৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love
Rnewsindia24.com September 26/2022 :-

(ক) “হিমন্ত বিশ্ব শৰ্মাই গাদী হেৰুৱাব বুলি ভূপেন বৰাই দেখা সপোন কেতিয়াও বাস্তৱ নহয়।ভূপেন বৰাই নিজৰ দল আৰু পদবীৰ কথা চিন্তা কৰক” – মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।Himanta Biswa Sarma

 

(খ) ধনাত্মক আৰু ঋনাত্মক এই দুটা গুণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভালপায় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই।

(গ) অসম এৰি বিহাৰলৈ যাব IPS আনন্দ মিশ্ৰ।
ব্যক্তিগত অসুবিধাৰ বাবে ডেপুটেশ্যনৰ বাবে আবেদন কৰিছিল আনন্দ মিশ্ৰই।
তাৰ পিছতেই এন অ চি দিলে অসম চৰকাৰে ।
বৰ্তমান অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ AIGP ৰ দায়িত্বত আছে মিশ্ৰ।

(ঘ) কামাখ্যা মন্দিৰত উপস্থিত বলীউদৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী।
পুৱাৰ ভাগতে কামাখ্যা মন্দিৰত উপস্থিত হৈ শ্ৰীচৰণত পূজা আগবঢ়াই আশিস ল’লে বলীউদৰ অভিনেত্ৰীগৰাকীয়ে।
উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল অভিনেত্ৰীগৰাকী।

(ঙ) বিজেপি চৰকাৰৰ বিৰুদ্ধে, নদীবান্ধ, জনজাতিকৰণ, চৰকাৰী বিদ্যালয় বন্ধক লৈ সৰৱ লুৰীণজ্যোতি গগৈ।
ড° হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ ব্যৰ্থ মুখ্যমন্ত্ৰী আখ্যা দিয়ে লুৰীণজ্যোতি গগৈ এ।

(চ) ‘সময়ই থাকোঁতে চৰকাৰে উচিত সিদ্ধান্ত ল’ব লাগে। অন্যথা আগন্তুক দিনত অসমলৈ কাল অমানিশা কঢ়িয়াই আনিব নামনি সোৱণশিৰি বান্ধে।’
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ অঘটনৰ ওপৰত প্ৰতিক্ৰিয়া কংগ্ৰেছৰ ৰাণা গোস্বামীৰ ।

(ছ) মাইক্ৰ’ ফাইনেন্সৰ ঋণ মাফৰ দাবীৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ।
কথা দি কথা ৰাখিব নোৱাৰা মুখ্যমন্ত্ৰীক মিছলীয়া আখ্যা দিছে কামপুৰৰ একাংশ মহিলাই।

(জ) এতিয়াৰ পৰা ৰেচনৰ দোকানত পোৱা যাব মদ। চাউল আৰু দাইলৰ লগতে সুৰা বিক্ৰীৰ বাবে ৰেচন ডিলাৰ ফেডাৰেচনৰ বৃহৎ পদক্ষেপ ।
ৰেচনৰ দোকানত সুৰা বিক্ৰী কৰাৰ অনুমতি বিচাৰি ইতিমধ্যে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰেচন ডিলাৰ ফেডাৰচনে।

(ঝ) ধুবুৰী ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি।
ৰাজ্যিক নেতৃত্বৰ সন্মুখতে কৰ্মীৰ মাজত মাৰপিট ।
ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত ভাৰত জোড়ো
যাত্ৰা সম্পৰ্কে বিশেষ কাৰ্যনিৰ্বাহক সভা চলি থাকোতে মাৰপিটৰ ঘটনা ধুবুৰী ৰাজীৱ ভৱনত।

(ঞ) দুৰ্গা পূজাৰ পূৰ্বে মহানগৰীত মুকলি হ’ব চেৰাপভাটীৰ উৰণীয়া সেতু।
৩০ ছেপ্টেম্বৰত উৰণীয়া সেতুখন মুকলি হব।

(ট) ৰাষ্ট্ৰীয় শক্তিত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে শুৱালকুছিৰ অনুৰাগ ভৰালীয়ে।

(ঠ) নৱৰাত্ৰি উপলক্ষে কামাখ্যা দেৱালয়ত কুমাৰী পূজা ।
এই পূজাৰ জৰিয়তে বিভিন্নজনে নিজৰ পূৰ্বপুৰুষসকলৰ বাবে পূজা আগবঢ়ায়।
প্ৰথমটো দিনত এগৰাকী কুমাৰীক লৈ পূজা কৰা হয়।
ঠিক সেইদৰে দ্বিতীয় দিনা দুগৰাকী কুমাৰীক লৈ পূজা কৰাৰ বিপৰীতে তৃতীয় দিনা তিনিগৰাকী কুমাৰীক লৈ পূজা কৰা হয়।
এইদৰে প্ৰত্যেক দিনা এগৰাকীকৈ কুমাৰী বৃদ্ধিৰে নৱমীলৈকে পূজা অব্যাহত থাকিব।

(ড) তীৰ্থনগৰী হাজোৰ কুলহাটীত সাৰ্বজনীন দুৰ্গা পূজাৰ শতবৰ্ষ কাৰ্যসূচী। উপস্থিত থাকে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ।

(ঢ) গুৱাহাটীৰ চচলত চাঞ্চল্যকৰ ঘটনা।
এখন গাড়ীৰ ভিতৰত উদ্ধাৰ এজন লোকৰ মৃতদেহ।
বলেৰ’ গাড়ীৰ ভিতৰত উদ্ধাৰ হ’ল মৃতদেহটো।
কংকন কলিতা নামৰ যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে গাড়ীৰ ভিতৰত।
মৃত কংকন কলিতাৰ ঘৰ কমলপুৰত বুলি জানিব পৰা গৈছে।

(ণ) তেজপুৰত বৃহৎ পৰিমাণৰ গুপ্তধন উদ্ধাৰ৷
চোতালত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ ১৫ লক্ষাধিক টকা৷
আলিচিঙাৰ আব্দুল কৰিম নামৰ লোকজনৰ ঘৰত নিশা চলিছিল আৰক্ষীৰ অভিযান৷
আব্দুল কৰিমে গোপনে টকা মজুত কৰি ৰখাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে৷
গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত উদ্ধাৰ টকাখিনি।

(ত) ডিব্ৰুগড়ৰ জোকাইত বুঢ়ীদিহিং নৈৰ বালিৰ অবাধ খনন।
খননৰ ফলত নৈৰ খহনীয়াই লৈছে তীব্ৰ ৰূপ।
তহল দিয়ে দায়িত্ব সামৰিছে বন বিভাগে।

(থ) আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে সাজু বক্সাৰ অভিজিত বৰুৱা।
বেংককত আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ বাবে ব্যস্ত অনুশীলনত।

(থ) ৰাহুল গান্ধীয়ে “ভাৰত জোড়ো” যাত্ৰা অব্যাহত ৰখাৰ সময়তে ৰাজস্থানত আৰম্ভ হৈছে কংগ্ৰেছ ছোড়ো অভিযান।
আভ্যন্তৰীণ কন্দলত জৰ্জৰিত ৰাজস্থান কংগ্রেছ।

(দ) গুৱাহাটীত ‘সাঁচিপাতৰ পুথি আৰু ভাষা সন্দৰ্ভত সজাগতা সভা।
ৰাজ্যিক সংগ্ৰহালয়ত পাণ্ডুলিপি সন্দৰ্ভত শিক্ষাৰ্থী তথা জনতাৰ জ্ঞান বৃদ্ধি লক্ষ্যৰে আয়োজন কৰে বক্তৃতা অনুষ্ঠান।

(ধ)লোকে লোকাৰণ্য দক্ষিণ কামৰূপৰ গুমি কলহী নদীৰ দুয়োপাৰ গীতেৰে নাও খেলৰ আনন্দ দিলে কণ্ঠশিল্পী নেকিবে।
উপস্থিত থাকে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ।

 

প্ৰিয় দৰ্শক প্ৰতি দিনে ৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ  নিয়মিয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *