ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি ভাৰত ৰত্ন প্ৰণব কুমাৰ মুখাৰ্জীৰ জীৱন যাত্ৰাঃ

Spread the love

প্ৰণব কুমাৰ মুখাৰ্জীৰ ১৯৩৫ চনৰ ১১ ডিচেম্বৰত জন্ম হৈছিল।

তেখেত ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি আছিল।

তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীন ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰীদপ্তৰত কাৰ্য্যনিৰ্বাহ কৰিছিল।

বিশেষকৈ তেওঁ কংগ্ৰেছৰ এজন শীৰ্ষস্থানীয় সমস্যা সমাধানকাৰী নেতা আছিল।

১৯৫৭ চনৰ ১৩ জুলাইত তেখেত সুভৰা মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

তেওঁলোকৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যা আছিল।

১৯৬৯ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহায়ত কংগ্ৰেছ দলৰ পৰা ৰাজ্যসভাৰ সদস্যপদলৈ নিৰ্বাচিত হোৱাৰ লগে লগে তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়।

১৯৮২-৮৪ চনত বিত্তমন্ত্ৰী পদেৰে তেওঁ প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব লাভ কৰে।

১৯৮০-৯৫ সময়চোৱাত তেওঁ ৰাজ্যসভাৰ নেতা আছিল।

ৰাজীৱ গান্ধীৰ প্ৰধান মন্ত্ৰীত্বৰ কালত তেওঁক পাৰ্শ্ববৰ্তী কৰি ৰখা হয়।

কিন্তু তেখেতে কংগ্ৰেছ পৰিত্যাগ কৰি “ৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছ” বুলি নিজে দল খোলে।

পাচত ১৯৮৯ চনত ইয়াক আকৌ কংগ্ৰেছৰ লগত সমন্বিত কৰা হয়।

১৯৯১ চনত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও ৰ দিনত তেওঁক পৰিকল্পনা আয়োগৰ অধ্যক্ষ আৰু ১৯৯৫ চনত বিদেশ মন্ত্ৰীৰ পদত অধিষ্ঠিত কৰা হয়।

২০০৪ চনত কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স ক্ষমতালৈ অহাৰ সময়ত প্ৰণব মুখাৰ্জী প্ৰথমবাৰৰ বাবে ভাৰতীয় সংসদৰ জনপ্ৰিয়তাৰে নিৰ্বাচিত হোৱা নিম্ন সদন লোকসভাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয়।

২০১২ চনত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ চৰকাৰৰ পৰা ইস্তফা দিয়া সময়লৈকে মুখাৰ্জী প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মন্ত্ৰীসভাত দ্বিতীয় বৰিষ্ঠ নেতা আছিল

তেখেতে ১৯৭৩–১৯৭৪ চনলৈকে কেন্দ্ৰীয় উদ্যোগিক উন্নয়ন মন্ত্ৰী
১৯৭৪ চনত কেন্দ্ৰীয় জাহাজ আৰু পৰিবহণ মন্ত্ৰী
১৯৭৪–১৯৭৫ চনলৈকে
ৰাজ্যিক বিত্ত মন্ত্ৰী
১৯৭৫–১৯৭৭ চনলৈকে কেন্দ্ৰীয় ৰাজহ আৰু বেংকিং মন্ত্ৰী

১৯৭৮–৭৯ চনলৈকে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ
১৯৮০–৮৫ চনলৈকে ৰাজ্যসভাৰ সদনৰ নেতা।
১৯৮০–১৯৮২ চনলৈকে কেন্দ্ৰীয় বাণিজ্য, তীখা আৰু খনি মন্ত্ৰী
১৯৮২–১৯৮৪ চনলৈকে কেন্দ্ৰীয় বিত্তমন্ত্ৰী
১৯৮৪ চনলৈকে কেন্দ্ৰীয় বাণিজ্য আৰু যোগান মন্ত্ৰী
১৯৮৫ আৰু ২০০০–০৮ চনলৈকে কংগ্ৰেছ পাৰ্টিৰ ৰাজ্যিক এককৰ সভাপতি।

 

১৯৮৭–১৯৮৯ চনলৈকে এ আই চি চি ৰ অৰ্থনৈতিক পৰামৰ্শদাতা কোষৰ অধ্যক্ষ
১৯৯১–১৯৯৬ চনলৈকে পৰিকল্পনা আয়োগৰ উপ-অধ্যক্ষ
১৯৯৩–১৯৯৫ চনলৈকে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী
১৯৯৫–১৯৯৬ চনলৈকে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী
১৯৯৫ চনত ছাৰ্ক মন্ত্ৰী পৰিষদ সন্মিলনৰ সভাপতি
১৯৯৮–১৯৯৯ চনলৈকে এ আই চি চি ৰ সাধাৰণ সম্পাদক
১৯৯৯–২০১২ চনলৈকে কেন্দ্ৰীয় নিৰ্বাচন সমন্বয় সমিতিৰ অধ্যক্ষ

২০০৪–২০১২ চনলৈকে লোকসভাৰ নেতা।
২০০৪–২০০৬ চনলৈকে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী
২০০৬–২০০৯ চনলৈকে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী
২০০৯–২০১২ চইদনলৈকে কেন্দ্ৰীয় বিত্তমন্ত্ৰী
২০১২ চনৰ ২৫ জুলাই- ২০১৭ ২৫ জুলাই লৈকে ভাৰতৰ ৰাষ্ট্ৰপতি আছিল।

তেখেতক ২০০৮ চনত পদ্মবিভূষণ আৰু ২০১৯ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান “ভাৰত ৰত্ন” প্ৰদান কৰে।

২০২০ চনৰ ৩১ আগষ্ট তাৰিখে ৮৪ বছৰ বয়সত মুখাৰ্জীৰ মৃত্যু হয়।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ আঁচনি।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব Rnewsindia24.com

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *