পচতীয়াত কি কি ঔষধী গুন আছে ? পচতীয়াই কি কি বেমাৰ নিৰাময় কৰে জানে নে ?

Spread the love

পচতীয়া আমাৰ দেহৰ বাবে অতি উপকাৰি।
পচতীয়াই আমাক বহু বেমাৰৰ পৰা বচাই ৰাখে।

পচতীয়াৰ ইংৰাজী নাম Indian Pivet আৰু বৈজ্ঞানিক নাম হৈছে Vitex Negude

ইয়াৰ তিতা, কেঁহা, জলা ৰস থাকে।
অগ্নিবৰ্ধক, কফ্‌, পিত্তবৰ্ধক, চুলি, চকুৰ হিতকাৰক, শৰীৰৰ বৰ্ণবৰ্ধক, মেধাজনক আৰু স্মৃতিশক্তি বৃদ্ধিকাৰক

জ্বৰ, প্লীহা, যকৃত গুল্ম অৰুচি, শোথ, কৃমি, আমদোষ, আমবাত, সকলো প্ৰকৃৰ বাত, ব্যাধি, কাহ, শ্বাস, প্ৰত্তিশ্যায় শূল, ব্ৰণ, দুষ্টব্ৰণ, কুষ্ঠ, বেহুচ, গলৰ বেমাৰ, বিষদোষ মেদৰোগ আৰু সন্ধিবাত আদি ৰোগৰ পৰা বচাই ৰাখে।

বহুদিনীয়া পুৰণি বেমাৰত পচতীয়া বৰ উপকাৰী।

জানোঁ আহক পচতীয়াৰ ঔষধী গুনসমূহৰ বিষয়েঃ

1. দিনে দুটাকৈ পচতীয়া পাত ঘিউৰ লগত ভাজি খালে স্মৃতি শক্তি বাঢ়ে।

2. চুলি সৰাত বা টকৌৱে খালে পচতীয়া পাত সৰিয়হ তেলত ভাজি সেই তেল মূৰত ঘঁহিলে চুলি গজে।

3. পচতীয়া পাতৰ ছাঁই পানীত গুলি খালে পেট ওফন্দা, পেট বিষ ভাল হয়।

4. কেঁচুৱাৰ পেটৰ অসুখ হ’লে গা ধোৱা পানীত পচতীয়া পাত অলপ সময় থৈ সেই পানীত গা ধুলে সন্তানৰ পেটৰ অসুখ ভাল হয়।

5.গেছষ্ট্ৰিকৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে পচতীয়া পাত খাওঁক ।

6. কাণত পুঁজ জমা হলে পচতীয়াৰ পাতৰ ৰস ব্যৱহাৰ কৰিলে ভাল হয়।

7. গাৰ বিষ, কঁকালৰ বিষ আদিৰ পৰা উপশম পাবলৈ পচতীয়াৰ পাতৰ সেক দিব লাগে।

8. পচতীয়া পাতৰ গাৰু কৰি শুলে, মূৰৰ বিষ আৰু পানীলগা জ্বৰ ভাল হয়।

9. শৰীৰৰ গাঁঠিবোৰ ফুলি বিষালে এই পাতৰ ৰস সেই ঠাইত লগালে সোনকালে ভাল হয়।

10.মূৰ গধুৰ গধুৰ লাগিলে, কাণ আদি তাল মাৰি ধৰিলে পচতীয়া পাতৰ ৰস সেৱন কৰক।

11. শৰীৰৰ কোনো মোচোকা খোৱা ঠাইত বা পোকে কামুৰিলেও পচতীয়া পাতৰ পিহি সেই ঠাইত লগাই দিলে সুফল পোৱা যায়।

12. শুকান পচতীয়াৰ ফল পেটৰ কৃমি নাশ কৰে।

 

 

গতিকে আহক আজিৰ পৰা পচতীয়া খাই শৰীৰটো ভালে ৰাখো।

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *