিভাৱকৰ উপৰিও মাজুলীৰ সচেতন নাগৰিকে প্ৰশংসা কৰিছে।
Rnewsindia24.com