শৰতৰ শেৱালী জোপাৰ কি কি ঔষধী গুণ আছে জানে নে ?

Spread the love

শৰৎ মানেই শুভ্ৰতা, স্নিগ্ধতা আৰু শেৱালিৰ মনোমোহা সুবাস।

শেৱালিৰ অবিহনে শৰতৰ সৃষ্টি আধৰুৱা।

শেৱালিক ইংৰাজীত Night-flowering Jasmine বুলি কোৱা হয় আৰু

বৈজ্ঞানিক নাম Nyctanthes arbor-tristis.

লেটিন ভাষাত Nyctanthes ৰ অৰ্থ হ’ল “সন্ধিয়া ফুলা” আৰু arbor-tristis ৰ অৰ্থ হ’ল “বিষণ্ন গছ”

সন্ধিয়া ফুলা আৰু ৰাতিপুৱা সৰি পৰা কাৰণে কেতিয়াবা ইয়াক “tree of sorrow” বা “দুখৰ গছ”-বুলিও কোৱা হয়।

শেৱালি ফুল ভাদ মাহৰ পৰা আঘোণ মাহলৈকে ফুলে ।

শেৱালী গছৰ ফুল আৰু পাত উভয়েই ঔষধি গুণসম্পন্নও।

জানো আহক শেৱালী ফুলৰ ঔষধী গুণ সমূহৰ বিষয়েঃ

ক) শেৱালীৰ কুমলীয়া পাতৰ ৰস মৌজোলৰ লগত খালে জ্বৰ-কাহ ভাল হয় ।

খ) চৰ্দি লাগিলে, মাত ভাগিলে শেৱালি পাতৰ ৰস খালে ভাল হয়।

গ) বাত বিষ বা গাঁঠিৰ বিষ আদিত শেৱালি ফুলৰ পাত অতি উপকাৰী।

ঘ) বদহজম হ’লে , বমি হ’লে শেৱালি ফুলৰ পাতৰ ৰস খালে পাচন ক্ৰিয়াত যথেষ্ট সুফল পোৱা যায়।

ঙ) মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো শেৱালি গছৰ পাত উপকাৰী।

চ) কৃমিৰ সমস্যা থাকিলে শেৱালি ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়।

ছ) শেৱালি ফুল আৰু তাৰ বীজ খিনি চুলিৰ বাবে যথেষ্ট উপকাৰী।

জ) শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ খালে তেজ পৰিষ্কাৰ হয়।

ঝ) কাহ, তনচিলাইটিছ, ফেৰিঞ্জাইটিছ চাইনাচাইটিছ, ব্ৰংকাইটিছ, হাপানী বা এজমা আদি ৰোগত শেৱালি ফুলৰ পাত আৰু ফুল ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

গতিকে, দেৰি নকৰি আহক আজিৰ পৰা শেৱালী ফুল আৰু পাত খাই স্বাস্থ্যটো ভালে ৰাখো।

 

দেহ ভালে থাকিলে মন ভালে থাকে।

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *