ব্যক্তিৰ মৃত্যু হলেওঁ ব্যক্তিত্বৰ নহয়। ব্যক্তিত্ব ধৰি ৰখাৰ কেইটিমান উপায়।

Spread the love

ব্যক্তিৰ মৃত্যু হলেওঁ ব্যক্তিত্বৰ নহয়।

ব্যক্তিত্ব ধৰি ৰখাৰ উপায় কি কি হব পাৰে?

১/ কথা ক’ম ক’ব লাগে, শুনিব লাগে বেছি।
২/ কৌতুক কৰি হলেওঁ মিছা কথা কব নালাগে।
৩/ প্ৰতিশ্ৰুতি দি সেয়া ৰক্ষা কৰিব লাগে।
৪/ ভুল হলে তৰ্কত লিপ্ত নহৈ সেয়া মানি লব লাগে।
৫/ অনাহক অতিৰিক্ত হাহিঁব নালাগে।
৬/ ঘন কথা নকৈ ধীৰে-স্থিৰে কথা কব লাগে।
৭/ নজনা বিষয় আনক ক’ব নালাগে।
৯/ নিজকে শ্ৰেয় ভাৱি আনক বুজাব নালাগে।
১০/ অইনক ক’বলৈ দি প্ৰথমে নিজে শুনিব লাগে।
১১/ শব্দ কৰি কেতিয়াওঁ খাদ্য খাব নালাগে।
১২/ খং উঠিলে নিজকে নিয়ন্ত্ৰণ কৰিব লাগে।
১৩/ কোনোবাই ভুল কৰিলে তাক ক্ষমা কৰিব লাগে।
১৪/ ফটা-ছিঙা জোতা, কাপোৰ পিন্ধিব নালাগে।
১৫/ পৰাপক্ষত কাৰো ওচৰত হাত পাতিব নালাগে।
১৬/ পাৰিলে আনক খোৱাব লাগে, খুজি খাব নালাগে।
১৭/ আহাৰ গ্ৰহণৰ পূৰ্বে আনক যাচিব লাগে।
১৮/ সৰু-বৰ সকলোকে সন্মান জনাই কথা ক’ব লাগে।
১৯/ মুখ আৰু শৰীৰৰ দুৰ্গন্ধৰ পৰা মুক্ত থাকিব লাগে।
২০/ নিজকে সকলো সময়ত সৰু ভাবিব লাগে আৰু নম্ৰতা দেখুৱাব লাগে।
২১/ কাকো হিংসা, ঘৃণা, নিন্দা ঈৰ্ষা কৰিব নালাগে।
২২/ অন্তৰত কেতিয়াওঁ জাতিভেদ পুহি গত ৰাখিব নালাগে।
২৩/ সকলো ধৰ্মকে শ্ৰদ্ধা কৰিব লাগে।
২৪/ আনক ভাল কামৰ উৎসাহ আৰু বেয়া কামৰ পৰা বিৰত থাকিবলৈ ক’ব লাগে।
২৫/ অন্তৰত এটা, মুখত আন এটা এই নীতি পৰিহাৰ কৰিব লাগে।
২৬/ ছলনাময়ী কথাৰে মানুহক জালত পেলাব নালাগে।
২৭/ ঠগ-প্ৰৱঞ্চনাৰ পৰা আতৰি থাকিব লাগে।
২৮/ আনক সমালোচনা কৰাৰ পৰিবৰ্তে প্ৰসংশা কৰিব লাগে।
২৯/ মিছা কথাৰ পৰা দুৰৈত অৱস্থান কৰিব লাগে।
৩০/ শিক্ষা, স্বাস্থ্য আৰু পৰিস্কাৰ-পৰিচন্নতাৰ প্ৰতি গুৰুত্ব দিব লাগে।
৩১/ কোনো ধৰ্মকেই সৰু বুলি ভাৱিব নালাগে।
৩২/ সৰ্বস্তৰৰ মানুহক নিজৰ কুটুম্ব ভাৱিব লাগে।
৩৩/ সকলোৰে সৈতে বন্ধুত্বসুলভ ব্যৱহাৰ কৰিব লাগে।
৩৪/ নিজৰ ওপৰত নেস্ত দায়িত্বৰ কৰ্তব্যত গাফিলতি কৰিব নালাগে।
৩৫/ যিকোনো কাম নিষ্ঠা-সততাৰে কৰিব লাগে
৩৬/ কৰ্মৰ লগতে আধ্যাত্মিকতা আৰু ধৰ্ম চৰ্চাত নিমগ্ন থাকিব লাগে
৩৭/ পৰ চৰ্চাৰ পৰা নিজকে আতঁৰাই ৰাখিব লাগে।
৩৮/ আনৰৰ ভাল কৰিব নোৱাৰিলেও অন্ততঃ বেয়াটো কৰিব নালাগে।
৩৯/ কাৰো মিছা স্বাক্ষী দিব নালাগে।
৪০/ ভাগ্য আৰু কৰ্মৰ ফলত যি প্ৰাপ্ত হয় তাৰ ওপৰত সন্তুষ্ট থাকিব লাগে।

হয়, এই দৰেই যদি সকলোৱে ভাৱিলেহেতেঁন তেন্তে আমাৰ সমাজ তথা দেশখন কিমান সুন্দৰ হৈ চলিলেহেতেঁন।

মানৱ সভ্যতাৰ এইখন দেশ তথা সমাজত কেতিয়াওঁ কলহ-বিবাদ, ঈৰ্ষা, শত্ৰুতা, অপৰাধ-অপকৰ্ম তথা ধৰ্ম, জাত-পাতৰ ভেদাভেদ নাথাকিলেহেঁতেন, বৰঞ্চ তাৰ ঠাইত দেশৰ আকাশে-বতাহে কেৱল শান্তি, মৈত্ৰী আৰু উন্নতিৰ পতাকা উৰিলেহেঁতেন

এতিয়াওঁ সময় শেষ হৈ যোৱা নাই; আহক আমি জাতি, ধর্ম, বর্ণ, ভাষা, গোষ্ঠী, লিঙ্গ নিৰ্বিশেষে সকলোৱেই নিজৰ ব্যক্তিত্ব ধৰি ৰখাৰ লগতে আমাৰ বাৰেৰহণীয়া সভ্যতা-সংস্কৃতিৰে ভৰপূৰ ভাৰত তথা ভাৰতবাসীৰ স্বাৰ্থত উপৰোক্ত কথাখিনি বাস্তৱত পৰিণত কৰোঁ।

কেইদিন’নো জীয়াই থাকিম আমি এই ক্ষণস্থায়ী ধৰাৰ বুকুত?

এদিন নহয় এদিন এই মায়াবী জগতখনৰ পৰা অনিচ্ছা স্বত্বেও প্ৰস্হান কৰিবই লাগিব।

পিছে ব্যক্তিৰ মৃত্যু হলেওঁ ব্যক্তিত্বৰ মৃত্যু নহয়।

সেয়ে, যি কেইদিনেই জীয়াই নাথাকোঁ কিয়, আহক আমি আমাৰ মানৱ জীৱনটো সাৰ্থক কৰোঁহি।

হে দয়াময় প্ৰভু জীৱন চলাৰ পথত আমি যি ভুল কৰিছোঁ তাৰ বাবে অনুতপ্ত, এতিয়া আমাক নতুন জীৱন গঢ়ি তুলিবলৈ শক্তি দিয়া।

জুলহাছ আলী আহমেদৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *