কেৰেলাঃ তিতা সোৱাদৰ বাবেই বহুতে কেৰেলা নাখায়, কেৰেলা দেখিলেই মুখ কোচাই।
কেৰেলা ইংৰাজীত Bitter gaurd।
কেৰেলাৰ ইমানেই ঔষধী গুণ আছে, শুনিলে আপুনি আচৰিত হব।
কেৰেলাত ভিটামিন চি, ভিটামিন বি, ভিটামিন কে , মিনাৰেল, কেলছিয়াম, আইৰণ, প্ৰটিন, ফেট, ফচফৰাচ, এন্টিঅক্সিডেন্টেৰে ভৰপূৰ।
জানো আহক কেৰেলাৰ ঔষধি গুনসমূহৰ বিষয়েঃ
1.জালুকৰ সৈতে কেৰেলা মিহলাই খালে বমি বন্ধ হয়৷
2. কেৰেলাত ভিটামিন-কে থকা বাবে তেজ গোট মৰা সঠিক ভাৱে হয় আৰু হাঁড় মজবুট হয়৷
3. কেৰেলা পিচি মূৰত লগালে উফিৰ বিনাশ হয় আৰু চুলি সৰা বন্ধ হয়৷
4. কেৰেলাই মস্তিস্কৰ ক্ৰিয়াৰ উন্নতি ঘটায়৷
5. ডায়েবেটিছ ৰোগ প্ৰতিৰোধৰ বাবে কেৰেলা নিয়মিত খালে ভাল ফল পোৱা যায়।
কিয়নো কেৰেলাই তেজ আৰু প্ৰস্ৰাৱৰ পৰা ছুগাৰৰ পৰিমান হ্ৰাস কৰাত সহায় কৰে।
6. কেৰেলা ৰস মৌ ৰসৰ লগত মিহলাই খালে লিভাৰ আৰু ব্ৰংকাইটিছ অসুখ ভাল হয়।
7. কেৰেলা পানীৰে সৈতে ৰান্ধি খালে অৰ্শ ৰোগ ভাল হয়।
8. কেৰেলাৰ ৰস নেমুটেঙাৰ ৰসৰ সৈতে খালে খৰ,খজুৱতি, চালৰ ভেকুৰ জাতীয় বেমাৰ ভাল হয়।
9. এজমা, ফেৰিনজাইটিজ, চৰ্দি আদি শ্বাস প্ৰশ্বাসজনিত বেমাৰত কেৰেলা অতি উপকাৰী।
10. অত্যাধিক মদ্যপানৰ বাবে যকৃত নষ্ট হলে নিয়মিত কেৰেলা খালে উপকাৰ পোৱা যায়।
11. কেৰেলাই হজমি শক্তি বঢ়ায় আৰু শৌচ খোলোচা কৰে৷
12. কেৰেলাই কৃমি পেলু বিনাশ কৰে৷
গতিকে আজিৰ পৰা কেৰেলা খাই শৰীৰটো ভালে ৰাখো আহক।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24