ৰতনপুৰমিৰি অঞ্চলৰ ডেৰ শতাধিক অন্যান্য ৰাজনৈতিক দলৰ সদস্য সন্মিলিত গণশক্তিত যোগদান।

Spread the love

সন্মিলিত গণশক্তি অসম উজনী মাজুলী ব্লক সমিতিৰ অন্তৰ্গত ৰতনপুৰমিৰি সন্মিলিত গণশক্তি অসম আৰু নাৰীশক্তি অসম দলৰ প্ৰতিনিধিমূলক কৰ্মী সন্মিলন।

ৰতনপুৰ মিৰি সন্মিলিত গণশক্তিৰ কৰ্মী সন্মিলনত দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰায় ১৫০ গৰাকীয়ে সন্মিলিত গণশক্তি অসম দলত যোগদান কৰে।

সভাখন উদ্বোধন কৰে সন্মিলিত গণশক্তিৰ সাংগঠনিক সম্পাদক তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় সাধাৰন সদস্য নিলকান্ত দলেয়ে।
সভাত সভাপতিত্ব কৰে সন্মিলিত গণশক্তি অসমৰ প্ৰদীপ পাতিৰে।
সভাখন আতধৰে ৰতনপুৰমিৰি সন্মিলিত গণশক্তি অসম দলৰ সম্পাদক ধৰ্ম খনিকৰে।

 

সভাত বক্তব্য আগবঢ়াই উজনী মাজুলী ব্লক সন্মিলিত গণশক্তি অসম দলৰ সভাপতি দেবজিৎ পাতিৰ, সন্মিলিত গণশক্তি অসম উজনী মাজুলী ব্লক সমিতি প্ৰতিষ্ঠাপক সভাপতি সুৰেশ ভট্টই।

উক্ত সভাত পৰবৰ্তী তিনিবছৰীয়া কাৰ্যকালৰ বাবে উজনি মাজুলি সন্মিলিত গণশক্তি আৰু নাৰী শক্তিৰ নতুন সমিতি গঠন কৰা হয়।

নৱ গঠিত সমিতিৰ সভাপতি লম্বোদৰ গায়ন, সম্পাদক ক্ৰমে ভৰত মালা , ৰমেন শইকীয়া , দিনেশ দলে আৰু জীৱন দলে, ৰতনপুমিৰি সন্মিলিত নাৰীশক্তি অসম দলৰ সভানেত্ৰী মনেশ্বৰী পেগু, সম্পাদিক প্ৰিতি ডেকা , দেবান্তী কুলি আৰু অনিমা চৌধুৰীক লৈ গঠন কৰে।

মিচিং স্বায়ত্ত শাসিত পৰিষদ
মিচিং স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন। 
rnewsindia24.com

 

Leave a Reply

Your email address will not be published. Required fields are marked *