ভাৰতৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া প্ৰথম অসমীয়া নাৰী কনকলতা বৰুৱা ।
কনকলতা বৰুৱা নামেই যাৰ পৰিচয় অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী তথা স্বাধীনতা আন্দোলনৰ অন্যতম শ্বহীদ ।
তেওঁ অসমৰ প্ৰথম মহিলা শ্বহীদ।
কনকলতা বৰুৱাই কিশোৰী বয়সতে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল।
তেখেতৰ দুর্বাৰ সাহস,
মনোবল আৰু গভীৰ দেশপ্ৰেমৰ আদর্শই আজিও অসমবাসীৰ হৃদয়ত তেওঁৰ নাম যুগমীয়া হৈ আছে।
ইতিহাসৰ পাতত সদায়ে সোণালী আখৰেৰে জিলিকি আছে কনকলতাৰ নাম ৷
তেওঁ প্ৰতিগৰাকী অসমীয়া জীয়ৰীৰ অন্তৰত সাহসৰ প্ৰতীক।
কনকলতা বৰুৱা জন্ম হৈছিল ১৯২৪ চনৰ ২২ ডিচেম্বৰত গহপুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত।
পিতৃ কৃষ্ণকান্ত বৰুৱা আছিল এজন খেতিয়ক।
কনকলতা সৰু থাকোঁতেই দেউতাক মৃত্যু হয়।
কনকলতা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা আছিল।
১৯৪২ চনৰ ২০ চেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাত (গহপুৰ,বিহালি,চতিয়া আৰু ঢেকীয়াজুলি) উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছিল।
তাৰ বাবে মৃত্যু বাহিনী তৈয়াৰ কৰা হৈছিল।
গহপুৰত গোলোকচন্দ্ৰ পূজাৰী আৰু জোনাৰাম ভূঞাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী চলী থাকোঁতেই গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যু বাহিনীৰ সন্মুখত থকা মূল স্বেচ্ছাসেৱিকা গৰাকী আছিল কনকলতা বৰুৱা।
থানাৰ সন্মুখত ৰৈ থানালৈ সোমাবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সংগ্ৰামীৰ লগতে পুলিচৰ লগত কনকলতাৰো টনা-আজোৰা লাগে।
এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোঁতেই চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলি এৰে।
ফলত কনকলতা মাটিত বাগৰি পৰি থানাৰ সম্মুখতে শ্বহীদ হয়।
উল্লেখ্য যে, কনকলতা বাগৰি পৰাৰ পিছতে মুকুন্দ কাকতিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন তুলি ল’বলৈ চেষ্টা কৰোঁতে পুলিচৰ গুলীত তেওঁ একে স্থানতে শ্বহীদ হয়।
কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হোৱা স্থানতে বৰ্তমানৰ গহপুৰ নগৰৰ মাজমজিয়াত গহপুৰ আৰক্ষী থানাৰ সন্মূখৰ বৰপুখুৰীৰ পাৰত তেওঁলোকৰ স্মৃতিত ব্ৰঞ্জেৰে নিৰ্মিত পূৰ্ণাবয়ব মূৰ্তি যুগল প্ৰতিষ্ঠিত হৈ আছে।
অসমীয়া আৰু ভাৰতীয় নাৰী সকলে পৰবৰ্তী সময়ত এই মহান বলীদানক অনুপ্ৰেৰণা হিচাপে লৈ ভাৰতীয় স্বাধীনতা আন্দোলনত যোগদান কৰে।
১৯৪২ চনৰ ২০ চেপ্তেম্বৰত পুলিচৰ গুলীত দেশৰ হকে প্ৰান আহুতি দিলে।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ চাই থাকিব Rnewsindia24.com.
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24