বিশিষ্ট শিল্পী, সাংবাদিক, নাট্যকাৰ আৰু সমাজকৰ্মী নন্দ কিশোৰ মহেশ্বৰী দেৱৰ জীৱনযাত্ৰাঃ
নন্দ কিশোৰ মহেশ্বৰী
পিতৃৰ নাম ৰামপ্ৰসাদ মহেশ্বৰী আৰু মাতৃ নাম গোমতি দেৱী৷
তেখেত একাধাৰে নাটক, বোলছবি, সাহিত্য ৰচনা, সাংবাদিকতা তথা সামাজিক কাম-কাজেৰে ৰাইজৰ হকে নিজকে উৎসর্গা কৰা ব্যক্তি আছিল।
নন্দ কিশোৰ মহেশ্বৰীয়ে অভিনয় কৰা নাটসমূহৰ ভিতৰত উল্লেখযোগ্য নাটকসমূহ হ’ল –
ধুমুহা পক্ষীৰ নীড়, যুগ, আস্থা ৰাগ, কাৰেঙৰ লিগিৰি, লভিতা, নিমাতী কন্যা, কিয়, চিৰাজ,শৰাগুৰি চাপৰি, অন্য এক অধ্যায়, বুৰঞ্জীৰ সাধু, হাতী আৰু ফান্দি’, জৰৌৰোৱা প্ৰজা, জ্যোতিপ্ৰসাদৰ জন্ম শতবৰ্ষ, দুই পক্ষী, নন্দ দুলাল’ আদি।
অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত অৰুণ শৰ্মা আৰু আলি হাইদৰৰ ‘আশীৰ্বাদৰ ৰং, খবৰ’ আদিত তেওঁ অভিনয় কৰিছিল৷
তাৰোপৰি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সংগীত পৰিচালনা আৰু জীৱন বৰাৰ পৰিচালিত ‘পলাশৰ ৰং‘ বোলছবিত অভিনয় কৰি সমাদৰ লাভ কৰিছিল।
তাৰোপৰি তেওঁ ওপজা সোণৰ মাটি, পলাশৰ ৰং, দৌৰ, আদি বোলছবিতো অভিনয় কৰিছিল।
নাটক, বোলছবি, সাহিত্য, সাংবাদিকতা আৰু সামাজিক কামত তেওঁৰ অৱদান উল্লেখযোগ্য৷
তেখেতে ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষাত ভালে সংখ্যক গ্ৰন্থ ৰচনা কৰিছিল৷
লখিমপুৰৰ সামাজিক, সাংস্কৃতিক ক্ষেত্রখন বহুতো দিশত আগবঢ়াই থৈ গৈছে।
তেখেতে জীৱনকালত দীৰ্ঘদিন ধৰি সাংবাদিকতা কৰিছিল আৰু উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল৷
তেওঁ লখিমপুৰ চহৰৰ হিন্দু কৱৰস্থান, লীলাৱতী বৰদলৈ হিন্দী হাইস্কুল, নীলকন্ঠেশ্বৰ মন্দিৰ (শিৱ মন্দিৰ), কুলিমালি নামঘৰ, গণেশ মন্দিৰ, দুৰ্গা মন্দিৰ আদি নিৰ্মাণ কৰে৷ তাৰোপৰি তেওঁ ধেমাজি জিলাৰ গোগামুখত হনুমান মন্দিৰটোও সাজি উলিয়ায়।
তেখেতে পোৱা বঁটা সমূহ হৈছে- আম্বেদকাৰ বঁটা,
কৰ্মযোগী বঁটা, সমাজহিতৈষী বঁটা, মুখ্যমন্ত্ৰীৰ বঁটা, বিশিষ্ট কৰ্মসেৱা বঁটা, সাংস্কৃতিক বঁটা ইত্যাদি।
২০১৭ চনৰ ২৪ ছেপ্টেম্বৰত নন্দ কিশোৰ মহেশ্বৰীৰ মৃত্যু হয়।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
News Editor Sangita Dutta Reports R News India 24