৫ মিনিটত দিনটোৰ ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
September 21 / 2022 :-

1. বলিউদৰ জনপ্ৰিয় কমেডিয়ান তথা অভিনেতা ৰাজু শ্ৰীবাস্তৱ দিল্লীৰ এইমচত দেহাৱসান।

2. Intellectual forum for North East আৰু অসম পৰ্যটন নিগম ৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হৈছে লোক মন্থন শীৰ্ষক বিশেষ অনুষ্ঠান।

3. বটদ্ৰোৱা থানা জ্বলোৱা মূল অভিযুক্তক গ্ৰেপ্তাৰ। বহুদিন ধৰি আত্মগোপন কৰি থকা ছফিকুল ইছলামক মৰিগাওঁৰ পৰা গ্ৰেপ্তাৰ কৰে।

4. অসম মিজোৰাম সীমা সমস্যাক লৈ বৈঠক। মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰাম থাংগাৰৰ সৈতে আলোচনাত বহিব ড° হিমন্ত বিশ্ব শৰ্মা।

5.এলভিন আলী হাজৰিকাই ১৪ ঘণ্টা ৩৮ মিনিট সাতুৰি অতিক্ৰম কৰিলে ইউৰোপৰ নৰ্থ চেনেল।

6. লখিমপুৰৰ বান্দৰদেৱাত ঘৰৰ পৰা অপহৰনৰ চেষ্টা কৰে দশম শ্ৰেণীৰ ছাত্ৰ জিতেন্দ্ৰ ঠেঙালক।

7. প্ৰত্যেক সমষ্টিতে ৮ হাজাৰ মহিলাক অন্তভূক্ত কৰা হব অৰুনোদয় আচনিত। অক্টোবৰৰ পৰা প্ৰ পত্ৰ বিতৰন কৰিব চৰকাৰে ঘোষনা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

8. চৰকাৰলৈ বাট নাচাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানত নিজে নামিল কাজিৰঙাৰ বৰবিল মিচিং গাৱৰ ৰাইজে।

9. যোৰাবাটত ভূৱা পৰিক্ষাৰ্থী। অসমৰ পৰিচয় পত্ৰৰে নমাইল CRPF শিবিৰত পৰীক্ষা দিবলৈ অহা এলাহাবাদৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ। অসমৰ পৰিচয় পত্ৰৰ বাবদ ৩ লাখ টকা দিয়াৰ অভিযোগ।

10. ৰাজ্যজুৰি চুতীয়া ছাত্ৰসন্থাৰ উত্তাল প্ৰতিবাদ। জনজাতিকৰনৰ আৰু স্বায়ত্ব শাসনৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ডিব্ৰুগড় আৰু গোলাঘাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত।

11.গোৱালপাৰাৰ তাৰাংগাজানত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে নৈশ বাছ। কথমপি প্ৰাণৰক্ষা ৩৫ জনতকৈও অধিক যাত্ৰীৰ। গুৱাহাটীৰ পৰা ফকিৰগঞ্জ অভিমুখে গৈ আছিল নৈশ বাছ খন।

12. আঠখেলীয়া নামঘৰ বিতৰ্ক সন্দৰ্ভত প্রতিক্রিয়া মন্ত্রী অজন্তা নেওগৰ, ধৰ্মীয় অনুষ্ঠানত এনে বিতৰ্ক তথা সংঘাত দুৰ্ভাগ্যজনক আখ্যা।

 

13. বৰ্ধিত বিদ্যুতৰ মাচুলৰ সম্পৰ্কত অভিযোগৰ বাবে APDCLয়ে মুকলি কৰিলে হেল্পলাইন নম্বৰ 1912 আৰু এটা হোৱাটছেপ নম্বৰ 7575999666
অতিৰিক্ত মাচুল লোৱা গ্ৰাহকক পৰৱৰ্তী বিলত ধন উভতাই দিয়াৰ সিদ্ধান্ত APDCL ৰ ।

 

14. জনজাতিকৰণৰ নামত অসমৰ ৬ জনগোষ্ঠীক প্ৰতাৰনাৰ কেন্দ্ৰীয় চৰকাৰৰ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কমলাক্ষ দে’ পুৰকায়স্থ আৰু ৱাজেদ আলী চৌধুৰীৰ। এই প্ৰতাৰণাৰ উত্তৰ দিব লাগিব বুলি মন্তব্য দুই কংগ্ৰেছী বিধায়কৰ।

15. মাজুলী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিৰোদ বৰুৱাৰ শপতগ্ৰহণ। ৰাজ্যপাল জগদীশ মুখীয়ে পাঠ কৰোৱালে শপতবাক্য। উপস্থিত আছে শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু।

16. নতুন দিল্লীৰ অসম হাউছত বিধায়ক অখিল গগৈ। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ বিধায়কগৰাকীৰ। অসম আৰু শিৱসাগৰৰ উন্নয়নৰ বিষয়ে আলোচনা। শিৱসাগৰক ঐতিহ্যক্ষেত্ৰ হিচাপে অধ্যয়নৰ বাবে ১ কোটি টকা মুকলি।

17. গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক স্কুলত আজৱ ঘটনা । ডেস্ক-বেঞ্চৰ অভাৱত ডাইনিং-টেবুলত একেলগে একাধিক পৰীক্ষাৰ্থীয়ে দিলে পৰীক্ষা।

18. খানাপাৰাস্থিত TMCৰ কাৰ্যালয়ত তৃণমূল কংগ্ৰেছ কৰ্মীৰ অভিনৱ প্ৰতিবাদ। মুখত ক’লা কাপোৰ বান্ধি TMCৰ কৰ্মকৰ্তাই সাব্যস্ত কৰিলে প্ৰতিবাদ।

19.কাৰ্বি আংলঙৰ ডলামৰাত বন ধ্বংস যজ্ঞ। বন বিভাগৰ অভিযানত জব্দ চেগুন গছৰ ৮টা কুণ্ডা।

20. উত্তৰ প্রদেশত উদ্ধাৰ গুৱাহাটীৰ সপ্তম শ্ৰেনীৰ কিশোৰীক। ৰিহাবাৰীৰ পৰা অপহৃত কিশোৰী উদ্ধাৰ।
অপহৰণকাৰীয়ে লৈ গৈছিল উত্তৰ প্রদেশলৈ।

 

প্ৰিয় দৰ্শক প্ৰতিদিনে কেৱল R News India 24ত পঢ়িবলৈ  নাপাহৰিব ধন্যবাদ।

 

News Editor Sangita Dutta Reports R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *