বৃক্কত পাথৰ, মূৰত ওকণি, কেঁচুমূৰীয়া, পিত্তৰ পাথৰ, কৰ্কটৰ উপৰিও কি কি ৰোগত দুপৰটেঙা ব্যৱহাৰ কৰা হয় ?
দুপৰটেঙা ঔষধি গুণেৰে পৰিপুষ্ট।
দুপৰটেঙা স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী।
দুপৰটেঙাৰ বৈজ্ঞানিক নাম হৈছে Kalanchoe pinnata
দুপৰ টেঙাপাতবোৰ ডিম্বাকৃতি আৰু ওপৰৰ ফালে বৃত্তাকাৰ হয়।
পাতৰ পৰাই বংশ বৃদ্ধি হয় বাবে দুপৰ টেঙাক পাতে গজা বুলি কোৱা হয়।
এই গছৰ পাত এখিলা পাত মাটিত পেলাই থলেই গছ গজি উঠে।
এতিয়া জানো আহক দুপৰ টেঙা আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰীঃ-
1. দুপৰ টেঙাপাত কেচাকৈ চাটনি কৰি খালে প্ৰস্ৰাৱ বন্ধ, প্ৰস্ৰাৱ জ্বলা পোৰা, প্ৰস্ৰাৱ হালধীয়া হোৱা আদি ৰোগৰ পৰা মুক্ত পাব পাৰি।
2. বৃক্কত পাথৰ হ’লে দুপৰ টেঙা পাতৰ ৰস খালে পাথৰ ভাঙি প্ৰস্ৰাৱৰ দ্বাৰাই বাহিৰ হয়।
3. মূৰত ওকণি হ’লে দুপৰ টেঙাৰ পাত খুন্দি চুলিত লগালে ওকণি মৰে।
4. কেঁচুমূৰীয়া ৰোগত দুপৰ টেঙাৰ পাত খুন্দি শৌচদ্বাৰত লগালে সুফল পোৱা যায়।
5. দুপৰ টেঙাৰ পাতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
6. দুপৰ টেঙাৰ পাত প্ৰতিদিনে খালে পিত্তৰ পাথৰ, বৃক্ক পাথৰ গলে।
7. দুপৰ টেঙাপাত উচ্চ ৰক্তচাপ, জণ্ডিচ, কলেৰা আৰু তেজ-হাগনিৰ বাবে উপকাৰী ৷
8. কাণৰ বিষ হলে দুপৰ টেঙাৰ ৰস দিলে ভাল হয়।
9. মৌজোলৰ লগত দুপৰটেঙাৰ পাতৰ ৰস খালে মূৰৰ বিষ, গাঁঠিৰ বিষৰ উপশম পায়।
10. পাইলচৰ ৰোগীক দুপৰ টেঙাৰ পাতৰ লগত জালুকৰ গুড়ি মিহলাই খাবলৈ দিব লাগে।
11. বৃক্কৰ দোষত ককালৰ বিষ হ’লে দুপৰ টেঙাৰ পাত খালে আৰাম পোৱা যায়।
12. দুপৰ টেঙাই কৰ্কট ৰোগৰ কোষ বিকাশ ঘটিবলৈ নিদিয়ে।
13. দুপৰ টেঙাৰ শুকান পাতৰ চাহ খালে হাপানী ৰোগ নিৰাময়ত সহায় কৰে।
14. দুপৰ টেঙাই মধুমেহ, জণ্ডিচ, চৰ্দি, কাঁহ, ৰক্ত চাপ, ফোহা, কাণৰ বিষ আদি ভাল কৰে।
গতিকে আহক আজিৰ পৰা দুপৰ টেঙাপাত খাই শৰীৰটো ভালে ৰাখো।
দেহ ভালে থাকিলে
মন ভালে থাকে।
Visit Our Website www.rnewsindia24.com
কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24