অসমৰ প্ৰথম মহিলা ন্যায়িক দণ্ডাধীশ তথা অসম প্ৰশাসনিক সেৱাৰ প্ৰথম মহিলা বিষয়া শুচিব্ৰতা ৰায়চৌধুৰীৰ জীৱন যাত্ৰা ।

Spread the love

শুচিব্ৰতা ৰায়চৌধুৰীঃ

তেওঁ জন্ম হৈছিল ১৯২৯ চনৰ ১ ছেপ্টেম্বৰত গুৱাহাটীৰ পানবজাৰত।
তেখেত এগৰাকী অসমীয়া সাহিত্যিক, কবি আৰু অসম প্ৰশাসনিক সেৱাৰ বিষয়া আছিল।

তেওঁৰ পিতৃ স্বাধীনতা সংগ্ৰামী অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আৰু মাতৃ কশল্যা দেৱী। চাৰিগৰাকী সন্তানৰ ভিতৰত শুচিব্ৰতা জ্যেষ্ঠ সন্তান আছিল।

তেওঁ শৈশৱৰ পৰাই গীত, কাহিনী, কবিতা আৰু প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰিছিল।

পঞ্চম শ্ৰেণীত তেওঁৰ বন্ধু কমলা দাসৰ সৈতে প্ৰথম হাতেৰে লিখা আলোচনী ‘বন্তি‘ প্ৰকাশ কৰিছিল।

মহাত্মা গান্ধীৰ ওপৰত লিখা আলোচনীখনত তেওঁ “সন্ন্যাসী” শিৰোনামেৰে এটা কবিতা লিখিছিল।

চতুৰ্থ শ্ৰেণীত থাকোঁতে তেওঁ বৰগীত গাবলৈ আৰম্ভ কৰিছিল।

তেওঁ গুৱাহাটীৰ পানবজাৰৰ বালিকা প্ৰাথমিক বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰিছিল।

১৯৪৫ চনত তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।

একে বছৰতে তেওঁ বিজ্ঞানৰ বাবে “প্ৰতিভা দেৱী বঁটা” আৰু “নাৰায়ণী সন্দিকৈ বঁটা“ও লাভ কৰিছিল।

১৯৪৭ চনত তেওঁ সন্দিকৈ ছোৱালী মহাবিদ্যালয় ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়।

১৯৪৯ চনত তেওঁ একেখন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল।

তেওঁ অল ইণ্ডিয়া ৰেডিঅ‘ৰ বাবে নাটকো লিখিছিল।

তেওঁ ১৯৫১ চনত তাৰিণী চৰণ ছোৱালী বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল।

১৯৫৩ চনত তেওঁ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা অসামৰিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হয় আৰু ১৯৫৪ চনত তেওঁ এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে অসম প্ৰশাসনিক সেৱাত যোগদান কৰে।

১৯৫৪ চনৰ ১৫ ফেব্ৰুৱাৰীত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উপ দণ্ডাধীশ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু তাৰ পিছত অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন পদবীত নিযুক্তি লাভ কৰিছিল।

১৯৭০ চনত তেওঁ শ্বিলঙত অৱস্থিত পঞ্চায়ত বিভাগৰ উপ-সঞ্চালক পদত অধিষ্ঠিত হৈছিল।

১৯৭৩ চনত তেওঁ খাদি আৰু গ্ৰামোন্নয়ন ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল।

১৯৭৬ চনত গুৱাহাটীৰ উপ- আয়ুক্ত হৈছিল।

১৯৭৭ চনৰ পৰা ১৯৮৩ চনলৈ তেওঁ ডিষ্ট্ৰিক গেজেটিয়াৰৰ সচিব আছিল লগতে আকৌ এবাৰ তেওঁক গুৱাহাটীৰ খাদি আৰু গ্ৰামোন্নয়ন ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল।

১৯৮৩ চনত তেওঁ শিক্ষা বিভাগৰ উপ সঞ্চালক আৰু ১৯৮৬ চনত সমাজ কল্যাণ বিভাগৰ সঞ্চালক পদত অধিষ্ঠিত হৈছিল।

১৯৮৯ চনৰ ৩১ আগষ্টত ৰাজহ বিভাগৰ বিষয়া হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰে।

তেওঁ গোটেই জীৱন দুখীয়া-নিছলা সকলৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল।

ইয়াৰ বাবে তেওঁ “দীনবান্ধৱী” উপাধি লাভ কৰিছিল।

তেওঁৰ নাটক সমূহ হৈছেঃ কোন বাটে, যুগৰ দাবী, গৰিমা, ত্ৰয়ী

চুটি গল্পঃ বুধিয়ক কোন, সপ্তপৰ্ণা, সোণালী পেৰা

উপন্যাসঃ সুন্দৰ দেশ, বাঁহ মাৰলী, কামনাৰ জুই জ্বলিল যেতিয়া

কবিতা আৰু গীতৰ সংকলনঃ
তুমি আৰু মই, মাথোঁ কথা, হাহাকাৰৰ গান, সুহুৰি
গুঞ্জন,স্পন্দন

অন্যান্যঃ জীৱন প্ৰেমৰ আতন্দ্ৰ অনল, অগ্নিপথ,
আইন আৰু আদালত, সাহিত্য মঞ্জৰী, চেতনাৰ চিন্তা

অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ ৱৈষ্ণৱিজম“ৰ অসমীয়া অনুবাদ “বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি আৰু বিকাশ” গ্ৰন্থৰ বাবে তেওঁ ২০০১ চনত “সাহিত্য অকাডেমি” অনুবাদ বঁটা লাভ কৰে।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

২০০৯ চনৰ ২ ডিচেম্বৰত গুৱাহাটীত তেখেত মৃত্যু হয়।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব Rnewsindia24.com

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *