“তুলনা নাস্তি অথৈৰ তুলসী” অৰ্থাৎ যাৰ গুণৰ তুলনা নাই, সেয়াই হৈছে তুলসী।
তুলসীক লক্ষ্মীস্বৰূপা বুলি কোৱা হয়।
তুলসী এবিধ ঔষধি গুণসম্পন্ন গছ।
তুলসীক ইংৰাজীক “Holy Basil” বুলি কোৱা হয়।
তুলসীৰ বৈজ্ঞানিক নাম হল “ওছিমাম তেনুইফ্লোৰাম“।
তুলসী পাতত বিভিন্ন এণ্টিঅক্সিডেণ্ট থাকে।
তুলসীৰ ঔষধি গুন সমূহ হ’লঃ
1. তুলসী পাতৰ ৰস আৰু হালধিৰ ৰস মিহলাই খালে উচ্চ ৰক্তচাপ ভাল হয়।
2. ক’লা তুলসীৰ লগত ক’লা নিমখ আৰু জালুক মিহলাই খালে হাইজা ৰোগ নিৰাময় হয়।
3. তুলসীৰ পাত নিয়মীয়াকৈ খালে ডায়েবেটিচ হ্ৰাস পায়।
4. তুলসীৰ পাতৰ দ্বাৰা ব্ৰংকাইটিছ ৰোগ নিৰাময় কৰিব পাৰি।
5. তুলসী পাতৰ দ্বাৰা কলেৰা, মেলেৰিয়া ৰোগ নিৰাময় হয়।
6. তুলসীৰ লগত মৌ মিহলাই
খালে কাহ,কফ নাইকিয়া হয়।
7. তুলসীৰ পাতে তেজ পৰিস্কাৰ কৰে।
8. ক’লা তুলসী পাতৰ ৰস গৰু ঘিউৰ লগত মিহলাই খালে বাত ৰোগ ভাল হয়।
9. তুলসী চাহ সেৱনে বেক্টেৰিয়া, ভেঁকুৰ আৰু ভাইৰেল সংক্ৰমণ হ্ৰাস হোৱাত সহায় কৰে।
10. গৰম তুলসী চাহৰ নিয়মিয়া সেৱনে শ্বাস-প্ৰশ্বাসৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে।
11. হৃদযন্ত্ৰ আৰু টোপনিচক্ৰ নিয়ন্ত্ৰণ কৰিবলৈ, স্মৃতি শক্তি আৰু জ্ঞান শক্তিশালী কৰিবলৈ আৰু লগতে আলঝেইমাৰ ৰ দৰে নিউৰোডিজেনাৰেটিভ বিকাৰ প্ৰতিৰোধ কৰিবলৈ তুলসীৰ চাহ খালে সুফল পোৱা যায়।
12. তুলসী পাত দিয়া চাহ খালে চুলিৰ উফি যোৱাত সহায়ক হয়, চুলিৰ ফলিকল শক্তিশালী কৰে, লগতে চুলিৰ উজ্বলতাও বঢ়াই।
13. তুলসী পাত দিয়া চাহে মুখৰ ক্ষতিকাৰক বেক্টেৰিয়া আৰু বীজাণুৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু মুখৰ দুৰ্গন্ধ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
গতিকে নিয়মীয়াকে তুলসী পাত এটাকৈ আৰু তুলসী পাত দিয়া একাপ চাহ খাই আমাৰ দেহ-মন ভালে ৰাখো আহক।
কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24