গণবন্ধু শশী শৰ্মা দেৱৰ জীৱনযাত্ৰাঃ
শশী শৰ্মাৰ জন্ম হৈছিল ১৯৩০ চনৰ ৩ অক্টোবৰত নলবাৰী জিলাৰ জানিযোগ গাঁৱৰ কৰৈবাৰীত ।
তেখেত একধাৰে শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, সমালোচক, বুদ্ধিজীৱী তথা নতুন দিনৰ স্বপ্নলিপিকাৰ আছিল।
পিতৃৰ নাম আছিল সৰ্বানন্দ শৰ্মা আৰু মাতৃ আছিল লক্ষ্মী দেৱী।
শৰ্মা দেৱৰ পত্নীৰ নাম আছিল বীনাপানি দেৱী।
তেখেতে প্ৰথমে শিক্ষা গ্ৰহন কৰে অময়াপুৰ মজলীয়া বিদ্যালয়ত।
ইয়াৰ পিছত ১৯৪৪ চনত তেওঁ নলবাৰীৰ গৰ্ডন স্কুলত নামভৰ্তি কৰে আৰু সেইখন শিক্ষানুষ্ঠানৰ পৰাই ১৯৫০ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু
দুটাকৈ বিষয়ত লেটাৰ নম্বৰ পাইছিল।
নলবাৰী মহাবিদ্যালয়ৰ পৰা ১৯৫৪ চনত তেওঁ অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।
১৯৫৭ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
শৰ্মা দেৱে শিক্ষকতা কৰা বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ হৈছে –
১৯৫০ চনত অময়াপুৰ এম ই স্কুলত।
১৯৫৪ চনত চান্দকুছি পাব্লিক হাইস্কুলত।
১৯৫৫ – ৫৬ লৈকে টংলা হাইস্কুলত।
১৯৫৬- ৫৭ চনলৈকে দেৱীৰাম পাঠশালা হাইস্কুলত।
১৯৫৮ চনত বৰহাট হাইস্কুলত।
১৯৫৮ – ৫৯ লৈকে অভয়াপুৰী মহাবিদ্যালয়ত।
১৯৫৯ – ৬১ চনলৈকে ডিগবৈ মহাবিদ্যালয়ত।
১৯৬১ চনত নলবাৰী মহাবিদ্যালয়ত।
১৯৫২ চনত ইয়ং ছ’চিয়েলিষ্ট লীগৰ সদস্য পদ গ্ৰহণ কৰে। ১৯৫৩ চনত প্ৰজা ছ’চিয়েলিষ্ট দলত যোগদান কৰে।
১৯৬৩ চনত তেওঁ প্ৰজা ছ’চিয়েলিষ্ট দল ত্যাগ কৰে আৰু মাৰ্ক্সবাদী দৰ্শনৰ সৈতে সম্পৰ্ক স্থাপন কৰে।
১৯৭৮ চনত তেওঁ মাৰ্ক্সবাদী কমিউনিষ্ট দলৰ সদস্য হয়।
তেখেত অসম সাহিত্য সভাৰ সৈতেও ঘনিষ্ঠতা আছিল। ১৯৬৫ চনত অসম সাহিত্য সভাৰ নলবাৰী অধিৱেশনত তেওঁ অংশগ্ৰহণ কৰে আৰু সাহিত্য সভাৰ ৰাজ্যিক সদস্যলৈ মনোনীত হয়।
ইয়াৰ উপৰিও পুঠিমাৰী সাহিত্য সভা, তামোলপুৰ সাহিত্য সভা, সেউজী সাহিত্য কানন, বৰপেটাৰোড সাহিত্য সভা, হাউলী সাহিত্য সভা, লক্ষ্মীপুৰ সাহিত্য সভা, দুধনৈ সাহিত্য সভা স্থাপনত শশী শৰ্মাই উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।
১৯৬৬ চনত সাহিত্য সভাৰ লখিমপুৰ অধিৱেশনত তেওঁ পুনৰ সৰ্বসন্মতভাৱে সদস্যৰ মনোনয়ন পাইছিল।
১৯৫৫ চনত তেখেতে প্ৰথম দীনেশ চন্দ্ৰ মিশ্ৰৰ জীৱনীগ্ৰন্থ এখন লিখিছিল।
তেখেতে ১০০ খনৰো অধিক মূল্যবান গ্ৰন্থ লিখি থৈ গৈছে।
তেখেতৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ সমূহ হৈছে –
ধৰ্ম আৰু সমাজ, অসমৰ লোকসাহিত্য, অসমৰ হিন্দু–মুছলমানৰ সাংস্কৃতিক সম্পৰ্ক, বিজু, মানুহৰ পৃথিৱী,
ধৰ্ম আৰু সমাজ, অন্তিমৰ কথা, ৰসৰাজ বেজবৰুৱা জীৱন আৰু কৃতি,
আধুনিক অসমীয়া সমাজ বিৱৰ্তনত সাহিত্যিকৰ ভূমিকা,
সংখ্যালঘু সমস্যা সমাধানৰ গতিপথ ইত্যাদি।
গৱেষণা গ্ৰন্থ কেইখন হৈছে – নলবাৰী আৰু সাহিত্য-সংস্কৃতি, সাহিত্য আৰু সৃষ্টি, হেম বৰুৱা উন্নতি-অৱনতি, ফেচীবাদ বনাম বাম গণতান্ত্ৰিক মৰ্চা,
সাহিত্যত বাস্তৱৰ স্বপ্ন,
সাহিত্যত বিৱৰ্তন,
কাৰ্লমাৰ্ক্স আদি।
সম্পাদিত গ্ৰন্থ কেইখন হৈছে –
চোৰধৰা আৰু পিম্পৰা গুচোৱা নাট, হেমাংগ বিশ্বাসঃ জীৱন আৰ কৃতি, শংকৰ গুৰু আমাৰে, আমাৰ বেজবৰুৱা
আমাৰ ৰাভা, পণ্ডিত হেমচন্দ্ৰ গোস্বামী, বহুভাষিক অভিধান আদি।
তেখেতে লাভ কৰা সন্মান আৰু বটা সমূহ হৈছে –
১৯৬৮ চনত “মেক্সিম গৰ্কী” গ্ৰন্থৰ বাবে “ছোভিয়েট দেশ নেহৰু বঁটা”।
১৯৯৫ চনত “অসমৰ লোকসাহিত্য” গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ “সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা”।
১৯৯৯ চনত অসমৰ সাধুকথা গ্ৰন্থৰ বাবে গুৱাহাটী সাহিত্য কাননৰ পৰা “ৰেৱনাথ শৰ্মা বঁটা”।
২০০২ চনত “কলাগুৰু বিষ্ণু ৰাভা বঁটা”।
২০০৬ চনত নতুন সাহিত্য পৰিষদৰ নলবাৰী জিলাৰ প্ৰথমখন সন্মিলনত “গণবন্ধু” উপাধি প্ৰদান কৰে।
২০০৯ চনত নলবাৰী মহোত্সৱত “জীৱন জোৰা সাহিত্য সেৱা বঁটা” লাভ কৰে।
শৰ্মা দেৱে অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সদায় চিৰস্মৰণীয় হৈ থাকিব।
২০২০ চনৰ ২৮ জানুৱাৰীত তেখেত মৃত্যু হয়।
ধন্যবাদ।
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
News Editor Sangita Dutta Reports R News India 24