মূত্ৰাশয়ৰ কেঞ্চাৰ, পাকস্থলী ক’লনৰ কেঞ্চাৰ, মাল্টিপ’ল মায়েলমা, উচ্চ ৰক্তচাপ, কলেষ্টেৰল, ডায়েবেটিচ আদি মাৰাত্মক ৰোগৰ পৰা বাচিবলৈ কি কৰিব ?
কেঞ্চাৰ, প্ৰষ্টেট, মূত্ৰাশয়ৰ কেঞ্চাৰ, পাকস্থলী ক’লনৰ কেঞ্চাৰ, মাল্টিপ’ল মায়েলমা, উচ্চ ৰক্তচাপ, কলেষ্টেৰল, ডায়েবেটিচ আদি ৰোগৰ বাবে নহৰু অতি উত্তম।
নহৰু উষ্ণ বীৰ্য, পুষ্টিকাৰক, হজমবৰ্ধক।
ইংৰাজী নহৰুক “Garlic root” বুলি কোৱা হয়।
নহৰুত থকা খনিজ উপাদান সমূহ হৈছে- আইৰণ, ক’পাৰ, মেগনেচিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম, ফচফৰাচ, কেলচিয়াম।
ভিটামিন-চি আৰু ভিটামিন-বি গোট (বি-১,বি-২,বি-৩,বি-৬, ফলেট) চ’ডিয়াম আৰু প’টেচিয়াম থাকে।
১০০গ্ৰাম নহৰুত শক্তি থাকে ১৫০কেলৰি, কাৰ্বোহাইড্ৰেট ৩৩গ্ৰাম, প্ৰটিন ৬.৩৬ গ্ৰাম, ফেট ৫০০মিলিগ্ৰাম আৰু ফাইবাৰ থাকে ২.১ গ্ৰাম।
জানো আহক নহৰুৰ উপকাৰীতা সমূহৰ বিষয়ে-
1. নহৰুৱে কলেষ্টেৰল হ্ৰাস কৰি কাৰ্ডিওভাস্কুলাৰ ৰোগৰ আশংকা হ্ৰাস কৰে।
2. নহৰুৱে হৃদপিণ্ড সুৰক্ষিত ৰাখে।
3. নহৰুৱে ছালৰ মানদণ্ড উন্নত কৰে।
4. উচ্চ পৰিমাণৰ এণ্টিঅক্সিডেণ্টৰ বাবে, নহৰুৱে শৰীৰক হাঁওফাঁও, প্ৰষ্টেট, মূত্ৰাশয়, পাকস্থলী, যকৃত আৰু মলাশয়ৰ কৰ্কটৰোগৰ পৰা সুৰক্ষা দিয়ে।
5. নহৰুৱে আঘাতৰ সংক্ৰমণ হ্ৰাস কৰে, চুলিৰ বিকাশ, হাড়ৰ স্বাস্থ্য আৰু যকৃতৰ স্বাস্থ্য বৃদ্ধি কৰে।
6. প্ৰস্ৰাৱ সমন্ধীয় ৰোগত নহৰু খালে সুফল পোৱা যায়।
7. পানী লগা, চৰ্দি নহৰুৱে নিৰাময় কৰে ৷
তেনেই সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকৰ ভিতৰত সানিলে নাকৰ পৰা পানী ওলোৱা বন্ধ হয়।
8. ডায়েবেটিচ ৰোগীৰ বাবে নহৰু উপকাৰী।
9. গাৰ বিষ, কঁকালৰ বিষ, খুন্দা খাই পোৱা বিষৰ উপশম ঘটাবলৈ গৰম নহৰু-মিঠাতলৰ মালিশ কৰিব লাগে।
10. নহৰু ৰস নাৰিকল তেলৰ লগত গৰম কৰি চুলিৰ গুৰিত ১৫ মিনিট লগালে চুলি সৰা,চুলি অকালতে পকা, উফি, টকৌয়ে খোৱাৰ পৰা উপশম পোৱা যায়।
গতিকে এইসমূহ বেমাৰৰ পৰা বাচি থাকিবৰ বাবে নিয়মীয়াকৈ নহৰু খাই আমাৰ স্বাস্থ্যটো ভালে ৰাখো আহক।
কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24