মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি।
অসমীয়া সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি তথা বৃহত্তৰ অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি তিৰোভাৱ তিথি।
গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰাই সমগ্ৰ অসমৰ সত্ৰ, নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে।
তেখেতৰ তিৰোভাৱ তিথিত Rnewsindia24 পৰিয়ালে শ্ৰদ্ধাৰে সেৱা জনাইছোঁ।
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনযাত্ৰাঃ
১৪৮৯ চনত নাৰায়ণপুৰৰ ৰঙাজান আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত লেতেকুপুখুৰীৰ হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হয়।
পিতৃৰ নাম গোবিন্দগিৰি আৰু মাতৃৰ নাম মনোৰমা।
মাধৱদেৱৰ ককায়েকৰ নাম আছিল দামোদৰ আৰু ভনীয়েকৰ নাম আছিল ঊৰ্বশী।
এই ঊৰ্বশীৰ স্বামীৰ নাম আছিল ৰাম দাস।
অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল।
তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল।
তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়।
মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল।
জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল।
শংকৰদেৱক লগ পোৱাৰ আগতে মাধৱদেৱ ঘোৰ শাক্ত ধৰ্মী লোক আছিল।
গুৰুজনাই শ্ৰীমদ্ভাগৱতৰ চতুৰ্থ স্কন্ধৰ “যথা তৰুৰ মূল” শ্লোকটিৰে মাধৱক পৰাস্ত কৰিছিল।
শ্লোকটিৰ অৰ্থ হ’ল গছৰ গুৰিত পানী দিলে দাল পাত সকলোৱে পায়।
দাল পাতত দিলে কোনেও নাপায়।
একেদৰে ভগৱন্ত কৃষ্ণদেৱক পূজিলে সকলোৰে পূজা হয়।
আন দেৱ-দেৱীক পৃথকে পূজাৰ কোনো প্ৰয়োজন নাই।
শ্ৰীমন্ত শঙ্কৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি মাধৱে তাৰাক গুৰু ভজি তেওঁ প্ৰৱৰ্তন কৰা একশৰণ হৰি নাম ধৰ্মত শৰণ ললে।
মাধৱ হৈ পৰিল গুৰুজনাৰ প্ৰপন্ন শিষ্য অভেদ আত্মা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ।
দুয়োজনা মহাপুৰুষৰ এই মহা মিলনক সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে “মণি-কাঞ্চণ সংযোগ” বুলি অভিহিত কৰি গৈছে।
তেওঁ ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী।
এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা।
এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়।
তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল।
মাধৱদেৱে বাৰকুৰি বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি এঘাৰ টা গীতহে উপলব্ধ।
অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে।
তেওঁ সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ’ল – তেজৰে কমলাপতি।
নাটকঃ অৰ্জুন ভঞ্জন, দধিমথন, চোৰ-ধৰা,
পিম্পৰা-গুচোৱা ,ভূমি-লেটোৱা, ভোজন-বিহাৰ।
তত্ত্বমূলক ৰচনাঃ জন্মৰহস্য,
ভক্তি ৰত্নাৱলী, নামমালিকা
নামঘোষা।
আখ্যানমূলক ৰচনাঃ ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।
তেখেতে সম্পাদনা কৰা আৰু সংকলন কৰি উলিওৱা পুথি ‘নাম ঘোষা আৰু আদিকাণ্ড ৰামায়ণ।
মহাপুৰুষ মাধৱদেৱৰ ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত দেহাৱসান ঘটে।

এনে মহান ব্যক্তি সকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব Rnewsindia24.com
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24