পুঠিমাছৰ উপকাৰীতা সমূহ আপুনি জানে নে ?

Spread the love

পুঠিমাছ স্বাস্থ্যৰ বাবে উপকাৰী।

মাছ আমি বিবিধ ধৰনে ৰান্ধি খাওঁ।

যেনে- ভাজি, ভাপত দি, পাতত দি, পুৰি মাছৰ সোৱাদ লওঁ।

জুইত পোৰা পুঠি মাছৰ পিটিকা, কলপাতত দিয়া মোৱা, পুঠি বা দনিকনা মাছৰ পিটিকা কণৰ সোৱাদ বাৰু কোনজন অসমীয়াই পাহৰিব পাৰে ?

পুঠি মাছক ভিটামিনৰ ভঁৰাল বুলি কোৱা হয় ।

জানো আহক পুঠি মাছৰ ঔষধী গুন সমূহঃ

ক) পুঠি মাছ মস্তিষ্কৰ বিকাশ আৰু চকুৰ ৰেটিনাৰ বাবে মহৌষধ ।

খ) পুঠি মাছৰ মূৰ খালে মানুহৰ দৃষ্টিশক্তি বৃদ্ধি হয়।

গ) পুঠি মাছ গ্ৰহণী ৰোগ, কোষ্ঠকাঠিন্য, পেটৰ বিভিন্ন ৰোগৰ বাবে উপকাৰী ।

ঘ) মুখৰ ভিতৰত বা কণ্ঠনলীৰ ৰোগ হ’লে পুঠি মাছৰ জোল খাব লাগে।

চ) পুঠি মাছৰ লগত ভেদাইলতা বা মানিমুনিৰ আঞ্জা খালে মানুহৰ যৌনস্পৃহা বৃদ্ধি হয়।

ছ) পুঠি মাছ গ্ৰহণী ৰোগ, কোষ্ঠকাঠিন্য, পেটৰ বিভিন্ন ৰোগৰ বাবে উপকাৰী ।

জ) নিয়মিত পুঠি মাছ আৰু ওমেগা-৩ চৰ্বিযুক্ত এচিড গ্ৰহণে মানসিক চাপ আৰু আত্মহননৰ প্ৰৱণতা দূৰ কৰে।

ঝ) পুঠি খালে হৃদৰোগত বাধা দিব পৰা ক্ষমতা থাকে।

ঞ) পুঠি মাছ ঘিউত ভাজি খালে পুৰুষৰ বীৰ্য বাঢ়ে।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

গতিকে আজিৰ পৰা পুঠি মাছ খাওঁক আৰু স্বাস্থ্য ভালে ৰাখক।

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *