মিচিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰম পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা।
অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সকলৰ একমাত্ৰ ভাষা-সাহিত্য চৰ্চা কৰা সংগঠন মিচিং আগম কেবাঙ ৰ উদ্যোগত অনুষ্ঠিত হোৱা মিচিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰম পৰীক্ষা ফলাফলৰ দিন সংবাদ মেল যোগে ঘোষণা কৰে গোগামুখস্থিত এন.চি.ডি. মহাবিদ্যালয়ত মিচিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰম পৰীক্ষা বৰ্ডৰ সচিব ড° সুৰজিৎ দলেয়ে।
২০২২ বৰ্ষৰ ১২ জুন তাৰিখে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ফলাফল ১৯ চেপ্তেম্বৰ অৰ্থাৎ অহা কালিলৈ পুৱা ১০ বজাত অসমৰ বিভিন্ন জিলাৰ ৭৩ টা পৰীক্ষা কেন্দ্ৰত ছাত্র-ছাত্ৰীসকলৰ ফলাফল উপলদ্ধ হব বুলি সংবাদ মাধ্যমক জানিব দিয়ে মিচিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰম পৰীক্ষা বৰ্ডৰ সচিব ড° সুৰজিৎ দলেয়ে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
গোগামুখৰ পৰা প্ৰমোদ টাইদৰ প্ৰতিবেদন Rnewsindia24.