ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰ জীৱনযাত্ৰাঃ

Spread the love

Mahatma Gandhi – মহাত্মা গান্ধী।

গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত।

পিতৃ কৰমচান্দ গান্ধী ১৮২২- ৮৫ চনলৈকে পোৰবন্দৰ ৰাজ্যৰ এজন দেৱান হিচাবে কাথিৱাৰ এজেন্সি নামে ব্ৰিটিছ প্ৰশাসনীয় বিভাগত কাম কৰিছিল।

মাতৃ পুতলীবাই আছিল কৰমচান্দ গান্ধীৰ চতুৰ্থা স্ত্ৰী,
এখেতৰ আগৰ কেইগৰাকীৰ সন্তান জন্মৰ সময়ত মৃত্যু হৈছিল।Mahatma Gandhi

গান্ধীজীৰ সম্পূৰ্ণ নাম হ’ল মোহনদাস কৰমচাঁদ গান্ধী।

গান্ধীজী ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল।

অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথ প্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰিছিল।

তেখেতৰ অহিংস নীতিৰ পন্থাৰ আধাৰত পৰৱৰ্তীকালত পৃথিবীৰ বিভিন্ন স্থানত বিভিন্ন গণ-অধিকাৰ আন্দোলনৰ জন্ম হয়।
তেওঁক ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰদান কৰা সন্মানসূচক ‘মহান আত্মা’ নামেৰেও জনা যায়।

ভাৰতীয় সকলে তেখেতক “জাতিৰ পিতা” আৰু সেয়ে “বাপু” বুলি সম্বোধন কৰে।

তেখেতৰ জন্মদিন ২ অক্টোবৰ দিনটো ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয়।

১৮৮৩ চনত ১৩ বছৰ বয়সত মহাত্মা গান্ধীয়ে পিতৃ-মাতৃৰ পছন্দ অনুসৰি কস্তুৰবা মাখাঞ্জীৰ (কস্তুৰবাই নামেও পৰিচিত আছিল) লগত বিবাহ-পাশত আবদ্ধ হয়।

তেওঁলোকৰ চাৰি গৰাকী পুত্ৰ সন্তান- হৰিলাল গান্ধী. মণিলাল গান্ধী, ৰামদাস গান্ধী আৰু দেৱদাস গান্ধী।

মহাত্মা গান্ধীয়ে শৈশৱত পোৰবন্দৰ আৰু ৰাজকোটত পঢ়া-শুনা কৰিছিল।

ছাত্ৰ হিচাপে তেওঁ মধ্যমীয়া আছিল।

গুজৰাটৰ ভৱনগৰৰ ছামালদাস কলেজৰ পৰা মহাত্মা গান্ধীয়ে সাধাৰণভাৱে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।

কলেজত অধ্যয়ন কালত তেওঁৰ পৰিবাৰৰ ইচ্ছা আছিল তেখেতে বেৰিষ্টাৰীৰ বাবে পঢ়ক।

১৮ বছৰ বয়সত ১৮৮৮ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে বেৰিষ্টাৰি পঢ়াৰ বাবে মহাত্মা গান্ধী লণ্ডনৰ ইউনিভাৰ্ছিটি কলেজলৈ যায়।

১৮৭৫ চনত গঠিত হোৱা থিওছ’ফিকেল ছ’ছাইটিৰ সদস্য আছিল।

তেওঁ হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, ইছলামসহ অন্যান্য ধৰ্ম সম্পৰ্কে আৰু বিভিন্ন ৰীতি-নীতি সম্পৰ্কে অধ্যয়ন কৰিছিল।

১৮৯৩ চনত তেখেতে ‘দাদা আব্দুল্লা এণ্ড কো’ নামৰ দক্ষিণ আফ্ৰিকাৰ ব্ৰিটিছ উপনিবেশ নাটালত অৱস্থিত এক ভাৰতীয় কোম্পানীৰ লগত এবছৰীয়া চুক্তিত স্বাক্ষৰ কৰে আৰু আৰু দক্ষিণ আফ্ৰিকালৈ যায়।

১৮৯৪ চনত গান্ধীয়ে নাটাল ইণ্ডিয়ান কংগ্ৰেছ প্ৰতিষ্ঠা কৰে।

এই সংগঠনে সেই স্থানৰ ভাৰতীয়সকলক ৰাজনৈতিকভাবে সংঘবদ্ধ কৰে।

১৮৯৭ চনৰ জানুৱাৰী মাহত এক সংক্ষিপ্ত ভ্ৰমণ সম্পন্ন কৰি ভাৰতলৈ উভতি অহাৰ পথত শ্বেতাঙ্গসকলৰ এটা গোটে গান্ধীক প্ৰাণে মৰাৰ চেষ্টা কৰে।
গান্ধীয়ে এই গোটৰ বিৰুদ্ধে কোনো অভিযোগ দিয়া নাছিল।

কাৰণ, এজনৰ ব্যক্তিগত ভুলৰ বাবে সমগ্ৰ দলৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাটোক তেওঁ সমৰ্থন নকৰিছিল।

দক্ষিণ আফ্ৰিকাত কৃষ্ণাংগ শাসন আৰম্ভ হোৱাৰ পাছত, মহাত্মা গান্ধীক জাতীয় বীৰ হিচাপে স্বীকৃতি দিয়া হয়।

১৯১৫ চনত মোহনদাস গান্ধী স্থায়ী ভাৱে ভাৰতলৈ উভতি আহে।

এগৰাকী আন্তৰ্জাতিক পৰ্যায়ৰ ভাৰতীয় জাতীয়তাবাদী, সংগঠক আৰু সূত্ৰকাৰ হিচাপে বিপুল সন্মানেৰে তেখেতক আদৰণি জনোৱা হয়।

মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।

তেখেতে আহি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে আৰু ভাৰতৰ সমস্যাসমূহ আৰু প্ৰচলিত ৰাজনীতিৰ বিষয়ে জানিবলৈ পায়।

সেইসময়ত কংগ্ৰেছ দলৰ নেতা গোপাল কৃষ্ণ গোখলে আদিয়ে নৰম পন্থাৰ সমৰ্থন কৰিছিল আৰু ব্যৱস্থাৰ ভিতৰত থাকিয়েই ভাৰতীয়সকলৰ সমস্যাৰ সমাধান আশা কৰিছিল।

গান্ধীয়ে গোখলেৰ উদাৰনীতিৰ পোষকতা কৰে আৰু ইয়াৰ ভিত্তিতে নতুন আৰু সম্পূৰ্ণ ভাৰতীয় স্বৰূপৰ আন্দোলনৰ ভেঁটি গঢ়ি তোলে।

১৯২০ চনত গান্ধী কংগ্ৰেছ দলৰ নেতা নিৰ্বাচিত হয় আৰু ১৯৩০ চনলৈ বিভিন্ন দাবীৰে স্বাধীনতা আন্দোলন আগবঢ়াই নিয়ে।

১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বাধীনতাৰ দাবী তোলে।

১৯৪৭ চনৰ আগষ্ট মাহত ভাৰতৰ ভূ-খণ্ডক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্তান নামেৰে দুখন পৃথক স্বাধীন ৰাষ্ট্ৰৰ গঠন হয়।

দ্বিখণ্ডিত এই ব্যৱস্থাৰ প্ৰতি গান্ধীৰ সন্মতি নাছিল।

গান্ধীয়ে ১৯০৬ চনত জুলু সকলৰ লগত যুদ্ধ আৰু প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণিতে যুদ্ধত সৈনিকৰ পৰিৱৰ্তে সেৱা বিভাগত যোগ দিয়াৰহে পোষকতা কৰিছিল।

১৯১৮ চনৰ আলোচনাত গান্ধীয়ে সৈনিক হিচাপে ভাৰতীয় লোকক যোগ দিয়াৰ কথাটোত মান্তি হৈছিল।

১৯১৯ চনত গান্ধীয়ে নিজৰ স্থিতি সৱল কৰিবলৈ ইছলাম ধৰ্মী লোকসকলৰ খিলাফত আন্দোলনত যোগ দিয়ে।

প্ৰথম বিশ্বযুদ্ধত অট্টোমান সাম্ৰাজ্যৰ পতনৰ পিছত ইছলাম ধৰ্মৰ নেতা ‘খালিফ’ ৰ স্থিতি দুৰ্বল হৈ আহে আৰু ইয়াৰ লগতে গোটেই পৃথিৱীৰ মুছলমান সকলে নিজৰ পৱিত্ৰ স্থানসমূহৰ নিৰাপত্তা আশা কৰি খিলাফত আন্দোলন গঢ়ি তুলিছিল।

১৯২০ চনত মহাত্মা গান্ধী কংগ্ৰেছৰ নেতা মনোনীত হয় আৰু ১৯২২ চনত খিলাফত আন্দোলনৰ অন্ত পৰে।

১৯২১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা হিচাবে তেখেতে দৰিদ্ৰতা নিবাৰণ, নাৰীৰ সম অধিকাৰ, অস্পৃশ্যতা বৰ্জন, আৰ্থিক স্বাৱলম্বিতা গঢ়ি তোলা আদিৰ দাবীত, বিশেষকৈ স্বৰাজ অৰ্থাৎ ভাৰতৰ বিদেশী শাসনৰ পৰা মুক্ত কৰা ইত্যাদি দাবীৰে দেশজোৰা গণ আন্দোলনৰ সূচনা কৰে।

 

১৯২০ চনত কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পাছত গান্ধীয়ে ব্ৰিটিছ ৰাজৰ বিৰূদ্ধে সংগ্ৰাম আৰম্ভ কৰে।

এই সংগ্ৰামত তেখেতে ‘অস্ত্ৰ’ হিচাপে লৈছিল অসহযোগ, অহিংসা আৰু শান্তিপূৰ্ণ প্ৰতিবাদক।

জালিয়ানৱালাবাগ আৰু ইয়াৰ প্ৰতিক্ৰিয়াত হোৱা সংৰ্ঘষলৈ চাই গান্ধীয়ে পূৰ্ণ স্বায়ত্ত্ব-শাসন আৰু সকলো চৰকাৰী প্ৰতিষ্ঠানৰ পূৰ্ণ নিয়ন্ত্ৰণৰ প্ৰতি মনোনিবেশ কৰে।

স্বৰাজৰ দ্বাৰা গান্ধীয়ে ‘সম্পূৰ্ণ ব্যক্তিগত, আধ্যত্মিক আৰু ৰাজনৈতিক স্বাধীনতা’ৰ দাবী তুলিছিল।

এই সময়তে গান্ধীয়ে নিজকে ‘গোঁড়া পন্থী হিন্দু’ বুলি উল্লেখ কৰিছিল ।

গান্ধীয়ে ১২ মাৰ্চৰপৰা ৬ এপ্ৰিললৈকে দাণ্ডী যাত্ৰা কৰে।

গান্ধীয়ে নাৰীৰ বিৰূদ্ধে প্ৰচলিত সংস্কাৰ পৰ্দা প্ৰথা, বাল্য বিবাহ, অস্পৃশ্যতা আৰু সতীদাহৰ বিৰোধ কৰিছিল।

লোণ সত্যাগ্ৰহ আৰু বিদেশী দ্ৰৱ্য বৰ্জন আন্দোলনৰ বাবে তেওঁ মহিলা কৰ্মী নিয়োগ কৰিছিল।

মহাত্মা গান্ধীৰ এই মতবাদে ভাৰতীয় নাৰীসকলৰ মনত আত্মসন্মানবোধ জগাই তোলাৰ লগতে ভাৰতীয় সমাজৰ মুখ্য ধাৰাত নাৰীক সন্মানীয় স্থান দিছিল।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

১৯৩১ চনত গান্ধী–আৰউইন চুক্তি সম্পাদিত হয়।

এই চুক্তি মৰ্মে ব্ৰিটিছ চৰকাৰে আইন অমান্য আন্দোলন বন্ধ কৰাৰ বিনিময়ৰ সকলো ৰাজনৈতিক বন্দীকে মুকলি কৰি দিবলৈ সন্মত হয়।

এই চুক্তিৰ আধাৰতে মহাত্মা গান্ধীক লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেজমেললৈ আমন্ত্ৰণ কৰা হয়।

এই মেলত মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি আছিল।

১৯৩৯ চনত আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধত মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ প্ৰতি প্ৰথমে “অহিংস নৈতিক সমৰ্থন” আগবঢ়াইছিল।

“সত্য, অহিংসা আৰু অস্পৃশ্যতা বৰ্জন” তেখেতৰ জীৱনৰ মূল মন্ত্ৰ আছিল।

১৯৪৪ চনৰ ২২ ফেব্ৰুৱাৰীত মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা গান্ধীৰো মৃত্যু হয়।

দেশ বিভাজনৰ নীতিৰ প্ৰতি মহাত্মা গান্ধীয়ে বিৰোধিতা কৰিছিল কাৰণ ই তেখেতে বিচৰা ধৰ্মীয় অখণ্ডতাৰ দৰ্শনৰ বিপৰীত আছিল।

মহাত্মা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছৰ ভাৰত ত্যাগৰ বাবে দাবী তুলি আন্দোলন কৰা কালতে মুছলীম লীগে ১৯৪৩ চনত ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰি ভাৰত ত্যাগ কৰাৰ বাবে দাবী তোলে।

মহাত্মা গান্ধীয়ে মধ্যৱৰ্তী পথ এটা সৃষ্টি কৰি কংগ্ৰেছ আৰু মুছলীম লীগক সংঘবদ্ধ হৈ এখন সাময়িক চৰকাৰ গঠন কৰাৰ বাবে প্ৰস্তাৱ দিয়ে।

সত্য অনুসন্ধানৰ উদ্দেশ্যত গান্ধীয়ে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

তেওঁ নিজে কৰা ভুলৰপৰা শিক্ষা লৈ আৰু নিজৰ ওপৰতে পৰীক্ষা-নিৰীক্ষা চলাই সত্য অনুসন্ধানৰ প্ৰয়াস কৰিছিল।

তেওঁৰ আত্মজীৱনীখনৰ নাম হ’ল – মোৰ সত্য অন্বেষণৰ কাহিনী ।

গান্ধীয়ে তেওঁৰ জীৱনীত কৈছে- “যেতিয়া মই হতাশ হওঁ, তেতিয়া মই স্মৰণ কৰোঁ যে সমগ্ৰ ইতিহাসত সত্য আৰু ভালৰ জয় হৈ আহিছে।

দুঃশাসক আৰু হত্যাকাৰীসকল কোনো সময়ত অপৰাজেয় হ’লেও অৱশেষত তেওঁলোকৰ পতন ঘটে আৰু এই কথা সদায় মনত ৰখা উচিত।”

গান্ধীৰ মতে ব্ৰহ্মচৰ্যৰ অৰ্থ – “চিন্তা, বাক্য আৰু কৰ্মৰ নিয়ন্ত্ৰণ।”

গান্ধী আছিল এজন বহুমুখী লেখক আৰু সম্পাদক।

বহুবছৰ ধৰি তেওঁ গুজৰাটী, হিন্দী আৰু ইংৰাজী ভাষাত প্ৰকাশিত প্ৰত্ৰিকা “হৰিজন” সম্পাদনা কৰিছিল।

ইয়াৰ উপৰিও তেওঁ দক্ষিণ আফ্ৰিকাত থকা সময়ত “ইণ্ডিয়ান অপিনিয়ন” আৰু স্বদেশত থকাকালত “ইয়ং ইণ্ডিয়া” নামৰ দুখন ইংৰাজী কাকত সম্পাদনা কৰিছিল।

গান্ধীৰ বহুকেইখন কিতাপ প্ৰকাশিত হৈছে।

ইয়াৰ ভিতৰত উল্লেখযোগ্য গ্ৰন্থ কেইখন- Satyagraha in South Africa, হিন্দ স্বৰাজ, Unto This Last.

গান্ধীজীৰ ওপৰত লিখা আনসমূহ গ্ৰন্থ হ’ল- বাপু, গান্ধী দ্য মেন, গান্ধী, ফাইটাৰ ৱিদাউট আ চৰ্ড, দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী আদি।

গান্ধীৰ জীৱনৰ আধাৰত বহুতো চলচ্চিত্ৰ নিৰ্মান হৈছে।

তাৰ ভিতৰত ৰিচাৰ্ড এটেনবৰ’ পৰিচালিত ১৯৮২ চনৰ ‘গান্ধী’ উল্লেখযোগ্য।

গান্ধীৰ প্ৰাৰম্ভিক জীৱনৰ ওপৰত আধাৰিত ‘দ্য মেকিং অৱ দ্য মহাত্মা’ আন এখন চলচ্চিত্ৰ।

২০০৬ চনত মুক্তি লাভ কৰা হিন্দী ছবি ‘লাগে ৰহো মুন্না ভাই’ত গান্ধীবাদৰ মতবাদ বা গান্ধীগিৰিৰ ব্যৱহাৰ জনপ্ৰিয় হৈ পৰিছিল।

১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গডছে গান্ধীক গুলিয়াই হত্যা কৰে।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

ধন্যবাদ।
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

 

News Editor Sangita Dutta Reports R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *