আহিনৰ অনুভৱঃ

Spread the love

আহিন মানেই শেৱালীৰ কোমল সুবাস।
আহিন মানেই শৰৎ বন্দনা এটি ঋতু।
আহিন মানেই শাৰদী কোমল জোনাক।
আহিন মানেই মানুহৰ মন মতলীয়া কৰা দুৰ্গাপুজা “।

 

আহিনে আনে শেৱালি কোমল সজীৱতা।

অনেক সম্ভাৱনা আৰু অলেখ প্রতিশ্রুতিৰে পূর্ণতা লৈ আনে শৰতে৷

শেৱালিৰ গোন্ধত, জোনাকত অকলশৰে বহিলে স্মৃতিপটত ভাহি আহে অতীতৰ সুমধুৰ ৰোমন্থন।

স্মৃতিৰ সঁফুৰা খুলি ৰন্ধ্ৰে ৰন্ধ্ৰে অনুভৱ কৰে নষ্টালজিক অনুভূতি ৷

আচলতে আহিন আশাৰ প্রতীক।

ভৰা পথাৰখননৈ চাই খেতিয়কে পায় সপোনৰ সার্থকতা, বিশাল পথাৰৰ ধানৰ গোন্ধে মনটো ভৰাই তোলে।

ধানৰ সেউজীয়া পাতত নিশাৰ কুঁৱলীয়ে পুৱা নিয়ৰৰ সাজ পিন্ধাই মনটো কিবা উখল মাখল লগায়৷

গর্ভৱতী হয় শস্যৰ পথাৰ, মানুহৰ মন, দেহ আৰু যৌৱনে পূর্ণতা পায়৷ শাৰদী ঋতুৱে ধৰাৰ বুকুলৈ কঢ়িয়াই আনে সৃষ্টি, প্ৰেম, সম্প্ৰীতি আৰু সম্ভাৱনাৰ এটি শুভ বতৰা

এই ঋতুতেই মা দেৱী দুৰ্গাক বিশ্বৰ বিভিন্ন প্ৰান্তত ভক্তিৰে আৰাধনা কৰা হয়।

ই এক শাৰদী উৎসৱ। এই উৎসৱে সকলোৰে মন পুলকিত কৰি তোলে পলকতে।

বুকুত ফুলি উঠে ভালপোৱাৰ অযুত কৃষ্ণচূড়া।

শৰতৰ শান্ত প্রকৃতিৰ লগত সুকোমল শেৱালিৰ যেন নিবিড় সম্বন্ধ ৷

শৰতক আদৰিবলৈ সুৰভি ভৰা শৰতৰ জোনাক ৰাতিবােৰে মানুহৰ মন উন্মনা কৰে ৷

ভমকা ভমক ফুলৰ ফ্ৰ’কত কোচ ভৰাই তলসৰা শেৱালি বুটলাৰ কথা আজিও মনত পৰে।

গাভৰুৰ মন উতলা কৰা পুৱাৰ কোমল বতাহৰ পৰশ লৈ আপোনমনে শেৱালিৰ মালাধাৰি গাঁঠো সপোন কোঁৱৰক উপহাৰ দিবলৈ ৷

জানা, শৰতৰ কোমল বতাহজাকে তাৰেই বতৰা দিয়ে ।

 

সংগীতা দত্ত R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *