কম্পিউটাৰত অসমীয়াত লিখা প্ৰথমখন গ্ৰন্থৰ স্ৰষ্টা, অসমীয়া গণিতজ্ঞ, গৱেষক, শিক্ষাবিদ ড° দিলীপ কুমাৰ দত্তৰ জীৱনযাত্ৰাঃ

Spread the love

ড° দিলীপ কুমাৰ দত্তৰ জন্ম হয় ১৯৩৭ চনৰ ৩০ এপ্ৰিলত যোৰহাট জিলাৰ তৰাজান গায়ন গাঁৱত।

তেওঁৰ পিতৃৰ নাম আছিল ফণীধৰ দত্ত আৰু মাতৃৰ নাম আছিল ৰত্নেশ্বৰী দত্ত।

তেখেতৰ পিতৃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী পঞ্জীয়ক আৰু বিশ্ববিদ্যালয়খনৰ চতুৰ্থগৰাকী উপাচাৰ্য আছিল আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপকো আছিল।

 

তেখেতে গুৱাহাটী লতাশিল প্ৰাথমিক বিদ্যালয়, মাণিক চন্দ্ৰ বৰুৱা এম ই স্কুল আৰু কলেজিয়েট স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।

১৯৫৮ চনত কটন মহাবিদ্যালয়ৰ পৰা গণিত বিষয়ত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰে।

তাৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে।

তেওঁ ব্ৰিটিছ চৰকাৰৰ কমন্‌ৱেলথ্‌ ফেল’শ্বিপ পোৱা প্ৰথমজন অসমীয়া ছাত্ৰ

তেখেতে ইংলেণ্ডৰ ছাউথাস্পাটন বিশ্ববিদ্যালয় আৰু কানাডাৰ কেলগেৰী বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কাৰ্য্যনিবাহ কৰিছিল।

পৰৱৰ্তী সময়ত আমেৰিকাৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ জ্যেষ্ঠ অধ্যাপক আৰু প্ৰবক্তাৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

বিশ্ববিদ্যালয়ত তেখেতে জ্যামিতি, বীজগণিত আৰু কলন গণিত পঢ়াইছিল।

১৯৬৬ চনৰ পৰা আমেৰিকাৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ গণিত শাস্ত্ৰৰ সন্মানীয় প্ৰবক্তাৰূপে কৰ্মৰত।

তেওঁক এজন গণিতজ্ঞ ৰূপেও বিদেশত প্ৰশংসিত।
তেখেতৰ Concept Of Geometry, Math Education At Its Best, The Postdam Madel, Finite Maths For Liberal Arts আদি গণিত বিষয়ক গ্ৰন্থ আমেৰিকা আৰু ভাৰতত যথেষ্ট সমাদৃত।

দিলীপ কুমাৰ দত্তই দুবাৰ বিয়া কৰায়।

দ্বিতীয় পত্নী গৰাকীৰ নাম ৰাণীমা দত্ত।

তেখেত অসমীয়া গীতৰ লগতো জড়িত।

তেওঁ আৰু ৰূপম শৰ্মাই মিলি ‘এপ্পল কোম্পানীৰ আই টিউন’ যোগে বিশ্বই শুনিব পৰাকৈ অসমীয়া গীতৰ ব্যৱস্থা কৰিছিল।

তেখেতৰ অসমীয়া গীতৰ সংগ্ৰহ “গোৱা অসমীয়া মন প্ৰাণ ভৰি, কুৰি শতিকাৰ প্ৰথম কুৰি” শীৰ্ষক কেছেটটো অতি সমাদৃত।

দিলীপ কুমাৰ দত্তৰ দ্বাৰা সংকলিত আৰু লিখিত ‘ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ‘ গ্ৰন্থখনক একাংশ ব্যক্তিয়ে তেখেতৰ জীৱনৰু মূল্যৱান কীৰ্তি হিচাপে স্বীকৃতি দিয়ে।

দিলীপ কুমাৰ দত্তই ১৯৬৪ চনৰ পৰাই ভূপেন হাজৰিকাৰ গীতসমূহ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল।

কলেজীয়া সময়ত তেখেত এন.চি.চি.ৰ এগৰাকী সুদক্ষ কেডেট হিচাপে বিবেচিত হৈছিল।

ড॰ দিলীপ কুমাৰ দত্তই ডিবৰু, বেঁকী আৰু কপিলী নামৰ তিনিটা ফণ্ট নিৰ্মাণ কৰিছিল।

এই ফণ্টকেইটাৰ জৰিয়তেই সৰ্বপ্ৰথমবাৰৰ বাবে কম্পিউটাৰত অসমীয়াত লিখাটো সম্ভৱপৰ হৈছিল।

এই ফণ্টকেইটাই আছিল ভাৰতীয় ভাষাৰ প্ৰথম ফণ্ট।

এই ফণ্টকেইটাৰ জৰিয়তেই তেওঁ ১৯৮৫ চনত প্ৰেমত পৰিলোঁ নেকি?
শীৰ্ষক তেওঁৰ গ্ৰন্থখন ছপাই উলিয়ায়।

এইখনেই কম্পিউটাৰত অসমীয়া আখৰেৰে ছপোৱা প্ৰথমখন গ্ৰন্থ।

ড॰ দিলীপ কুমাৰ দত্তই দিল্লীত পঢ়ি থকাৰ পৰাই ‘দ্যা আছাম ট্ৰিবিউন‘ কাকতলৈ দুই এটা লেখা পঠিয়াবলৈ আৰম্ভ কৰিছিল।

ইয়াৰ পিছত অসম বাণী কাকতত “লণ্ডনৰ চিঠি” নামৰ নিয়মিত শিতান এটা লিখিছিল।

ইয়াৰ পৰাই তেখেতৰ
জনপ্ৰিয়তা বাঢ়িবলৈ ধৰে।

তেওঁ ৰচনা কৰা প্ৰথম গ্ৰন্থখন হ’ল: ‘শুভ দিনৰ নিৰ্ঘণ্ট‘।

আন গ্ৰন্থসমূহ হ’ল- খোঁচা-বিন্ধা বুৰঞ্জী, গণেশ গগৈৰ ৰচনা সম্ভাৰ,
প্ৰেম আৰু জীৱন সংগিনী,
বিষ্ণুপ্ৰসাদৰ প্ৰসাদ, নীলাৰ সুৰভি ভাঙি, ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, মনে মোৰ কইনা বিচাৰে,
মিছ গৌহাটী, প্ৰেমত পৰিলোঁ নেকি, ফলি লোৱা বুৰঞ্জী, নিৰ্মলপ্ৰভাৰ গীত আৰু নাৰীৰ জীৱন নদী ইত্যাদি।

গণিতশাস্ত্ৰ কেইখন হৈছে :- গণিত শাস্ত্ৰ
Concepts Of Geometry, Rhode Island, Finite Math For Liberal Arts,Rhode Island, Math Education At Its Best, The Postdam Madel . 

তেওঁ কেইবাখনো গৱেষনা গ্ৰন্থও লিখিছিল তাৰ ভিতৰত উল্লেখযোগ্য গ্ৰন্থকেইখন :- D. K. Exterior recurrent forms on a manifold, D. K. Exterior recurrent quadratic forms, Recurrent tensors and holonomy group, D. K. Some theorems on symmetric recurrent tensors of the second order .

২০১২ চনত অমূল্য কাকতি বঁটা আৰু ২০১৪ চনত
ভূপেন হাজৰিকা ফিৰিঙতি বঁটা লাভ কৰিছিল।

কর্মসূত্রে সুদীর্ঘ দিন বিদেশত থাকিলেও প্রতি মূহুৰ্ততে মাতৃভূমিৰ প্রতি গভীৰ দায়িত্ববোধেৰে নিজে আহৰণ কৰা জ্ঞানৰ পোহৰ বিলাই, মহানুভৱতাৰ পৰিচয় দিয়া এই মহান ব্যক্তিগৰাকী ২০১৯ চনৰ ২৬ ছেপ্তেম্বৰত মৃত্যু হয়।

মিচিং স্বায়ত্তশাসিত পৰিষদ Mising Autonomous Council Secretariat Gogamukh
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

 

News Editor Sangita Dutta Reports R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *