৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com September 27/2022 :-
1. NDFB ৰ নেতা ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড ৰায় বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
২০০৮ চনৰ ৩০ অক্টোবৰৰ ভয়ংকৰ বোমা বিস্ফোৰণৰ মূল অভিযুক্ত আছিল ৰঞ্জন দৈমাৰী।
দৈমাৰীসহ ৯ জনক যাৱজ্জীৱন কাৰাদণ্ড।
2. আজি বিশ্ব পৰ্যটন দিৱস। দেশৰ অন্যান্য প্রান্তৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যথেষ্ট উল্লাহ-উদ্দীপনাৰ মাজেৰে পালন কৰা হৈছে পর্যটন দিৱস।
3. ৰাজ্যৰ ১০লাখ পৰিয়ালে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড- ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
৫০ লাখ হিতাধিকাৰীৰ নামত বিনামূলীয়া চাউল যোগান ধৰিব চৰকাৰে ।
4. ‘অসমৰ মুছলমানৰ মনত আঘাত নিদিব।
ইছলাম মানেই শান্তিৰ প্ৰতীক। অসমৰ মুছলমানে অল কায়দাক কেতিয়াও সোমাব নিদিয়ে।
আৰক্ষীয়ে যিমান জেহাদী ধৰিছে তাৰ সকলো খবৰ মুছলমানেই দিছে’ – মন্তব্য DGP ভাস্কৰজ্যোতি মহন্তৰ।
5. মহানগৰীৰ লাচিত ঘাটত বায়ুসেনাৰ বিশেষ অনুষ্ঠান। উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
বায়ুসেনৰ এই বিশেষ অনুষ্ঠানে ৰাজ্যৰ নৱপ্ৰজন্মক বায়ুসেনাৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।
6. হাতত কলম আৰু বহী লৈ মহানগৰীৰ পদপথত তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।
গুৱাহাটীৰ পৌৰ এলেকাত সম্পত্তি কৰ বৃদ্ধি আৰু কৰ সংগ্ৰহৰ দায়িত্ব বহিৰাগতক দিয়াৰ বিৰোধিতা কৰে। বজাৰে-বজাৰে ঘূৰি ব্যাপক হাৰত স্বাক্ষৰ অভিযান তৃণমূল কংগ্ৰেছৰ।
7. ড° হিমন্ত বিশ্ব শৰ্মাক সংবিধান আৰু প্ৰশাসনে হে মুখ্যমন্ত্ৰী কৰি ৰাখিছে, সাধাৰণ জনতাৰ ওচৰত তেওঁ গ্ৰহনযোগ্যতা হেৰুৱাইছে আৰু হিমন্ত বিশ্ব শৰ্মা মানুহৰ মনত দানৱলৈ পৰিনত হৈছে – মন্তব্য কৰে ৰিপুন বৰাই।
8. SI কেলেংকাৰিৰ মূল অভিযুক্ত পি কে দত্তই জামিন লাভ কৰিবলৈ সক্ষম হৈছে।
গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে জামিনৰ ৰায়দান।
9. গোগামুখৰ ৰাজপথত NHPCৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
10. কংগ্ৰেছ দলে ভাৰত জোড়ো কৰিবলৈ গ’লে প্ৰচণ্ড মাৰপিট হয়।
মোৰ ভাগ্য ভাল আছিল, মই কংগ্ৰেছ দল ত্যাগ কৰিলোঁ। কংগ্ৰেছ দল ত্যাগ কৰি মই আজি অত্যন্ত সুখী – মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰিকা
11. ৰাজ্যৰ চাহ শ্ৰমিক সকললৈ ভাল খবৰ।
কাইলৈৰ ভিতৰত ATC অধিনস্ত ১৫ খন চাহ বাগিচাৰ ১৬ হাজাৰ চাহ শ্ৰমিকসকলে লাভ কৰিব দুৰ্গা পূজাৰ বোনাছ।
12. ৩০ ছেপ্তেম্বৰত ‘দাদা চাহেব ফাল্কে’ বঁটা প্ৰদান কৰা হব জ্যেষ্ঠ অভিনেত্ৰী আশা পাৰেখ লৈ।
13.’পৱন সিং ঘাটোৱাৰ বিজেপিলৈ আহক’ – আহ্বান জনাই বিজেপি বিধায়ক প্ৰশান্ত ফুকনে।
14. NHPC ৰ বিৰুদ্ধে গুৱাহাটী ক্লাবত KMSS ৰ প্ৰতিবাদী কাৰ্যসূচী ।
15. গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰম্ভ হ’ল গোচৰৰ ‘লাইভ’ শুনানি প্রক্রিয়া।
সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সোমবাৰৰ পৰা আৰম্ভ হৈছে ‘লাইভ শুনানি’।
ইউটিউবত এতিয়াৰে পৰা আগ্রহীসকলে চাব পাৰিব গোচৰৰ লাইভ শুনানি।
16. কামাখ্যা ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰা হৈছে।
খাদ্য প্রস্তুত কৰা দবাত উদ্ধাৰ কৰিছে ৪০ কেজি গাঞ্জা।
17. নৱৰাত্ৰিৰ প্ৰতিদিনে মা কামাখ্যা মন্দিৰত অনুষ্ঠিত কৰা হৈছে কুমাৰী পূজা।
দেশী বিদেশী পৰ্যটকৰে ভৰি পৰিছে শক্তিপীঠ কামাখ্যা দেৱালয়।
18. হায়দৰাবাদত দুৰ্গা প্ৰতিমা ভাঙিলে দুই বোৰ্খা পিন্ধা মহিলাই।
আৰু যীশুখ্ৰীষ্টৰ প্ৰতিমূৰ্তিৰো ক্ষতিসাধন হৈছে। তেলেংগানাৰ ৰাজপথত প্ৰতিবাদ আৰম্ভ কৰিছে।
19. গুৱাহাটী ৰাজগড়স্থিত ED কাৰ্যালয়ত আয় বৰ্হিভূত সম্পত্তিৰ অভিযোগত জেৰা চলাইছে ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ মেচক।
20. “ৰাইজে কংগ্ৰেছ কৰিব নোখোজে । সেইটো দিনৰ পোহৰৰ দৰে সত্য। বিজেপি এখন প্ৰকাণ্ড সাগৰ।
এই সাগৰত অলপ অলপকৈ সকলো আহি এদিন উপস্থিত হ’ব” মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ।