কেঞ্চাৰ, ৰক্তহীনতা, পায়েৰিয়া, স্মৃতি শক্তি, হিমোগ্লোবিনকে ধৰি পেটৰ বিভিন্ন সমস্যাৰ বাবে ডালিম খাওঁক এনেকৈ।

Spread the love

ডালিমত ফাইবাৰ, ভিটামিন কে, ভিটামিন চি, ভিটামিন বি, আইৰণ, পটাছিয়াম, জিংক, অ’মেগা 6 ফেটী এচিড, নিউট্ৰিএন্টছ আদিৰে ভৰপূৰ।

ডালিমত থকা প্ৰতিৰোধ ক্ষমতাই মানৱ দেহক নিৰোগী কৰি ৰখাত সহায় কৰে ৷

শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও ডালিমে কেঞ্চাৰ ছাল আৰু চুলি স্বাস্থ্যবান কৰি ৰখা, ৰক্তচাপ নিয়ন্ত্ৰণ ৰ লগতে হৃদযন্ত্ৰণৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত, যকৃত, হৃদপিণ্ড, বৃক্ক আদিক সুৰক্ষা কৰে।

ডালিমৰ কেৱল ফলেই নহয় ইয়াৰ গছৰ ছাল, পাত , ফুল সকলো উপকাৰী।

জানো আহক ডালিমৰ ঔষধি গুনসমূহঃ

1. কেঞ্চাৰ ৰোগীৰ বাবে ডালিম অতি উত্তম।

2.ডালিম ৰক্ত বৃদ্ধিকাৰক। সেয়ে ৰক্তহীনতাত ভোগা সকলো ৰোগীৰ বাবে উত্তম। যিকোনো ৰোগত শাৰিৰীক দুৰ্বলতা গুচাবলৈ ডালিম খুবেই উপকাৰী।

3. ডালিমৰ গুটি খালে পায়েৰিয়া আৰু আলুৰ পৰা তেজ ওলোৱা বন্ধ হয়।

4. গৰমত ডালিমৰ ৰসে দেহ জুৰ পেলোৱাই নহয় ই শক্তি বৰ্ধক, স্মৃতি শক্তি তথা হিমোগ্লোবিন বৃদ্ধিকাৰক, বায়ু ,পিত্ত,কফ জনীত ৰোগ নাশক।

5. ডালিমে পাচন ক্ৰিয়া মজবুত কৰে।

6. পেটৰ যিকোনো ৰোগ – অৰুচি,অজীৰ্ন,আমাশয়, অতিসাৰ , ডিচেণ্ট্ৰী, তেজহাগনি , গেছ বা অম্লতা , পিত্তৰোগ , অৰ্শ, ভগন্দৰ আদিৰ বাবে ডালিমৰ ৰস, বীজ পাত,কলি, চাল আদি সকলো অংশই মহৌষধী।

7. পেটৰ কৃমি নাশ কৰাৰ বাবে ডালিম ফল , ফলৰ বাকলি , পাত,কলি, গাগছ বা শিপাৰ চাল ,, আদি সকলো অংশই মহৌষধ।

8. গৰ্ভৱতী মহিলা আৰু গৰ্ভস্থ সন্তানৰ স্বাস্থ্য সুৰক্ষাৰ বাবে ডালিম অতিকে সুষম ফল।

9. ডালিম মহিলাৰ অধিক ঋতুস্ৰাৱ সমস্যাত উপকাৰী।

10. পুৰুষ মহিলাৰ যৌন দুৰ্বলতাৰ বাবে নিয়মিত এটাকৈ ডালিম সেৱন অতি ফলপ্ৰসু।

11. ধাতুদুৰ্বলতাৰ সমস্যাত ডালিম খাব লাগে।

12. শৰীৰত বগাদাগ পৰিলে ডালিম খালে সুফল পোৱা যায়।

13. মুখৰ দুগন্ধ গুচাবলৈ ডালিমৰ বাকলি বা সিজোৱা পাতৰ পানীৰে কুল কুলিয়াব আৰু দিনে দুবাৰ সেই পানী খালে সুফল পোৱা যায়।

14. চকুৰ বিষ আৰু ৰাতি নেদেখা ৰোগীয়ে ডালিম খোৱাৰ উপৰি ডালিমৰ পাত থেতেলি চকুৰ পতাৰ ওপৰত দিলে উপশম পোৱা যায়।

মিচিং স্বায়ত্তশাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

আহক আজিৰ পৰা প্ৰতিদিনে এটাকৈ ডালিম সেৱন কৰি সু- স্বাস্থ্যৰ অধিকাৰী হওঁ।

 

কাংকান কায়োমৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *