ভাৰত ৰত্ন নাইটিংগেল লতা মংগেশকাৰৰ জীৱনযাত্ৰাঃ
লতাজীৰ জন্ম হৈছিল ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত ।
পিতৃৰ নাম আছিল পণ্ডিত দীননাথ মংগেশকাৰ আৰু মাতৃৰ নাম শ্বেৱন্তী ।
৫ বছৰ বয়সতে দেউতাকৰ লগত লতাজীয়ে শিশু অভিনেত্ৰীৰূপে মঞ্চত অভিনয় কৰিছিল।
৭ বছৰ বয়সৰ পৰা লতাজীৰ লালন-পালন মহাৰাষ্ট্ৰত কৰা হয়।
লতাজীৰ মাক শ্বেৱন্তী বোম্বাই প্ৰেচিডেঞ্চীৰ থালনাৰৰ এগৰাকী গুজৰাটী মহিলা আছিল।
দীননাথে তেওঁৰ পৰিয়ালক তেওঁৰ জন্মস্থান গোৱাৰ মংগেশীৰ সৈতে চিনাক্ত কৰিবলৈ মংগেশকাৰ উপাধি গ্ৰহণ কৰিছিল।
লতাজী জন্মৰ সময়ত নাম আছিল “হেমা”।
লতাজীৰ দেউতাকে ভাব বন্ধন নামৰ নাটক এখনত কাম কৰিছিল আৰু সেই নাটকখনৰ এটা মহিলা চৰিত্ৰৰ নাম আছিল লতিকা, পিছলৈ লতাজীৰ পিতৃ-মাতৃয়ে তেওঁৰ নাম হেমাৰ পৰা লতালৈ সলনি কৰি দিয়ে।
লতাজী দীননাথৰ পৰিয়ালৰ জ্যেষ্ঠ সন্তান আছিল।
তেওঁৰ ভাই-ভনীসকল ক্ৰমে— মীনা, আশা, ঊষা আৰু হৃদয়নাথ সকলোৱে দক্ষ গায়ক আৰু সংগীতজ্ঞ ।
দেউতাকৰ মৃত্যুৰ পাছত আৰ্থিক অনাটনত পৰি তেখেতে কেইখনমান হিন্দী আৰু মাৰাঠী ছবিত অভিনয় কৰিছিল।
কথাছবি কেইখন আছিল- পাহিলী মংগলাগৌৰ, পিছলৈ লতাজীয়ে চিমুকলা সংসাৰ, গজভাউ, বড়ী মা, জীৱন যাত্ৰা , ছত্ৰপতি শিবাজী আদি বিভিন্ন ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল।
১৯৪৭ চনত চিত্ৰ নিৰ্মাতা বসন্ত যোগলেকাৰে নিজৰ ছবি আপকী সেৱাত লতাজীক এটা গীত গাবলৈ সুযোগ দিয়ে।
গীতটোৰ লগে লগে লতাজীৰ মধুৰ কণ্ঠৰ বিষয়েও চৰ্চা হ’ল।
ইয়াৰ পিছতে মজবুৰ ছবিখনৰ দুটি গীতে সমাজত লতাজীৰ স্থিতি সুদৃঢ় কৰিলে।
১৯৪৯ চনত সেই সময়ৰ আটাইতকৈ চৰ্চিত অভিনেত্ৰী মধুবালা অভিনীত মহল কথাছবিখনৰ আয়েগা আনেৱালা শীৰ্ষক গীতটোৱে লতাজীক বহু চৰ্চিত কৰিলে।
ভাৰতীয় উপমহাদ্বীপৰ লগতে সমগ্ৰ পৃথিৱীতে লতা মংগেশকাৰৰ কণ্ঠৰ শ্ৰোতা বিয়পি আছে।
টাইম পত্ৰিকাই তেওঁক ‘ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য্য আৰু একচ্ছত্ৰী সম্ৰাজ্ঞী’ আখ্যা দিছিল।
তেওঁক ভাৰতৰ “নাইটিংগেল” বুলিও জনা যায়।
সমগ্ৰ দেশতে এগৰাকী সংগীত কিংবদন্তী হিচাপে পৰিচিত লতা মংগেশকাৰ এগৰাকী গায়িকাৰ লগতে সংগীত পৰিচালক।
তেওঁ হিন্দী চলচ্চিত্ৰৰ বাবে দীর্ঘ সময় দশক ধৰি গান গোৱাৰ আইকন আৰু অগণন হিটৰ বাবে বলিউডৰ নাইটিংগেল হিচাপে পৰিচিত।
গায়িকা গৰাকীৰ কিছু হিট গান- লাগ জা গলে, এক প্রিয়াৰ কা নাগমা হে, হামকো হামিছে চুৰা লো, দিদি তেৰা দেওয়াৰ দেওয়ানা , কাঞ্চি ৰে কাঞ্চি ৰে কে ইত্যাদি।
লতাজীয়ে তেওঁৰ কৰ্মজীৱনত কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।
১৯৮৯ চনত ভাৰত চৰকাৰে তেওঁক দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰে।
২০০১ চনত, ৰাষ্ট্ৰলৈ তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান “ভাৰত ৰত্ন” প্ৰদান কৰা হৈছিল আৰু এই সন্মান লাভ কৰা এম এছ চুব্বালক্ষ্মীৰ পিছত তেওঁ দ্বিতীয়গৰাকী মহিলা কণ্ঠশিল্পী আছিল।
ফ্ৰান্সে ২০০৭ চনত তেওঁক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক বঁটা “নেচনেল অৰ্ডাৰ অফ দ্য লিজিয়ন অফ অনাৰ” প্ৰদান কৰিছিল।
তেওঁ তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।
১৫ টাকৈ বেংগল ফিল্ম জাৰ্নালিষ্ট এছ’চিয়েচন এৱাৰ্ড।
চাৰিটাকৈ ফিল্মফেয়াৰ শ্ৰেষ্ঠ মহিলা প্লেবেক বঁটা।
দুটাকৈ ফিল্মফেয়াৰ বিশেষ বঁটা।
১৯৬৯ চনত পদ্মভূষণ।
১৯৭৪ চনত সৰ্বাধিক সংখ্যক গীত গোৱাৰ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড।
১৯৮৯ চনত দাদাচাহেব ফাল্কে বঁটা ।
১৯৯৩ চনত ফিল্ম ফেয়াৰৰ লাইফটাইম এচিভমেণ্ট বঁটা।
১৯৯৬ চনত স্ক্ৰীনৰ লাইফটাইম এচিভমেণ্ট বঁটা ।
১৯৯৭ চনত ৰাজীৱ গান্ধী পুৰস্কাৰ ।
১৯৯৯ চনত এন.টি.আৰ. পুৰস্কাৰ।
১৯৯৯ চনত পদ্মবিভূষণ বঁটা।
জী চিনে লাইফটাইম এচিভমেণ্ট বঁটা ।
২০০০ চনত আই.আই.এ.এফ লাইফটাইম এচিভমেণ্ট বঁটা ।
২০০১ চনত ষ্টাৰডাষ্ট লাইফটাইম এচিভমেণ্ট বঁটা ।
২০০১ চনত নুৰজাহান বঁটা।
২০০১ চনত মহাৰাষ্ট্ৰ ভূষণ।
ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটাৰ লগতে আৰু বহুতো বঁটা লাভ কৰিছিল।
১৯৭৪ চনত তেওঁ লণ্ডনৰ ৰয়েল এলবাৰ্ট হলত সংগীত প্ৰদৰ্শন কৰা প্ৰথম ভাৰতীয় নেপথ্য গায়িকাসকলৰ ভিতৰত এগৰাকী আছিল লতাজী।
২০২২ চনৰ ৬ ফেব্ৰুৱাৰী তাৰিখে ক’ভিডত আক্ৰান্ত হৈ ৯২ বছৰ বয়সত মৃত্যু হয়।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
News Editor Sangita Dutta Reports R News India 24