৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com October 2/2022:-

1. আজি লখিমপুৰ জিলাৰ প্ৰতিষ্ঠা দিৱস।
লখিমপুৰৰ ত্যাগক্ষেত্রত দিন জোৰা কাৰ্যসূচীৰে সোনালী জয়ন্তী বর্ষ উদযাপন কৰিলে জিলা প্ৰশাসনে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকা।

2. ক’ব নোৱাৰিব ‘হেল্ল’।
ফোন ৰিছিভ কৰিয়েই হেল্ল’ৰ পৰিৱৰ্তে ক’ব লাগিব বন্দে মাতৰম।
এই নিয়ম আনিছে মহাৰাষ্ট্ৰৰ চৰকাৰে।
স্বাধীনতাৰ অমৃত মহোৎসৱৰ প্ৰতি সংগতি ৰাখি ১৮ অক্টোবৰৰ পৰা বলবৎ হব এই নিয়ম।

3. আজি মহাসপ্তমী ৷
দূৰ্গতি নাশিনী দেৱী দুৰ্গাৰ বন্দনাত মুখৰিত হৈছে সমগ্ৰ ৰাজ্য।

4. ঘটনাস্থলীৰ সমীপতে সন্ধানহীন চক্র বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

5. ইণ্ডোনেছিয়াত এটা ষ্টেডিয়ামৰ ভিতৰত প্ৰচণ্ড মাৰ-পিট ।
এটা দলৰ সমৰ্থকে প্ৰহাৰ কৰিছে আন এটা দলৰ সমৰ্থকক।
আক্ৰমণত ১২৭ জনৰ মৃত্যু, ২ শতাধিক আহত।

6. শাৰদীয় দুৰ্গাপূজাৰ মহাসপ্তমীৰ দিনটোতে বৈদ্যুতিন সংবাদ মাধ্যম প্ৰাগ নিউজৰ উলুবাৰীস্থিত কাৰ্যালয়ত এছ এন গ্ৰুপৰ মুৰব্বী ড° সঞ্জীৱ নাৰায়ণৰ ক’ৰ্প’ৰেট কাৰ্যালয়টি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

7. আদৰ্শৰ সংঘাত হোৱাৰ বাবেই গান্ধীক তেওঁলোকে হত্যা কৰিলে।
মন্তব্য- ৰাহুল গান্ধীৰ।

8. আজি ১৫৩ সংখ্যক গান্ধী জয়ন্তী।
দেশজুৰি জাতিৰ পিতাক স্মৰণ কৰিছে।
গান্ধী মণ্ডপত গান্ধী জয়ন্তীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

9. টচত জিকি প্ৰথমে ব’লিং কৰাৰ সিদ্ধান্ত দক্ষিণ আফ্ৰিকাৰ ।
কিছুসময় পিছতেই বৰ্ষাপাৰাত আৰম্ভ হৈছে ভাৰত-দক্ষিণ আফ্ৰিকাৰ হাইভল্টেজ মেচ।
হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগীৰে ভৰি পৰিছে ষ্টেডিয়াম।

10. কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত গান্ধী জয়ন্তীৰ বিশেষ অনুষ্ঠান। গান্ধীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰিলে মন্ত্ৰী গৰাকীয়ে।

11. শিৱসাগৰত দেৱী দৌলত এইবাৰ পালন কৰা হৈছে ২৮৯ সংখ্যক দুৰ্গাপূজা।
আশিস ল’লে শিৱসাগৰ ধাই আলিৰ মুছলমান দৌলা পৰিয়ালে।

12. গান্ধী জয়ন্তীৰ দিনটোতে পৰ্যটকৰ বাবে মুকলি হ’ল মানস ৰাষ্ট্ৰীয় উদ্যান ।
বিগত বৰ্ষত এক কোটি পাঁচ লাখ টকা আয়ৰ পিছত এইবাৰ দুগুণ আয়ৰ আশা।

13. অসম গণ পৰিষদ দলৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন ।
নামনি অসমৰ ৪০ খন বিধানসভা সমষ্টিত স্থিতি শক্তিশালীকৰণৰ পণ।
লাইখুঁটা স্থাপন কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে ৷

14. ১৩ দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে নলবাৰী হৰি মন্দিৰত অনুষ্ঠিত হ’ব ৮৯ সংখ্যক ৰাস মহোৎসৱ।
ৰাস মহোৎসৱক লৈ নতুন সংযোজন আৰু চমক সৃষ্টিৰ পৰিকল্পনা ৰাস মহোৎসৱৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ।

15. মূল্যবৃদ্ধি ক’ত নহয়, পৃথিৱীৰ সকলোতে হয় মূল্যবৃদ্ধি।
মন্তব্য কৰে বিশ্বজিৎ দৈমাৰীএ।

16. পূজাৰ বজাৰত ব্যৱসায়ীৰ ৰূপত বিধায়ক মৃণাল শইকীয়া।
নানা প্ৰজাতিৰ ফল ফুলৰ পুলিৰে পূজাত বিপনী খুলিছে বিধায়ক গৰাকীয়ে।

17. বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মেচ।
মেচ উপভোগৰ বাবে সোঁত বৈছে মহানগৰীলৈ।

18. কাজিৰঙাৰ কঁহৰা বাৰোৱাৰী পূজা মণ্ডপত মা দুৰ্গাৰ আশীষ ল’লে মন্ত্ৰী অতুল বৰাই।

19. খেলৰ মাজতেই বৰ্ষাপাৰত ষ্টেডিয়ামত ওলাল সাপ।
প্ৰকাণ্ড সাপ দেখি হতভম্ব খেলুৱৈ।
কিছু সময়ৰ বাবে স্থগিত হয় খেল ।

19. “তেওঁলোকে দেশৰ ল’ৰা- ছোৱালীক মজদুৰ হোৱাতো বিচাৰে আৰু মই আপোনালোকৰ ল’ৰা-ছোৱালীক ডাক্তৰ , ইঞ্জিনিয়াৰ বনাব বিচাৰো।
মই গুণ্ডাগিৰি কৰিব নাজানো, মই পঢ়া লিখা কৰা ব্যক্তি”।
মন্তব্য কৰে অৰবিন্দ কেজৰিৱালে।

20. লাইট বন্ধ হৈ পৰাৰ বাবে স্তব্ধ হৈ পৰিল বৰ্ষাপাৰাত অনুষ্ঠিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেল।
পুনৰ আৰম্ভ হৈছে খেলখন ।

 

Visit Our Website www.rnewsindia24.com

Thank you.

Leave a Reply

Your email address will not be published. Required fields are marked *