কনকলতা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা আছিল।
১৯৪২ চনৰ ২০ চেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাত (গহপুৰ,বিহালি,চতিয়া আৰু ঢেকীয়াজুলি) উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছিল।
তাৰ বাবে মৃত্যু বাহিনী তৈয়াৰ কৰা হৈছিল।
গহপুৰত গোলোকচন্দ্ৰ পূজাৰী আৰু জোনাৰাম ভূঞাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী চলী থাকোঁতেই গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যু বাহিনীৰ সন্মুখত থকা মূল স্বেচ্ছাসেৱিকা গৰাকী আছিল কনকলতা বৰুৱা।
থানাৰ সন্মুখত ৰৈ থানালৈ সোমাবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সংগ্ৰামীৰ লগতে পুলিচৰ লগত কনকলতাৰো টনা-আজোৰা লাগে।
এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোঁতেই চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলি এৰে।
ফলত কনকলতা মাটিত বাগৰি পৰি থানাৰ সম্মুখতে শ্বহীদ হয়।
উল্লেখ্য যে, কনকলতা বাগৰি পৰাৰ পিছতে মুকুন্দ কাকতিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন তুলি ল’বলৈ চেষ্টা কৰোঁতে পুলিচৰ গুলীত তেওঁ একে স্থানতে শ্বহীদ হয়।