কোমোৰা আৰু হাঁহৰ মাংস কি কি ৰোগৰ ৰোগীয়ে খাব লাগে জানে নে ?

Spread the love

কোমোৰা আৰু হাঁহৰ মাংসঃ

অসমীয়া ৰাইজৰ এটি পৰিচিত খাদ্য।

জহা কোমোৰা আৰু হাঁহৰ মাংস নামটো শুনিলেই হয়তো লোভৰ পানী পৰে।
কোমোৰা আৰু হাঁহৰ মাংসত বহুত উপাদান আছে।

প্ৰথমে জানো আহক হাঁহৰ মাংস আমাৰ দেহৰ বাবে কিমান উপকাৰীঃ

1. হাঁহৰ মাংসই স্নায়ু সবলীকৰণ কৰি ৰাখে।

2. হাঁহৰ মাংস দাঁত আৰু হাড়ৰ গঠনৰ বাবে যথেষ্ট উপকাৰী।

3. হাঁহৰ মাংসই মাংসপেশী সবল কৰে।

4. হাঁহৰ মাংসই মানুহক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখে।

5. এনিমিয়া ৰোগীৰ বাবে হাঁহৰ মাংসৰ উপকাৰী।

6. হাঁহৰ মাংসই শৰীৰত লাগতিয়াল ওজন বৃদ্ধি কৰে।

7. হাঁহৰ মাংসই ছাল উজ্জ্বল কৰে।

8. হাঁহৰ মাংস চুলিৰ বাবে উপকাৰী।

9. হাঁহৰ মাংসই পুৰুষৰ সন্তান জন্ম দিব পৰা ক্ষমতা বৃদ্ধি কৰে।

10. হাঁহৰ মাংসই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

কোমোৰাঃ আয়ৰণ , ফছফৰাছ, কাৰ্ব’হাইড্ৰেট প্ৰ’টিন, ভিটামিন চি, কে আৰু ভিটামিন বি, কেলচিয়াম আদি লৱণেৰে ভৰপূৰ।

চাইনাচাইট্ৰিছ, এজমা, ব্ৰংকাইটিছ, পানী লগা, কৌষ্ঠকাঠিন্য, কিডনী সম্বন্ধীয়, প্ৰস্ৰাৱজনিত সমস্যা,
যৌনশক্তি বৃদ্ধি কৰা আদিৰ বাবে কোমোৰা অতি উত্তম।

এতিয়া জানো আহক কোমোৰা আমাৰ দেহৰ বাবে কিমান উপকাৰীঃ

1.জ্বৰ হ’লে কোমোৰা খালে উপশম পোৱা যায়।

2. কোমোৰা বিষ, কাহ, পানীলগা আৰু অন্যান্য শ্বাস-প্রশ্বাস ৰোগ নাশৰ বাবেও উপকাৰী।

3. আমাৰ দেহত বাহিৰ বা ভিতৰৰ পৰা ওলোৱা তেজ কোমোৰাই বন্ধ কৰাত সহায় কৰে।

4. কোমোৰা খালে যৌনশক্তি বৃদ্ধি হয়।

5. কোমোৰাই মৃগীৰোগ, জণ্ডিচ, জ্বৰ, বৃক্কত হোৱা পাথৰ, মানসিক ৰোগ তথা মানসিক অস্থিৰতা নিয়ন্ত্ৰণত সহায় কৰে।

6. পাইলছ হলে কোমোৰা খালে সুফল পোৱা যায়।

7. ই স্নায়ু কোষৰ দুৰ্বলতা হ্ৰাস কৰে।

8. কোমোৰা উচ্চ ৰক্তচাপ হ্ৰাস কৰে।

9. কোমোৰাই কৌষ্ঠকাঠিন্য দূৰ কৰাতো সহায় কৰে।

10. কোমোৰাই ওজন হ্ৰাস কৰে আৰু হজমী শক্তি বৃদ্ধি কৰে।

11. কোমোৰাই চাইনাচাইট্ৰিছ, এজমা, ব্ৰংকাইটিছ, পানী লগা আদি অসুখবোৰ নিৰাময় কৰে।
কোমোৰাই প্ৰস্ৰাৱজনিত সমস্যা প্ৰতিৰোধ কৰে।

12. কোমোৰাই স্মৃতি শক্তি বৃদ্ধি কৰে আৰু স্নায়ু শক্তিশালী কৰে।
13.কোমোৰাই মানসিক ৰোগ দূৰ কৰে আৰু হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

14. কোমোৰা খালে পেট খোলোচা, প্ৰস্ৰাৱ পৰিষ্কাৰ আৰু শৌচ স্বাভাৱিক হয়। কোমোৰা গুটিয়ে কৃমি নাশ কৰে।

15. কোমোৰা খালে ৰক্তপিত্ত ৰোগৰ পৰা কিছু উপশম পোৱা যায়।

মিচিং স্বায়ত্তশাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

গতিকে কোমোৰা সৈতে হাঁহৰ মাংস খাই বিভিন্ন বেমাৰৰ পৰা বাচি থাকো আহক।

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *