অসমৰ বুৰঞ্জী ভিত্তিক উপন্যাস ৰচয়িতা দেবেন্দ্ৰ নাথ আচাৰ্য দেৱৰ জীৱনযাত্ৰাঃ

Spread the love

দেবেন্দ্ৰ নাথ আচাৰ্যঃ

তেখেত জন্ম হৈছিল ১৯৩৭ চনৰ ৩ মাৰ্চত যোৰহাট জিলাৰ গৰখীয়া দ’লত।

তেখেত একাধাৰে অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক আছিল।

পিতৃৰ নাম আছিল নগেন্দ্ৰনাথ আচাৰ্য, আৰু মাতৃৰ নাম জয়ন্তীপ্ৰিয়া দেৱী।

দহ বছৰ বয়সতে তেওঁৰ পিতৃবিয়োগ ঘটাত তেওঁ ডাঙৰজন খুড়াকে তালি তুলি ডাঙৰ দীঘল কৰে।

গৰখীয়া দ’ল বালক প্ৰাথমিক বিদ্যালয়ত তেখেতৰ শিক্ষা জীৱন আৰম্ভ হয়।

তাৰ পাছত তেওঁ জগন্নাথ বৰুৱা আৰ্য বিদ্যালয়ত নাম ভৰ্তি কৰে আৰু ককাক মুক্তিনাথ ঠাকুৰৰ তত্ত্বাৱধানত পঢ়ি এম ই পৰীক্ষাত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰে।

১৯৫৩ চনত যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ১৯৫৫ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা আই এছ ছি উত্তীৰ্ণ হয়।

খড়গপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা বি.টেক. ডিগ্ৰী লৈ আচাৰ্যদেৱে ইম্পেৰিয়েল কলেজ অৱ চাইন্স এণ্ড টেকন’ল’জী ডি আই চি আৰু তাৰ পাছত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা আভিযান্ত্ৰিক বিষয়ৰ স্নাতকোত্তৰ উপাধি লয়।

 

১৯৫৯ চনত আই আই টি খড়গপুৰৰ পৰা সন্মানসহ বি টেক ডিগ্ৰী লাভ কৰে।
১৯৬২ চনত লণ্ডনৰ পৰা D.I.C.
১৯৬৪ চনত লণ্ডনৰ পৰা ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

১৯৬৮ চনত গৱেষণাৰ বাবে আমেৰিকাৰ জইণ্ট কাউন্সিল অৱ ইঞ্জিনিয়াৰিঙৰ পৰা Wason International Medal প্ৰাপ্তি

ফেল’ ইন্সটিটিউট অৱ ইঞ্জিনিয়াৰ্চ ৰ কাৰ্যকৰী সদস্য আৰু এমেৰিকান কংক্ৰিট ইন্সটিটিউট ৰ সদস্য,
এমেৰিকা চচাইটি অৱ চিভিল ইঞ্জিনিয়াৰ্চ ৰ সদস্য আছিল।

১৯৫৯ চনত তেখেত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় ত অধ্যাপকৰ পদত নিযুক্ত হয়।

১৯৬৩-৬৪ চনলৈকে লণ্ডনত চিনিয়ৰ ৰিচাৰ্চ ইঞ্জিনিয়াৰ হিচাপে কাম কৰাৰ পাছত ১৯৬৫ চনত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় ত সহকাৰী অধ্যাপক হিচাপে নিযুক্ত হয়।

১৯৬৮ চনত তেওঁ অসম কাৰিকৰী শিক্ষা সঞ্চালকালয়ত উপ-নিৰ্দেশক হিচাপে কাৰ্যনিৰ্বাহ কৰে।

মৃত্যুৰ সময়ত তেখেত দুলীয়াজানস্থিত অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালকৰ পদত নিযুক্ত হৈ আছিল।

১৯৬৩-৬৪ চনলৈকে লণ্ডনৰ চিমেণ্ট কংক্ৰিট এছোচিয়েচনৰ জ্যেষ্ঠ গৱেষক অভিযন্তা।

১৯৬৫-৬৭ চনলৈকে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় ত চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক।

১৯৫৯-৬১ চনলৈকে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰৱক্তা ।
১৯৬৮-৬৯ চলৈকে উপনিৰ্দেশক, কাৰিকৰী শিক্ষা, অসম।

১৯৬৮-৭১ চনলৈকে অসম গেচ কোম্পানীত ক্ষেত্ৰ প্ৰবন্ধক।

১৯৭১-৭৯ চনত অসম গেচ কোম্পানীত মহা প্ৰবন্ধক ।

১৯৭৯ চনত আমৃত্যু অসম গেচ কোম্পানীত পৰিচালন সঞ্চালক।

অসম বুৰঞ্জীৰ ওপৰত ভিত্তি কৰি তেখেতে কেবাখনো উপন্যাস ৰচনা কৰিছিল।

১৯৭১ চনত “অন্য যুগ অন্য পুৰুষ” উপন্যাসেৰে তেখেতে সাহিত্যিক জীৱনৰ পাতনি মেলে।

এই উপন্যাসত ব্ৰিটিছৰ আগমণত অসমৰ পৰম্পৰাগত সামাজিক পৰিবেশৰ পৰিৱৰ্তন এজন তৃতীয় পুৰুষৰ মুখেৰে বৰ্ণিত হৈছে।

১৯৭৬ চনত প্ৰকাশিত দ্বিতীয় উপন্যাস “কালপুৰুষ“ত মধ্য ১৭শ শতিকাৰ আহোম-শাসিত অসম চিত্ৰিত হৈছে।

তেখেতৰ অন্তিম উপন্যাস “জংগম“ত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানী সৈন্যই ম্যানমাৰ অধিকাৰ কৰোঁতে তাত থকা এচাম ভাৰতীয়ই অসমলৈ কৰা যাত্ৰাৰ কাহিনী বৰ্ণনা কৰা হৈছে।

অন্য গ্ৰন্থসমূহ হৈছে- বেকাৰ নিকেতন, ৰামধেনু কাৰধেনু,
পল্লৱী, কবিতা কবিতা,
এক তাৰিখ, হাতীপটি চিকিমিকি, অন্য যুগ অন্য, পুৰুষ, কালপুৰুষ,
জংগম, ৰক্তৰাগ

১৯৭৯ চনত “কালপুৰুষ” উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদৰ বঁটা

১৯৮৪ চনত “জংগম” উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা

১৯৭২ চনত “ৰামধেনু কাৰধেনু” শিশু পুথিৰ বাবে অসম সাহিত্য সভাৰ প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা লাভ কৰে।

১৯৮১ চনৰ ২৯ ছেপ্টেম্বৰত ৪৪ বছৰ বয়সত তেখেত মৃত্যু হয়।

জীৱনৰ কম সময়ৰ ভিতৰতে অসমীয়া সাহিত্য জগতলৈ যিখিনি অৱদান আগবঢ়াই থৈ গ’ল সেয়া সদায় অতুলনীয় আৰু সদায়েই স্মৰণীয় হৈ থাকিব।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে www.rnewsindia24.com

 

News Editor Sangita Dutta Reports R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *